Assameseকোনো জুবিন অনুৰাগীয়ে এইবাৰ বিজেপিক ভোট নিদিয়ে বুলি মন্তব্য ৰাজেন গোহাঁইৰৰাজ্যৰ ৰাজনীতি তোলপাৰ লগোৱা ডাঙৰ অভিযোগ ৰাজেন গোহাঁইৰ। ‘অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে বিজেপি’। বিজেপি ত্যাগ কৰিয়েই এই মন্তব্য বিজেপিৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰীগৰাকীৰ ।Anindita Kataki Oct 09, 2025 17:33 ISTঅৰুণোদয়ৰ ধন পোৱা মহিলায়ো ভোট নিদিয়ে হিমন্ত বিশ্ব শৰ্মাক: ৰাজেন গোহাঁই Photograph: (file photo)বিজেপিৰ পৰা চাৰিবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা ৰাজেন গোহাঁইৰ বিজেপি ত্যাগৰ পাছতেই কেইবাটাও বিস্ফোৰক মন্তব্য। ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগোৱা ডাঙৰ অভিযোগ ৰাজেন গোহাঁইৰ। ‘অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে বিজেপি’। বিজেপি ত্যাগ কৰিয়েই এই মন্তব্য বিজেপিৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰীগৰাকীৰ । দীৰ্ঘদিন ধৰি বিজেপিক লৈ অসন্তুষ্টি প্ৰকাশ কৰি আহিছিল জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে। অৱশেষত বশিষ্ঠস্থিত বাজপেয়ী ভৱনলৈ আহি দল ত্যাগৰ পত্ৰ প্ৰদান কৰে ৰাজেন গোহাঁইয়ে।Advertismentদল ত্যাগ কৰিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ সৰৱ ৰাজেন গোহাঁই। ‘সকলো দিশতে বিফল হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা’। ‘হিমন্ত বিশ্ব শৰ্মাই ভাৱিছে অৰুণোদয় দি মই ভোট লাভ কৰিম’। ‘কিন্তু অৰুণোদয় লাভ কৰা এগৰাকী মহিলাও বিজেপিক ভোট নিদিয়ে’। ‘বিজেপিত যি পৰিৱেশ পৰিস্থিতি দেখা পাইছো, আমাৰ পুৰণা মানুহখিনি যিয়ে জীৱনৰ সোণালী দিনবোৰ এই দলটোত পাৰ কৰিছিলো’। ‘সেইসকল ব্যক্তিক ৰক্ষণাবেক্ষণ দিবলৈ আজি কোনো নাই’। ‘বাহিৰৰ দলৰ পৰা অহা মানুহে আমাক যেনেকৈ ইচ্ছা তেনেকৈ ব্যৱহাৰ কৰে’। ‘যিসকলৰ নেতৃত্বত আমি দল কৰিছিলো সেইসকলেও আমাক কোনো সুৰক্ষা নিদিয়ে’। ‘সেই ভাৱিয়ে মই বিজেপি ত্যাগ কৰিলো’।<blockquote class="twitter-tweet" data-media-max-width="560"><p lang="bn" dir="ltr">‘অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে বিজেপি’। ‘সকলো দিশতে বিফল হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা’। বিজেপি ত্যাগ কৰিয়েই ৰাজেন গোহাঁইৰ বিস্ফোৰক মন্তব্য। <a href="https://t.co/iAdKxw2eC5">pic.twitter.com/iAdKxw2eC5</a></p>— DY365 (@DY365) <a href="https://twitter.com/DY365/status/1976247193557401680?ref_src=twsrc%5Etfw">October 9, 2025</a></blockquote> <script async src="https://platform.twitter.com/widgets.js" charset="utf-8"></script>কোনো জুবিন অনুৰাগীয়েও এইবাৰ বিজেপিক ভোট নিদিয়ে বুলি মন্তব্য ৰাজেন গোহাঁইৰ। ন বিজেপিৰ বিৰুদ্ধেও ক্ষোভ উজাৰিলে ৰাজেন গোহাঁইয়ে। ‘আন দলৰ পৰা অহাসকলে আমাক যেনেকৈ তেনেকৈ ব্যৱহাৰ কৰে’ আৰু ‘দলত পুৰণি নেতা-কৰ্মীক কোনেও সুৰক্ষা নিদিয়ে’ বুলি অভিযোগ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইৰ। ৰাজেন গোহাঁই বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি আছিল লগতে মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত ৰে’ল ৰাজ্যিক মন্ত্ৰী আছিল ৰাজেন গোহাঁই। AdvertismentAdvertisment Read the Next Article