"চলিত বৰ্ষত মাৰ্চ সংঘটিত এক ভয়াৱহ হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ। স্বামীক হত্যা। যি ঘটনাই জোকাৰি গৈছিল দেশ। উত্তৰ প্ৰদেশৰ মেৰুটত সংঘটিত হৈছিল সেই ভংয়কৰ কাণ্ড। মুস্কান নামৰ এগৰাগী মহিলাই প্ৰেমিক চাহিলৰ সৈতে ষড়যন্ত্ৰ কৰি হত্যা কৰিছিল স্বামীক। মুস্কানৰ স্বামী সৌৰভ ৰাজপুত আছিল এজন প্ৰাক্তন নেভী বিষয়া। স্বামী হত্যাৰ অভিযোগত প্ৰেমিকসহ গ্ৰেপ্তাৰ হৈছিল মুস্কান। স্বামীক হত্যা কৰি এটা ড্ৰামত লুকুৱাই ৰাখিছিল মুস্কানে। আৰু সেই কথা পোহৰলৈ আনিছিল ৬ বছৰীয়া নিজ সন্তানে। বৰ্তমান জে'লত আছে স্বামী হত্যাকাৰী মুস্কান।Advertisment also read: কোনো জুবিন অনুৰাগীয়ে এইবাৰ বিজেপিক ভোট নিদিয়ে বুলি মন্তব্য ৰাজেন গোহাঁইৰ জে'লত থাকিয়েই নৱৰাত্ৰীৰ ব্ৰতৰ পিছত এইবাৰ কৰৱা চৌথৰ ব্ৰত ৰখাৰ সিদ্ধান্ত লৈছে মুস্কানে। খবৰ অনুসৰি ৬ মাহৰ অন্তঃসত্ত্বা মুস্কানে প্ৰেমিক চাহিলৰ বাবে কৰৱা চৌথৰ ব্ৰত ৰখাৰ ইচ্ছা প্ৰকাশ কৰিছে। সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি মেৰুটৰ কাৰাগাৰৰ ৮২ গৰাকী মহিলাই এই ব্ৰত ৰখাৰ ইচ্ছা প্ৰকাশ কৰিছে। আৰু সেই তালিকাত নাম আছে মুস্কানৰো। কিন্তু এইক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে মুস্কান। কাৰাগাৰ কৰ্তৃপক্ষৰ মতে কৰৱা চৌথৰ ব্ৰত পত্নীয়েহে স্বামীৰ বাবে ৰাখে। কিন্তু মুস্কান আৰু চাহিল স্বামী-স্ত্ৰী নহয়, প্ৰেমিক-প্ৰেমিকাহে। কৰৱা চৌথৰ ব্ৰত ভাঙিবলৈ যিহেতু স্বামী অহাটো প্ৰয়োজন, কিন্তু চাহিল মুস্কানৰ স্বামী নহয় বাবে ব্ৰত ভাঙিবলৈ মুস্কানৰ সন্মুখলৈ চাহিলক অনাটো নিয়মৰ বাহিৰত। কিয়নো স্বামী-স্ত্ৰীৰ হ'লেহে জে'ল কতৃপক্ষই কৰৱা চৌথৰ বাবে স্বামী-স্ত্ৰীক সেই দিনটোত সন্মুখলৈ আনিব পাৰে। also read: চিলিণ্ডাৰ ভৰ্তি ট্ৰাকত প্ৰচণ্ড খুন্দা টেংকাৰৰ, তাৰপিছত কি হ'ল? বিয়াৰ পূৰ্বে মুস্কানে ৯ দিনীয়া নৱৰাত্ৰীৰ ব্ৰতো পালন কৰিছিল। জে'ল কৰ্তৃপক্ষৰ মতে মুস্কানে নৱৰাত্ৰীৰ সময়ত ৰামায়ণ পাঠ কৰিছিল। মুস্কানে বিশ্বাস কৰে যে ঈশ্বৰৰ প্ৰতি থকা তেওঁৰ ভক্তিয়ে অতি সোনকালে স্বামীহন্তা মুস্কানক মুকলি আকাশৰ তললৈ আনিব। also read: জনজাতিকৰণৰ দাবীত কঁপিছে তিনিচুকীয়া,ৰাজপথত লাখ লাখ প্ৰতিবাদকাৰী... "