"কোলাত উঠি "ৰৈ ৰৈ বিনালে" চাবলৈ আহিল এগৰাকী আইতা কোলাত উঠি "ৰৈ ৰৈ বিনালে" চাবলৈ আহিল এগৰাকী আইতা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন ছবি উপভোগ কৰি হিয়া ঢাকুৰি কান্দিলে আইতাগৰাকীয়ে। "ৰৈ ৰৈ বিনালে" উপভোগ কৰি আইতাই ক'লে চিনেমাখন ভাল হৈছে কিন্তু দুখ লাগিছে। Advertisment বুজাব নোৱৰা দুখ এটাই আজি আকৌ কন্দুৱাইছে অসমীয়াক। জুবিন গাৰ্গে বিচৰা ধৰণেই হিল-দল ভাঙি সকলো আহিছে অসমীয়া চিনেমা ৰৈ ৰৈ বিনালে চাবলৈ। চিনেমাখন চাই কান্দি কান্দি ছবিগৃহৰ পৰা ওলাই আহিছে প্ৰতিজন দৰ্শক। প্ৰতিজনৰে চকুত কেৱল চকুলো। অসমৰ প্ৰান্তে প্ৰান্তে "ৰৈ ৰৈ বিনালে" হৈ পৰিছে এক আৱেগ, এক আন্দোলন। দোকমোকালিতে ইতিহাস সৃষ্টি কৰি শুভমুক্তি পালে "ৰৈ ৰৈ বিনালে"। অভিলেখ গঢ়ি পুৱা ৪ বাজি ২৫ মিনিটত গুৱাহাটীৰ মেট্ৰিক্স হলত আৰম্ভ হৈছিল ৰৈ ৰৈ বিনালেৰ প্ৰথমটো দৰ্শনী। প্ৰতিজন অসমীয়াৰ মুখে মুখে এতিয়া কেৱল 'ৰৈ ৰৈ বিনালে'। ৰাজ্যৰ ৯৪খন SCREENত প্ৰদৰ্শন হ'ব "ৰৈ ৰৈ বিনালে"ৰ ৪৫৬টা দৰ্শনী। শিশুৰ পৰা বৃদ্ধালৈকে সকলোৰে মুখে মুখে এতিয়া "ৰৈ ৰৈ বিনালে"। জুবিন গাৰ্গ যে সকলোৰে মৰমৰ আছিল, অসমৰ প্ৰতিটো পৰিয়ালৰ সদস্য আছিল সেই কথা আজি বুজাই দিলে অসমীয়াই। গুৱাহাটীৰ এটা হললৈ আইতাকৰ সৈতে প্ৰথমবাৰৰ বাবে চিনেমা চাবলৈ আহিল এটি কণমানি। ৰৈ ৰৈ বিনালে চাই কণমানিয়ে 'মায়াৱিনী ৰাতিৰ বুকুত...' গাই কলে- 'জয় জুবিনদা, এইখন মোৰ প্ৰথম চিনেমা'। ৰৈ ৰৈ বিনালে চাবলৈ ছবিগৃহলৈ আহিল বৃদ্ধাশ্ৰমৰ ২১৬গৰাকী ককা-আইতাও। প্ৰথম দিনাৰ দৰ্শনী উপভোগ কৰি আৱেগিক হৈ পৰিল বৃদ্ধাশ্ৰমৰ ককা-আইতাও। আনে কৰিব নোৱাৰা কাম কৰি দেখুৱালে জুবিন গাৰ্গে, সেইবাবে জুবিন আছিল একক, অনন্য। অসমৰে নহয়, ভাৰতবৰ্ষৰ চিনেমা জগতত এক নতুন অভিলেখ সৃষ্টি কৰি পুৱা ৪.২৫ বজাৰ পৰাই আৰম্ভ হ'ল ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী। জুবিন গাৰ্গে কৈ যোৱাৰ দৰে অসমত এতিয়া কেৱল চলিছে অসমীয়া চিনেমা , একপ্ৰকাৰ ৰাজ্যৰ চিনেমা হলত এতিয়া অসমীয়াগিৰি। "