Assameseহৃদয়বিদাৰক! শুই থকা অৱস্থাতেই এটা পৰিয়ালৰ সৈতে ভয়ানক ঘটনাচাৰি মহলীয়া অট্টালিকাটোৰ প্ৰথম মহলাত সংঘটিত হোৱা এই বিস্ফোৰণত ধোৱাময় হৈ পৰিছিল অট্টালিকাটো। ধোঁৱাই আৱৰি পেলাইছিল শচীন কাপুৰৰ পৰিয়াল শুই থকা মহলাটোও ।Anindita Kataki Sep 08, 2025 16:19 ISTশুই থকা অৱস্থাতেই এটা পৰিয়ালৰ সৈতে ভয়ানক ঘটনা Photograph: (file photo)শুই থকা অৱস্থাতেই এটা পৰিয়ালৰ লগত সংঘটিত হ'ল ভয়ংকৰ ঘটনা। হাৰিয়ানাৰ ফৰিদাবাদত শচীন কাপুৰ নামৰ এজন লোকৰ পৰিয়ালৰ সৈতে সংঘটিত এক শোকাৱহ ঘটনা। নিজৰ পত্নী আৰু দুই সন্তানৰ লগত নিশাৰ আহাৰ গ্ৰহণ কৰি শুইছিল শচীন কাপুৰ। কিন্তু শচীনৰ লগতে পত্নী আৰু সন্তানেও হয়তো ভবা নাছিল চন্দ্ৰগ্ৰহণৰ নিশাই তেওঁলোকৰ জীৱনতো গ্ৰহণ পেলাব।Advertismentনিশা প্ৰায় ১.৩০ বজাত এক প্ৰচণ্ড বিস্ফোৰণৰ শব্দই কঁপাই গৈছিল শচীন কাপুৰে পৰিয়ালসহ বাস কৰা চাৰি মহলীয়া অট্টালিকাটো। ACৰ কম্পৰেচাৰ বিস্ফোৰণ হৈ ধোঁৱাময় হৈ পৰিছিল অট্টালিকাটো। চাৰি মহলীয়া অট্টালিকাটোৰ প্ৰথম মহলাত বিস্ফোৰণটো সংঘটিত হৈছিল। মূহূৰ্ততে বিস্ফোৰণৰ ধোঁৱা দ্বিতীয় মহলালৈ বিয়পি পৰিছিল, য’ত শচীন কাপুৰ পৰিয়াল শুই আছিল। ঘটনাৰ সময়ত অৱশ্য প্ৰথম মহলাটো খালী আছিল বুলি জানিব পৰা গৈছে। ধোঁৱাই আৱৰি পেলোৱাত উশাহ-নিশাহ বন্ধ হৈ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল শচীন কাপুৰ, ৰিংকু কাপুৰ, আৰু তেওঁলোকৰ কন্যাই। তেওঁলোকৰ পুত্ৰ আন এটা কোঠাত শুই আছিল আৰু বিস্ফোৰণৰ পিছত নিজকে বচাবলৈ খিৰিকীৰে জঁপিয়াই দিছিল। বৰ্তমান শচীন কাপুৰৰ পুত্ৰৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।স্থানীয় লোকৰ ভাষ্য অনুসৰি এটা প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনি সাৰ পাইছিল তেওঁলোকে। চুবুৰীয়া আৰু স্থানীয় লোকৰ সহযোগত অট্টালিকাটোত থকা আন লোকসকলক উদ্ধাৰ কৰা হৈছিল। চতুৰ্থ মহলাত এটা সাতজনীয়া পৰিয়ালে বাস কৰিছিল, আনহাতে তৃতীয় মহলাটো শচীন কাপুৰে কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিছিল।ঘটনাৰ পিছতেই আৰক্ষী উপস্থিত হৈছে বিস্ফোৰণ হোৱা ঘটনাস্থলীত Read the Next Article