Assameseশ্ৰদ্ধাঞ্জলি আঁচনিয়ে আনিলে ছোৰহাবক, কেৰালাত মৃত্যু হৈছিল দৰঙৰ ছোৰহাব আলীৰদৰঙৰ গৰাখাট গাঁৱত শোকৰ ছাঁ। বহিঃৰাজ্যত প্ৰাণ হেৰুওৱা ছোৰহাব আলীৰ মৃতদেহ আহি পালে নিজ বাসগৃহ। কৰ্মৰ সন্ধানত গৈ কেৰেলাত মৃত্যু হৈছিল চাৰি সন্তানৰ পিতৃ ছোৰাহাব আলীৰ। এবছৰ পূৰ্বে কেৰেলাত কাম কৰিবলৈ গৈ ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়তে মৃত্যু হয় ছোৰহাবৰ। Naba Gogoi Oct 21, 2025 20:25 ISTPhotograph: (FILE)কেৰালাত মৃত্যু হোৱা দৰঙৰ ছোৰহাব আলীৰ মৃতদেহ আহি পালে নিজ বাসগৃহগুৱাহাটী, ২১ অক্টোবৰঃ দৰঙৰ গৰাখাট গাঁৱত শোকৰ ছাঁ। বহিঃৰাজ্যত প্ৰাণ হেৰুওৱা ছোৰহাব আলীৰ মৃতদেহ আহি পালে নিজ বাসগৃহ। কৰ্মৰ সন্ধানত গৈ কেৰেলাত মৃত্যু হৈছিল চাৰি সন্তানৰ পিতৃ ছোৰাহাব আলীৰ। এবছৰ পূৰ্বে কেৰেলাত কাম কৰিবলৈ গৈ ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়তে মৃত্যু হয় ছোৰহাবৰ। AdvertismentALSO READ: আমেৰিকাত বিদ্ৰোহ! বিপদ আসন্ন আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰদৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত গৰাখাট গাঁৱৰ ছোৰহাব আলীৰ কেৰালাত মৃত্যু হোৱা খবৰে গাঁওখনত শোকৰ ছাঁ পেলাইছে। পেটৰ তাড়নাত কৰ্মৰ সন্ধানত গৰাখাট গাঁৱৰ চাৰিটা সন্তানৰ পিতৃ ছোৰাহাব আলীয়ে প্ৰায় এবছৰ পূৰ্বে কেৰেলাত কাম কৰিবলৈ গৈছিল। কেৰালাতেই ছোৰহাব আলী ৰোগত আক্ৰান্ত হয়। ৰোগাক্ৰান্ত ছোৰহাব আলীক ততাতৈয়াকৈ কেৰালাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তিনি দিন পিছতেই ছোৰহাব আলীৰ মৃত্যু হয়। ছোৰহাব আলীৰ অতি দৰিদ্ৰ পৰিয়ালটোৱে ছোৰহাবৰ মৃতদেহ বহিঃৰাজ্য কেৰালাৰ পৰা ঘৰলৈ আনিবৰ বাবে সক্ষম হোৱা নাছিল। ALSO READ: মই মুছলমান হ'লেও কালী মা মোৰ বাবে সকলোঃ ইউছুফ মিঞাকিন্তু অসম চৰকাৰে শেহতীয়াকৈ আৰম্ভ কৰিছিল এক বিশেষ আঁচনিৰ। মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰিয়ে অসম চৰকাৰে শ্ৰদ্ধাঞ্জলি আঁচনি আৰম্ভ কৰে। সেই আঁচনিৰ মূল লক্ষ্য আছিল যে বহিঃৰাজ্যত কৰ্মৰত অসমৰ লোকৰ যদি মৃত্যু হয় তেন্তে চৰকাৰে বহিঃৰাজ্যৰ পৰা অসমলৈ অনাৰ ব্যৱস্থা কৰিব। অৰ্থাৎ দুৰ্ভগীয়া পৰিয়ালটোক চৰকাৰে আৰ্থিকভাৱে সহায় কৰিব। ALSO READ: 'Worldwide Book of Records'ত বিশ্ব অভিলেখ দক্ষিণ কামৰূপৰ মানসজ্যোতিৰচৰকাৰে আৰম্ভ কৰা এই শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত গৰাখাট গাঁৱৰ ছোৰহাব আলীৰ মৃতদেহ চৰকাৰে নিজ ঘৰলৈ লৈ অনাৰ ব্যৱস্থা কৰে। সম্পূৰ্ণ চৰকাৰী খৰচেৰে ছোৰহাব আলীৰ মৃতদেহ ঘৰলৈ অনাৰ সুবিধা কৰি দিয়া হয়। ছোৰহাব আলীৰ মৃতদেহ পৰিয়ালৰ লোকে সমজি লৈ চৰকাৰক কৃতজ্ঞতা প্ৰকাশ কৰে শোকসন্তপ্ত পৰিয়ালে। স্থানীয় লোকেও চৰকাৰৰ এই পদক্ষেপক শলাগ লয়। Read the Next Article