Advertisment

মই মুছলমান হ'লেও কালী মা মোৰ বাবে সকলোঃ ইউছুফ মিঞা

এয়াই সম্প্ৰীতি, এয়াই হিন্দু-মুছলমানৰ মাজত ভাতৃত্ববোধ। ত্ৰিপুৰাৰ এখন কালী পূজাত অংশ ল'লে ইছলাম ধৰ্মী ইউছুফ মিঞাই। কালী পূজালৈ অনুদান আগবঢ়াই ইউছুফ ক'লে- 'মই মুছলমান হ'লেও কালী মা মোৰ বাবে সকলো'।

 মই মুছলমান হ'লেও কালী মা মোৰ বাবে সকলোঃ ইউছুফ মিঞা

মই মুছলমান হ'লেও কালী মা মোৰ বাবে সকলোঃ ইউছুফ মিঞা

গুৱাহাটী, ২১ অক্টোবৰঃ এয়াই সম্প্ৰীতি, এয়াই হিন্দু-মুছলমানৰ মাজত ভাতৃত্ববোধ। দেশজুৰি বৰ্তমান উদযাপন কৰা হৈছে হিন্দুৰ ৰীতি-নীতিৰে অতীজৰে পৰা পালিত হৈ অহা দীপাৱলী লগতে কালী পূজা। কেউদিশে কেৱল এতিয়া পোহৰৰ উত্‍সৱ দীপাৱলী পালন কৰিছে দেশবাসীয়ে। এই দীপ উত্‍সৱ কেৱল হিন্দুৰ বাবেই বা হিন্দুয়েই যে উদযাপন কৰে এনে নহয়। দেশৰ প্ৰতিটো ধৰ্মাৱলম্বী লোকে দেশজুৰি উলহ-মালহৰে পালন কৰি আহিছে এই উত্‍সৱ। 

Advertisment

নানান ধৰ্মী লোকে বাস কৰা ধৰ্মনিৰপেক্ষ দেশ ভাৰতত সকলো উত্‍সৱ-পাৰ্বন উখল-মাখল পৰিৱেশৰ মাজত উদযাপন কৰা হয়। সেয়া লাগে হিন্দুৰ দীপাৱলী, দুৰ্গাপূজা হওক, মুছলমানৰ ঈদ, খ্ৰীষ্টানৰ বৰদিন লগতে আন ধৰ্মৰ আন আন উত্‍সৱ। সকলোতে ধৰ্মপ্ৰাণ ভাৰতীয় লোকে দেখুৱাই আহিছে সম্প্ৰীতিৰ নিদৰ্শন, দাঙি ধৰিছে ভাতৃত্ববোধ। 

ALSO READ: জুবিনক আমি সদায়েই জীয়াই ৰাখিব লাগিব- গৰিমা গাৰ্গ

বৰ্তমান দেশত উলহ-মালহৰে পালন কৰা হৈছে দীপাৱলী আৰু কালী পূজা। এই দীপাৱলী আৰু কালী পূজাৰ শুভ ক্ষণতে উত্তৰপূবৰ এখন ৰাজ্য ত্ৰিপুৰাত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য। এজন ইছলাম ধৰ্মী লোকে কৰিলে কালী পূজা। শ্যামা কালী মাক পূজা কৰি লোকজনে ক'লে- 'মই মুছলমান হ'লেও শ্যামা কালী মা মোৰ বাবে সকলো'। ইউছুফ মিঞা নামৰ মুছলমান লোকজনে শ্যামা কালী মাক পূজা কৰি কোৱা এই মন্তব্যৰ পিছতে সম্প্ৰতি চৰ্চাত হিন্দু-মুছলমানৰ ভাতৃত্ববোধ। 

ALSO READ:  'Worldwide Book of Records'ত বিশ্ব অভিলেখ দক্ষিণ কামৰূপৰ মানসজ্যোতিৰ

প্ৰতি বছৰৰ দৰে এইবাৰো ত্ৰিপুৰাৰ ছিপাহিজলা জিলাৰ থলিবাৰীৰ বাণিজ্যিক অঞ্চলত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ভক্তসকলে একত্ৰিত হৈ শ্যামা কালী মাক পূজা অনুষ্ঠিত হৈছে। এই পূজা ভাগীৰ বাবে অঞ্চলবাসীয়ে পূৰ্ণ সহযোগিতা আগবঢ়াইছে। বিগত পাঁচ বছৰে কালিখালা ADC অঞ্চলৰ লেদৰাবাৰী গাঁৱৰ ইউছুফ মিঞা নামৰ এজন মুছলমান লোকে শ্যামা কালী মাৰ মূৰ্তি ক্ৰয় কৰি আহিছে। এই বছৰো ইয়াৰ ব্যতিক্ৰম নহয়। 

ALSO READ: আমেৰিকাত বিদ্ৰোহ! বিপদ আসন্ন আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

সংবাদ মাধ্যমৰ সন্মুখত ইউছুফ মিঞা নামৰ মুছলমান লোকজনে কয় যে তেওঁ যদিও ইছলাম ধৰ্মী লোক তথাপি তেওঁ হিন্দু ধৰ্মৰ শ্যামা কালী মাৰ পূজাত সহযোগ কৰে। কাৰণ, কেইবছৰমান আগতে ইউছুফ মিঞাৰ মাতৃয়ে শ্যামা কালীক সপোনত দেখা পাইছিল। তেতিয়াৰ পৰাই কালী মাৰ পূজাত কিবা নহয় কিবা এটা আগবঢ়াব পাৰিলেই হৃদয়ত শান্তি লাভ কৰে ইউছুফ মিঞাই। চলিত কালী পূজাতো কথলীয়া বাণিজ্যিক এলেকালৈ আহি থোলিবাৰী বাণিজ্যিক এলেকাৰ ব্যৱসায়ী সমাজক ৩,২০০ টকা যোগান ধৰাৰ উদ্যোগ লয় ইউছুফ মিঞাই। যাতে উদ্যোগতাই কোনো অসুবিধা নোহোৱাকৈ কালী মাৰ পূজা কৰিব পাৰে। থলিবাৰী অঞ্চলৰ ব্যৱসায়ী সমাজ আৰু স্থানীয় বাসিন্দাই ইউছুফ মিঞাৰ এই মানৱীয় পদক্ষেপত সুখানুভূতি প্ৰকাশ কৰি ধন্যবাদ জনাই ইউছুফ মিঞাক।