"ষষ্ঠীৰ বেলবৰণেৰে শাৰদীয় দুৰ্গোৎসৱ জুবিনবিহীন অসমত এইবাৰ স্তিমিত দুৰ্গা পূজাৰ উল্লাস হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ হ'ল দুৰ্গা পূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰমতে আহিন মাহৰ শুক্ল পক্ষত বা চ"ত মাহৰ শুক্ল পক্ষত দুৰ্গা পূজা পালন কৰা হয়। চ"ত অৰ্থাৎ বসন্ত কালৰ দুৰ্গা পূজাক বাসন্তী দুৰ্গাপূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গাপূজা নামে জনাজাত। Advertisment সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ দিনাৰ পৰা আৰম্ভ হৈ দশমীপৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচদিন যথাক্ৰমে ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়। ভাৰতৰ পশ্চিমবংগ, অসম, ওড়িশা, ত্ৰিপুৰা, বিহাৰ আৰু ঝাৰখণ্ডত দুৰ্গাপূজা জাকজমকতাৰে পালন কৰা হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলেও উলহ-মালহেৰে পালন কৰে দুৰ্গা পূজা। আজি শাৰদীয় দুৰ্গা পূজাৰ ষষ্ঠী। আজিৰ পৰা ষষ্ঠীৰ বেলবৰণেৰে আৰম্ভ শাৰদীয় দুৰ্গা পূজা। সন্ধিয়া ৬ বজাত দুৰ্গাদেৱীৰ কল্পাৰম্ভ, বেলবৰণ, আমন্ত্ৰণ আৰু অধিবাসেৰে আৰম্ভ হয় দুৰ্গা পূজা। মা কত্যায়নীৰ ৰূপত আজি মৰতত পূজ্য দেৱী দুৰ্গা। আৰম্ভ হ"ল বৈদিক পৰম্পৰাগত দুৰ্গা পূজা। দেৱীপক্ষৰ এই পূজা সামৰণি পৰিব বিজয়া দশমীত। এই ৫দিন মহাশক্তি দুৰ্গাক প্ৰসন্ন কৰিবলৈ ঠাই বিশেষে চলিব বলি-বিধান। নৈশালোকত উজ্বলি উঠিব পূজা মণ্ডপ। পশ্চিমবংগত দুগুণে চলিব ৰং। এইবাৰ মা দুৰ্গা দেৱী হাতীত উঠি ধৰালৈ আগমন আৰু দেৱীৰ গমন ঘটিব দোলাত উঠি। শাস্ত্ৰ মতে হাতীত উঠি দেৱীৰ আগমনে শুভকাৰকৰ ইংগিত বহন কৰে। শান্তি, সমৃদ্ধিৰ লগতে ধৰা শস্য-শ্যামলা হৈ পৰিব। ইফালে দেৱীৰ দোলাত গমনে অমংগলজনক, অশুভ ইংগিত বহন কৰে। সমাজত মহামাৰী, প্ৰাকৃতিক দুৰ্যোগ, ৰোগব্যাধি আদিৰ দৰে মাৰিমৰক অৱস্থাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা। কাইলৈ ২৯ ছেপ্টেম্বৰৰ পুৱা ৮-১৭ বজাত দেৱীৰ নৱপ্ৰত্ৰিকা প্ৰৱেশ-স্থাপনৰ মাজেৰে আৰম্ভ হ'ব মহাসপ্তমী পূজা। ৩০ ছেপ্টেম্বৰৰ দিনা মহাষ্টমী পূজা। পুৱাৰ ৮ বজাৰ পিছত আৰম্ভ হ'ব মহাষ্টমী পূজা। ১ অক্টোবৰৰ দিনাখন অনুষ্ঠিত হ'ব মহানৱমী পূজা। সেইদিনা পুৱাৰ ভাগত আৰম্ভ হ'ব মহানৱমী পূজা আৰু মহানৱমী বিহিত পূজা। ২ অক্টোবৰৰ দিনা পুৱা আৰম্ভ হ'ব দশমী বিহিত পূজা। তাৰ পিছতে হ'ব অপৰাজিতা পূজা। ইয়াৰ পিছতে দেৱীৰ বিসৰ্জন প্ৰক্ৰিয়াৰ পিছতে সামৰণি পৰিব শাৰদীয় দুৰ্গোৎসৱৰ। অসমত স্বাভাৱিকতে কিছু ম্লান হৈছে পূজাৰ পৰিৱেশ। শৰতৰ আগমনত ৰঙেৰে ভৰি পৰে মনবোৰ। পিছে এইবাৰ যেন তাৰ ওলোটা ছবিহে দেখা গৈছে। আনন্দত আত্মহাৰা হোৱাৰ বতৰত শোকত ম্ৰিয়মান ৰাজ্যবাসী। শৰতৰ উন্মদনাইও চুব পৰা নাই কোনো এজন অসমীয়াক। কেৱল শাৰদীয় বতৰৰ নিয়ম মানিয়ে ৰাজ্যবাসী সাজু হৈছে দুৰ্গা পূজাৰ বাবে। মৰমৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছৰে পৰা অসমৰ আকাশত এতিয়া কলীয়া ডাৱৰ। শাৰদীয় দুৰ্গোৎসৱৰ নাই আনন্দ-উল্লাস। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত মৰ্মাহত হৈ পৰা ৰাজ্যবাসী আজিও দুখত আছে। জুবিনবিহীন অসমত ম্লান পৰিছে পূজাৰ উছাহ। হাৰ্টথ্ৰৱগৰাকীৰ মৃত্যুক এতিয়াও সহজভাৱে ল'ব পৰা নাই ৰাজ্যবাসীয়ে।"