Assameseমহিলা বিশ্বকাপত ক্ৰমাগত তৃতীয়টো পৰাজয় টীম ইণ্ডিয়াৰমহিলা বিশ্বকাপত ক্ৰমাগত তৃতীয়টো পৰাজয় টীম ইণ্ডিয়াৰ। চুপাৰ চানডেৰ হাইভল্টেজ খেলত ইংলেণ্ডৰ হাতত ৪ ৰানত পৰাস্ত হৰমনপ্ৰীত কৌৰ বাহিনী। ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ এতিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে জয়ৰ বিকল্প নাই টীম ইণ্ডিয়াৰ । Mrinmoy Talukdar Oct 20, 2025 13:31 ISTFilephotoমহিলা বিশ্বকাপত ক্ৰমাগত তৃতীয়টো পৰাজয় টীম ইণ্ডিয়াৰমহিলা বিশ্বকাপত ক্ৰমাগত তৃতীয়টো পৰাজয় টীম ইণ্ডিয়াৰ। চুপাৰ চানডেৰ হাইভল্টেজ খেলত ইংলেণ্ডৰ হাতত ৪ ৰানত পৰাস্ত হৰমনপ্ৰীত কৌৰ বাহিনী। ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ এতিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে জয়ৰ বিকল্প নাই টীম ইণ্ডিয়াৰ । Advertismentইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ মেচত টীম ইণ্ডিয়াক ৪ ৰানত পৰাস্ত কৰি বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ইংলেণ্ড। টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা ইংলেণ্ডে নিৰ্ধাৰিত ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই ২৮৮ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ হিদাৰ নাইটে ১০৯ ৰানৰ বিস্ফোৰক শতকীয় ইনিংছ খেলাৰ লগতে এমি জ’নে ৫৬ ৰানৰ ইনিংছ খেলে। ভাৰতৰ হৈ দীপ্তি শৰ্মাই ৪টা উইকেট দখল কৰাৰ লগতে শ্ৰী চৰণীয়ে ২টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ২৮৯ ৰানৰ বিজয়লক্ষ্যৰে বেটিং কৰিবলৈ আহি টীম ইণ্ডিয়াই স্মৃতি মান্ধানাৰ ৮৮ আৰু হৰমনপ্ৰীত কৌৰৰ ৭০ আৰু দীপ্তি শৰ্মাৰ ৫০ ৰানৰ সহায়ত নিৰ্ধাৰিত ৫০ অভাৰত ৬টা উইকেট হেৰুৱাই ২৮৪ ৰানহে কৰিবলৈ সক্ষম হয়। অন্তিম অভাৰত ভাৰতীয় দলক জয়ৰ বাবে ১৪ ৰানৰ প্ৰয়োজন হৈছিল যদিও স্নেহ ৰানা আৰু অমনজোৎ কৌৰে প্ৰয়োজনীয় ৰান সংগ্ৰহ কৰাত ব্যৰ্থ হয় আৰু ভাৰতে ৪ ৰানত পৰাজয়বৰণ কৰে। চমকপ্ৰদ শতকীয় ইনিংছটোৰ বাবে হেথাৰ নাইট মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। টীম ইণ্ডিয়াই এতিয়া ২৩ অক্টোবৰত নিউজিলেণ্ডৰ বিৰুদ্ধে মুখামুখি হ’ব। ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ নিউজিলেণ্ডৰ বিৰুদ্ধে জয়ৰ বিকল্প নাই টীম ইণ্ডিয়াৰ। ইতিমধ্যে অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাই ছেমিফাইনেলত প্ৰৱেশ কৰিছে। পাঁচখন খেলৰ ভিতৰত চাৰিখন খেলত জয়লাভ কৰিছে অষ্ট্ৰেলিয়াই। বৰষুণৰ বাবে তেওঁলোকৰ এখন মেচ পৰিত্যক্ত হৈ পৰে। অষ্ট্ৰেলিয়াই ৯ পইণ্টেৰে প্ৰথম স্থানত আছে। দ্বিতীয় আৰু তৃতীয় স্থানত আছে ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা।একেৰাহে তিনিখন মেচত পৰাস্ত হলেও ছেমি ফাইনেলত প্ৰৱেশৰ বাট খোলা আছে টীম ইণ্ডিয়াৰ। পাঁচখন খেলৰ অন্তত পইণ্ট তালিকাত ভাৰতে ৪ পইণ্ট লাভ কৰাৰ বিপৰীতে নিউজিলেণ্ডেও একে সংখ্যক খেলৰ অন্তত ৪ পইণ্ট লাভ কৰিছে। অৱশ্যে নেট ৰান ৰেটত ভাৰততকৈ পিছ পৰি আছে নিউজিলেণ্ড। ২৩ অক্টোবৰত নিউজিলেণ্ডক পৰাস্ত কৰিব পাৰিলেই ছেমিফাইনেলত প্ৰৱেশ কৰিব পাৰিব টীম ইণ্ডিয়াই। Read the Next Article