Advertisment

'Worldwide Book of Records'ত বিশ্ব অভিলেখ দক্ষিণ কামৰূপৰ মানসজ্যোতিৰ

'Worldwide Book of Records'ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল অসম সন্তান মানসজ্যোতি তালুকদাৰ। 'The Cubic Methods' নামৰ এখন কিতাপ ৰচনা কৰি বিশ্ব অভিলেখ গঢ়িলে দক্ষিণ কামৰূপৰ মানসজ্যোতিয়ে।

 'Worldwide Book of Records'ত বিশ্ব অভিলেখ দক্ষিণ কামৰূপৰ মানসজ্যোতিৰ

বিশ্ব ৰেকৰ্ড গঢ়িলে দক্ষিণ কামৰূপৰ মানসজ্যোতিয়ে

বিশ্বত অসমৰ নাম উজলালে দক্ষিণ কামৰূপৰ উপৰহালীৰ মানসজ্যোতি তালুকদাৰে। 'Worldwide Book of Records'ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল অসম সন্তান মানসজ্যোতি তালুকদাৰ। 'The Cubic Methods' নামৰ এখন কিতাপ ৰচনা কৰি বিশ্ব অভিলেখ গঢ়িলে মানসজ্যোতিয়ে।

Advertisment

উল্লেখ্য যে আটাইতকৈ বেছি ৰুবিকছ কিউব সমাধান প্ৰণালী একেলগে সংকলিত কৰি প্ৰকাশ কৰা কিতাপখনে গঢ়িলে এই অভিলেখ। দক্ষিণ কামৰূপৰ উপৰহালীৰ সন্তান মানসজ্যোতি তালুকদাৰৰ এই ৰেকৰ্ডক লৈ গৌৰৱান্বিত ৰাজ্যবাসী। কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত উপৰহালীৰ বাসিন্দা মানসজ্যোতি তালুকদাৰৰ এই সফলতাক শলাগ লৈছে সকলোৱে। যি খবৰে অসমবাসী তথা প্ৰতিগৰাকী অসমীয়াক সঁচাকৈয়ে গৌৰৱান্বিত কৰি তুলিছে। 

thumb
worldwide book of record holder Photograph: (file)

also read: জুবিনক আমি সদায়েই জীয়াই ৰাখিব লাগিব- গৰিমা গাৰ্গ

মানসজ্যোতি তালুকদাৰে 'Worldwide Book of Records' শিতানত 'The Cubic Methods' নামৰ কিতাপখন ৰচনা কৰি এই বিশ্ব অভিলেখ সৃষ্টি কৰিছে, য’ত আটাইতকৈ বেছি ৰুবিকছ কিউব সমাধান প্ৰণালী একেলগে সংকলিত কৰা হৈছে। মানসজ্যোতিৰ এই বিশেষ কৃতিত্বক 'Worldwide Book of Records'-এ সন্মানিত কৰি 'Certificate of Record Holder' প্ৰদান কৰিছে। ১২৯ পৃষ্ঠাৰ এই কিতাপখনত মানসজ্যোতিয়ে ২০টা পৃথক ৰুবিকছ কিউব সমাধান প্ৰণালী সন্নিৱিষ্ট কৰিছে। 

WhatsApp Image 2025-10-21 at 4.26.33 PM
The book- 'The Cubic Methods' Photograph: (file)

also read: আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১৩জনকৈ ভুৱা চিকিৎসক

যুক্তিবিদ্যা, সৃজনশীল অ্যালগৰিদম আৰু উদ্ভাৱনশীল চিন্তাধাৰাৰ মিশ্ৰণৰ জৰিয়তে মানসজ্যোতিয়ে এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে নতুন দিশ প্ৰদৰ্শন কৰিছে। এই কিতাপৰ জৰিয়তে মানসে নিজৰ মেধা আৰু ধৈৰ্য্যৰ পৰিচয় দিয়াৰ লগতে কিউব-প্ৰেমীসকলৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।‌ নিজৰ সফলতাৰ বিষয়ে মত প্ৰকাশ কৰি মানসে কয়- 'ৰুবিকছ কিউব মাত্ৰ এটা খেল নহয় ই এক মানসিক অনুশীলন। ই ধৈৰ্য্য, মনোসংযোগ আৰু বিশ্লেষণ ক্ষমতা বিকাশ কৰে'। 

thumb
Certificate of Worldwide book of record Photograph: (file)

also read: আমেৰিকাত বিদ্ৰোহ! বিপদ আসন্ন আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

এই ৰেকৰ্ডৰ জৰিয়তে মানসজ্যোতি তালুকদাৰ অসমৰ উদীয়মান যুৱ প্ৰতিভাশীলৰ শাৰীত নাম লিখিবলৈ সক্ষম হৈছে। লগে লগে ৰাজ্য তথা দেশৰ যুৱকসকলৰ বাবে এক উৎসাহ আৰু অনুপ্ৰেৰণাৰ উদাহৰণ হৈ পৰিছে।