Assameseঅসমৰ জনপ্ৰিয় অভিনেতা, সু-পৰিচালক গণেশ হাজৰিকা আৰু নাইজুবিন গাৰ্গৰ মৃত্যুৰ শোকৰ ছাঁ মাৰ নৌযাওঁতে পুনৰ অসমৰ সাংস্কৃতিক জগতত বৃহৎ ক্ষতি। অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ জনপ্ৰিয় অভিনেতাৰ গণেশ হাজৰিকাই ত্যাগ কৰিলে ইহসংসাৰ। Jyotishmoy Dutta Oct 21, 2025 19:46 ISTঅসমৰ জনপ্ৰিয় অভিনেতা, সু-পৰিচালকৰ মৃত্যুত শোকৰ বন্যা Photograph: (DY365)অসমৰ জনপ্ৰিয় অভিনেতা, সু-পৰিচালকৰ মৃত্যুত শোকৰ বন্যা জুবিন গাৰ্গৰ মৃত্যুৰ শোকৰ ছাঁ মাৰ নৌযাওঁতে পুনৰ অসমৰ সাংস্কৃতিক জগত বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব লগীয়া হ'ল। অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ জনপ্ৰিয় অভিনেতাৰ গণেশ হাজৰিকাই ত্যাগ কৰিলে ইহসংসাৰ। নগাঁও ৰাইডঙ্গীয়াৰ কৰচোং সত্ৰৰ নিৱাসী গনেশ হাজৰিকা আৰু নাই। ৫৩ বছৰ বয়সত এটা পথ দুৰ্ঘটনাত মৃত্যুক আকোৱালি ল'লে হাজৰিকাই। শ্বিলঙৰ এক মেডিকেল কোম্পানীৰ কৰ্মৰত আছিল সদ্যপ্ৰয়াত গণেশ হাজৰিকা।AdvertismentALSO READ:জুবিন গাৰ্গবিহীন আজি প্ৰথমটো জন্মদিন গৰিমাৰহাজৰিকা আছিল একেধাৰে অভিনেতা, পৰিচালক, নাট্যকাৰ। হাজৰিকাৰ অভিনয়, পৰিচালনা, ৰচনা কৰা নাটকে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। বিশিষ্ট নাট্যকাৰ, পৰিচালক অভিনেতা অজিত বৰঠাকুৰে ৯০ দশকত আৰম্ভ কৰা অপেচাদাৰী নাট্যগোষ্ঠী '15 Friends'ৰ জৰিয়তে গণেশ হাজৰিকাই অভিনয় জগতৰ যাত্ৰা আৰম্ভ কৰিছিল ।ALSO READ:জুবিনক আমি সদায়েই জীয়াই ৰাখিব লাগিব- গৰিমা গাৰ্গজনপ্ৰিয় অভিনেতাগৰাকীয়ে বহুকেইখন অসমীয়া বোলছবিৰ লগতে ধাৰাবাহিকতো অভিনয় কৰিছিল। প্ৰয়াত হাজৰিকাই 'অঞ্জনা', 'বীন বৈৰাগী', 'এক আছিল ভকত', 'বিশ্বাসে মিলয় হৰি' দৰে বহু কেইখন জনপ্ৰিয় বোলছবিত অভিনয় কৰিছিল। ইয়াৰ উপৰিও বেহাৰবাৰী আউটপোষ্টকে ধৰি বহু কেইখন জনপ্ৰিয় অসমীয়া ধাৰাবাহিকত অভিনয় কৰিছিল। উল্লেখযোগ্য যে অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ লগত এখন বোলছবিত অভিনয় কৰিছে যিখন বোলছবি বৰ্তমান মুক্তিৰ পথত। দুর্ভাগ্যবশত ছবিখনৰ মুক্তিৰ পূৰ্বেই এই ধৰা এৰি গুচি গ'ল অভিনেতাগৰাকী।ALSO READ:জুবিন গাৰ্গবিহীন আজি প্ৰথমটো জন্মদিন গৰিমাৰবৰ্তমান হাজৰিকাৰ নশ্বৰদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈ উঠিছে শ্বিলঙৰ চৰকাৰী হাস্পতালত। মৰণোত্তৰ পৰীক্ষাৰ পাছত ৰাইডঙীয়া কৰচোং সত্ৰৰ নিজ বাসগৃহলৈ অনা হ'ব হাজৰিকাৰ মৃতদেহ। বৰ্তমান গণেশ হাজৰিকাৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত গভীৰ শোকৰ ছাঁ। আমিও অভিনেতা গণেশ হাজৰিকাৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছো। ALSO READ:মৰমৰ শিল্পী জুবিন গাৰ্গ বিহীন এটা মাহ Read the Next Article