Advertisment

দুৰ্গাপূজাৰ মাজতেই অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

এইবাৰ ডকাইতলৈ লক্ষ্য কৰি পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক ! এইবাৰ গোৱালপাৰাৰ ধূপধৰাত এনকাউণ্টাৰৰ ঘটনা।  আৰক্ষীৰ গুলিত নিহত হৈছে চাৰিজনকৈ ডকাইত ! ধূপধৰা থানাৰ অন্তৰ্গত ঘিলাডুবীত সংঘটিত হয় এই এনকাউণ্টাৰ ।

 এনকাউণ্টাৰ,অপৰাধীলৈ লক্ষ্য কৰি  আৰক্ষীৰ গুলী Photograph: (FILE PHOTO)
এনকাউণ্টাৰ,অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী Photograph: (FILE PHOTO)

দুৰ্গাপূজাৰ মাজতেই অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। এইবাৰ ডকাইতলৈ লক্ষ্য কৰি পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক ! এইবাৰ গোৱালপাৰাৰ ধূপধৰাত এনকাউণ্টাৰৰ ঘটনা।  আৰক্ষীৰ গুলিত নিহত হৈছে চাৰিজনকৈ ডকাইত ! ধূপধৰা থানাৰ অন্তৰ্গত ঘিলাডুবীত সংঘটিত হয় এই এনকাউণ্টাৰ । চাৰিজনীয়া ডকাইতৰ দল এটাই ডকাইটি কাৰ্য সংঘটিত কৰিবলৈ যোৱা তথ্য লাভ কৰিছিল আৰক্ষীয়ে।  তথ্য লাভ কৰাৰ পিছতেই এই কাৰ্য ৰোধ কৰিবলৈ তৎপৰ হৈ পৰে  আৰক্ষ।  ডকাইতিৰ লগতে অপহৰণৰো পৰিকল্পনা কৰি আছিল বুলি আৰক্ষী নিশ্চিত হয় l আৰক্ষীৰ কেইবাটাও দলে ডকাইতৰ দলটোৰ পিছ লওঁতেই ধূপধৰাৰ ঘিলাডুবিত জংঘলৰ মাজেৰে যোৱা এটি পথেৰে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল ডকাইতৰ দলটোৱে । আৰক্ষীৰ দলে ডকাইতৰ দলটোৰ  পিছে পিছে যোৱাত প্ৰথমতে ডকাইতৰ দলে আৰক্ষীলৈ গুলি চলাই । প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলি চালনা কৰাত গুৰুতৰ ভাবে আহত হয়  চাৰিজনকৈ ডকাইত।  

Advertisment

আহত ডকাইত কেইজনক তৎক্ষণাৎ ধূপধৰাৰ বিকালী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও ডাক্তৰে মৃত বুলি ঘোষণা কৰে ডকাইত চাৰিজনক । ঘটনা স্থলীৰ পৰা 
আৰক্ষীয়ে  এখন ৰঙা ৰঙৰ টাইবাৰ বাহনো উদ্ধাৰ কৰে ।  বাহন খনৰ পঞ্জীয়ন নম্বৰ AS 02 AE 2633 বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।  বাহন খনৰ পৰা চাৰিটাকৈ পিষ্টলো উদ্ধাৰ কৰে আৰক্ষীয়ে ।  গোৱালপাৰাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত কৰে ।  

মৃত ডকাইত কেইজন ক্ৰমে দুধনৈৰ চিতুকণাৰ মকুন্দ ৰাভা, মুকালমুৱা থানাৰ অন্তৰ্গত চটেমাৰীৰ জেহেৰুল হক, কৃষ্ণাইৰ তৰেংথপৰ চেংবাদ মাৰাক আৰু ছয়গাঁও লাৰুৱাজানৰ চুবুৰুদ্দিন বুলি চিনাক্ত কৰা হৈছে । নিহত ডকাইত কেইজনৰ মৃতদেহ কেইটা গোৱালপাৰাৰ ছহিদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।