Advertisment

জুবিনৰ মৃত্যুৰ তদন্ত: মুখ্যমন্ত্ৰী বনাম বিৰোধীৰ সংঘাতত ৰাজনীতিৰ উষ্ণতা তুংগত

ছিংগাপুৰত হোৱা অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ তদন্তক লৈ ৰাজ্যৰ ৰাজনীতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। জুবিনৰ মৃত্যুক এটা দুৰ্ঘটনা বুলি চৰকাৰে আৰম্ভণিতে ঘোষণা কৰিলেও, পৰৱৰ্তী সময়ত পৰিয়াল, অনুৰাগী আৰু বিৰোধীৰ হেঁচাত তদন্তৰ গতি সলনি হৈছে

 Politics heats up amid Chief Minister vs opposition clash Photograph: (DY365)
Politics heats up amid Chief Minister vs opposition clash Photograph: (DY365)

জুবিনৰ মৃত্যুৰ তদন্ত: মুখ্যমন্ত্ৰী বনাম বিৰোধীৰ সংঘাতত ৰাজনীতিৰ উষ্ণতা তুংগত

Advertisment

গুৱাহাটী: বিগত ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত হোৱা অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ তদন্তক লৈ ৰাজ্যৰ ৰাজনীতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। জুবিনৰ মৃত্যুক এটা দুৰ্ঘটনা বুলি চৰকাৰে আৰম্ভণিতে ঘোষণা কৰিলেও, পৰৱৰ্তী সময়তপৰিয়াল, অনুৰাগী আৰু বিৰোধীৰ হেঁচাত তদন্তৰ গতি সলনি হৈছে। বৰ্তমান এই গোচৰটোৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিৰোধী দলৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি কৰিছে

অসমৰপ্ৰাণৰশিল্পীজুবিনগাৰ্গৰ ছিংগাপুৰত হোৱাৰহস্যজনকমৃত্যুৰতদন্তইএতিয়াৰাজ্যৰৰাজনীতিতএকডাঙৰভূমিকম্পৰসৃষ্টিকৰিছেমুখ্যমন্ত্ৰীহিমন্তবিশ্বশৰ্মাৰনিৰ্দেশতগঠিতবিশেষতদন্তকাৰীদল (SIT) এ এই গোচৰত একাদিক্ৰমে গ্ৰেপ্তাৰ কৰিছে পাঁচজনকৈ ব্যক্তিক, যাৰ ভিতৰত জুবিনৰ এজন আত্মীয়ও আছে। এই গ্ৰেপ্তাৰ আৰু নতুন নতুন অভিযোগসমূহে অসমৰ ৰাজনৈতিক মহলক বাৰে বাৰে কঁপাই তুলিছে।

তদন্ত আৰু গ্ৰেপ্তাৰ: ছিংগাপুৰত ডুব যোৱাৰ ফলত জুবিনৰ মৃত্যু হোৱা বুলি প্ৰথম Autopsy-ত প্ৰকাশ পাইছিল। কিন্তু, অনুৰাগী আৰু পত্নী গৰিমা শইকীয়া গাৰ্গৰ সন্দেহৰ ভিত্তিত ৰাজ্য চৰকাৰে দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ আদেশ দিয়ে আৰু গোচৰটোৰ তদন্তৰ বাবে এক বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰে।

SIT-এ ইতিমধ্যে গ্ৰেপ্তাৰ কৰা পাঁচজন ব্যক্তি হৈছে:

১. শ্যামকানু মহন্ত: 'নৰ্থ-ইষ্ট ইণ্ডিয়াফেষ্টিভেল'ৰ মুখ্য আয়োজক

২. সিদ্ধাৰ্থ শৰ্মা: জুবিন গাৰ্গৰ মেনেজাৰ।

৩. শেখৰ জ্যোতি গোস্বামী: জুবিনৰবেণ্ডমেট আৰু ড্ৰামাৰ

৪. অমৃতপ্ৰভা মহন্ত: জুবিনৰ সৈতে থকা সহ-কণ্ঠশিল্পী

৫. সন্দীপন গাৰ্গ: অসম আৰক্ষী সেৱাৰ বিষয়া আৰু জুবিনৰআত্মীয়

বিস্ফোৰক 'বিষক্ৰিয়া'ৰ অভিযোগ:

আটাইতকৈ চাঞ্চল্যকৰ বিষয়টো হৈছে যে গ্ৰেপ্তাৰ হোৱা বেণ্ডমেট শেখৰ জ্যোতি গোস্বামীয়ে আৰক্ষীৰ আগত দিয়া ভাষ্যত জুবিনকবিষক্ৰিয়া (poisoning) কৰিহত্যাকৰাৰসন্দেহপ্ৰকাশকৰিছেতেওঁঅভিযোগকৰিছেযেমেনেজাৰসিদ্ধাৰ্থশৰ্মাআৰুশ্যামকানুমহন্তইষড়যন্ত্ৰকৰিএইকাণ্ডসংঘটিতকৰিছেতেওঁলগতেউল্লেখকৰেযেজুবিনঅসুস্থহৈপৰাৰসময়তসিদ্ধাৰ্থশৰ্মাইইয়টৰনিয়ন্ত্ৰণনিজৰহাতলৈলৈছিলআৰুমুখতফেনওলোৱাৰপিছতোএচিডৰিফ্লাক্সবুলিচিকিৎসাসেৱালোৱাতবিলম্বকৰিছিল

আনহাতে সেহতীয়া বাতৰি অনুসৰি  শেখৰ জ্যোতি গোস্বামী আৰু  মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই বিত্তীয় কেলেংকাৰী কৰা তথ্য আহি পৰিছে। সিদ্ধাৰ্থ শৰ্মাই জুবিনক ৩ বছৰৰ ধনৰ কোনো হিচাপ দিয়া নাছিল আৰু ৫ কোটি টকাৰ আত্মসাণ কৰাৰ অভিযোজ আহিছে। তদুপৰি শেখৰে ৫ লাখ টকাৰ সামগ্ৰী কিনি ১৫ লাখ টকা লোৱা অভিযোগ উৎত্থাপন হৈছে।

ছিংগাপুৰৰপ্ৰবাসীঅসমীয়াৰভূমিকা: ঘটনাস্থলীতউপস্থিতথকাআঠজনপ্ৰবাসীঅসমীয়াৰভিতৰতমাত্ৰএজনে (ৰূপকমলকলিতা) হেSIT ওচৰত হাজিৰ হৈছে। বাকী কেইজনে এতিয়াও চমনলৈ সঁহাৰি দিয়া নাই। মুখ্যমন্ত্ৰীয়ে এই লোকসকলক তদন্তত সহযোগিতা কৰিবলৈ আহ্বান জনাইছে আৰু লগতে চিঙাপুৰৰ পৰা আইনী সহায় লাভৰ বাবেও চেষ্টা অব্যাহত ৰাখিছে।

ৰাজনৈতিক প্ৰভাৱ: জুবিন গাৰ্গ কেৱল এজন শিল্পীয়েই নাছিল, তেওঁ অসমৰ যুৱ প্ৰজন্মৰ কণ্ঠস্বৰ আছিল আৰু বিভিন্ন সময়ত তেওঁৰ গীত তথা মন্তব্যেৰে ৰাজনৈতিক স্থিতিক প্ৰত্যাহ্বান জনাইছিল। তেওঁৰ মৃত্যুৰ গোচৰটোৱে ৰাজ্যৰ জনসাধাৰণৰ মনত গভীৰ আৱেগিক প্ৰভাৱ পেলাইছে। সেয়েহে, এই গোচৰৰ ওপৰত ৰাজনৈতিক দলসমূহৰ প্ৰতিক্ৰিয়া আৰু তদন্তৰ ফলাফলে অসমৰ ভৱিষ্যত ৰাজনীতিক প্ৰভাৱিত কৰাটো নিশ্চিত।

ALSO READ:কোনো জুবিন অনুৰাগীয়ে এইবাৰ বিজেপিক ভোট নিদিয়ে বুলি মন্তব্য ৰাজেন গোহাঁইৰ

ৰাজনৈতিক প্ৰতিবাদ আৰু অভিযোগ: গোচৰৰ তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে ৰাজনৈতিক আক্ৰমণো তীব্ৰতৰ হৈছে। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক তীক্ষ্ণ সমালোচনা কৰিছে। তেওঁ দাবী কৰিছে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত তথ্য অসমবাসীয়ে লাভ নকৰে। আনহাতে, কংগ্ৰেছৰ আন এজন নেতা দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জুবিনৰ পাৰ্থিৱ দেহত বড়ো গামোছাৰে শ্ৰদ্ধাঞ্জলি জনাই ৰাজনীতি কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

ALSO READ:“২০ দিন …মই সঁচাই আছো নে জীয়াই ?” গৰিমা শ‌ইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট

গোচৰটোৰ তদন্ত প্ৰক্ৰিয়াআগবঢ়াৰ লগে লগে বিৰোধী দলৰ বিধায়ক দেৱব্ৰত শইকীয়া আৰু গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ ওপৰত তদন্ত লেহেমীয়া হোৱাৰ আৰু সঠিক তথ্য লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে দাবী কৰিছে যে, জুবিনৰ মৃত্যুৰ আঁৰৰ ৰহস্য পোহৰলৈ আনিবলৈ এই গোচৰৰ তদন্ত আদালতৰ নিৰীক্ষণত অতি ক্ষিপ্ৰতাৰে চলাব লাগে।

ALSO READ:দাতা কৰ্ণ জুবিন গাৰ্গ, দুই দেহৰক্ষীৰ একাউণ্টযোগে ১ কোটিৰো অধিক টকাৰ লেনদেন

আনহাতে, জুবিনৰ মেনেজাৰৰ ঘৰৰ ওচৰত অনুৰাগীৰ দলে প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে ন্যায়ৰ দাবী জনোৱাৰ পাছত ৰাজনৈতিক মহলে বিষয়টো অধিক গুৰুত্ব সহকাৰে লৈছে।

মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সকলো ৰাজনৈতিক অভিযোগ খণ্ডন কৰিছে। তেওঁ স্পষ্টকৈ কৈছে, "জুবিনৰ মৃত্যুক লৈ কোনো ধৰণৰ ৰাজনীতি কৰাৰ থল নাই। ৰাইজে যি ন্যায় বিচাৰিছে, সেয়া আমি দিম।" তেওঁ লগতে ৰাইজক অনুৰোধ জনাইছে যে, যদি কাৰোবাৰ হাতত কোনো ষড়যন্ত্ৰৰ প্ৰমাণ থাকে তেন্তে তেওঁলোকে যেন ভয় নকৰি তদন্তকাৰী দলক সহযোগিতা কৰে।

ALSO READ:মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে গৰিমাই

মুখ্যমন্ত্ৰী শৰ্মাই এই সকলো অভিযোগ নাকচ কৰি কৈছে যে, "জুবিনৰ মৃত্যুক লৈ কোনো ৰাজনীতি নকৰোঁ। দোষীয়ে ৰেহাই নাপায়।" তেওঁ লগতে কৈছে যে, তদন্তত কোনো ভুল নোহোৱাকৈ থাকিবলৈ গোচৰটোৰ তদাৰকৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত ন্যায়িকআয়োগ গঠনৰ বাবে অনুৰোধ জনোৱা হৈছে। ভিছেৰাৰিপৰ্ট অহাৰ পিছত মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলিও তেওঁ আশা প্ৰকাশ কৰিছে।তেওঁ লগতে উল্লেখ কৰে যে, অসম আৰক্ষীৰ এটা দল শীঘ্ৰেই চিংগাপুৰলৈ গৈ ভিডিঅ' ফুটেজ আৰু অন্যান্য প্ৰমাণ সংগ্ৰহ কৰিব।

কেন্দ্ৰীয় সংস্থাৰ চকু: মুখ্যমন্ত্ৰীয়ে নৰ্থ-ইষ্ট ইণ্ডিয়াফেষ্টিভেলৰআয়োজকশ্যামকানু মহন্তএকাউণ্ট পৰীক্ষা কৰাৰ বাবে আয়কৰ বিভাগ আৰু প্ৰৱৰ্তন সঞ্চালকালয় অনুৰোধ জনোৱাৰ কথাও সদৰী কৰিছে। ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিছে যে গোচৰটোৱে কেৱল হত্যাৰ দিশেই নহয়, বিত্তীয় খেলিমেলিৰ দিশো সামৰি লৈছে।

বৰ্তমান জুবিনৰ অনুৰাগীসকলৰ মাজত 'জাস্টিচ ফৰ জুবিন গাৰ্গ' ধ্বনিৰে প্ৰতিবাদ অব্যাহত আছে। ভিছেৰাৰিপৰ্ট আৰু আদালতৰ নিৰীক্ষণত গঠন হ’বলগীয়ান্যায়িকআয়োগৰ ওপৰতে এতিয়া সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে।বৰ্তমান সকলোৰে চকু আছে SIT তদন্তৰ ওপৰত, কিয়নো অসমৰ 'লুইত কোঁৱৰ'ৰ মৃত্যুক লৈ চলি থকা ৰহস্যৰ ওৰ পৰাটো বিচাৰিছে অসমৰ প্ৰতিজন নাগৰিকে।