"“২০ দিন …মই সঁচাই আছো নে জীয়াই ?” গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট জুবিন গাৰ্গবিহীন ২০টা দিন। জুবিন গাৰ্গৰ বাবে ন্যায়ৰ আশাত বন্দী পত্নী গৰিমা শইকীয়া গাৰ্গৰ সামাজিক মাধ্যমত পুনৰ আৱেগিক পোষ্ট। সামাজিক মাধ্যমত গৰিমাই লিখিছে, “২০ দিন …মই সঁচাই আছো নে জীয়াই ?”Advertisment অভিশপ্ত ১৯ ছেপ্তেম্বৰ, অসমীয়াৰ বাবে এটা কলা দিন। এই অভিশপ্ত দিনটোতে আমাৰ মাজৰ পৰা হেৰাই গৈছিল আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱাৰ পাছত সামাজিক মাধ্যমত সোমবাৰে নিশা প্ৰথমটো পোষ্ট কৰিছিল গৰিমা শইকীয়া গাৰ্গে। এতিয়ালৈকে প্ৰকৃত সত্য উদঘাটন নোহোৱাত ভাগি পৰিছে জুবিন পত্নী। #JusticeForZubeenGarg লিখি ন্যায় বিচাৰিছিল হাৰ্টথ্ৰৱৰ পত্নী আৰু ভগ্নীয়ে। সামাজিক মাধ্যমত সোমবাৰে নিশা জুবিন গাৰ্গৰ সৈতে অচিৰেই পুনৰ দেখা হ'ব বুলি উল্লেখ কৰি গৰিমাই লিখিছিল- The last one for this life...But we will be together again,,very soon Goldie ! গৰিমা শইকীয়া গাৰ্গে লিখিছিল যে, এতিয়া, অতি শীঘ্ৰেই মই/ আমি সকলোৱে জানিব লাগিব তুমি কায়িক ভাবে নোহোৱা হৈ যোৱাৰ কাৰণ। এই প্ৰশ্নই দিন ৰাতি জ্বলাই ৰাখিছে মোৰ শূণ্য বুকু । মোক উত্তৰ লাগে ..#JusticeForZubeenGarg উল্লেখ কৰিব লাগিব যে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক। ইয়াৰ লগতে গ্ৰেপ্তাৰ হৈছে শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্তও। ইয়াৰ মাজতে সামাজিক মাধ্যমত পুনৰ আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ। স্বামী জুবিন গাৰ্গক স্মৰণ কৰি এটাৰ পিছত আনটো পোষ্ট শ্বেয়াৰ কৰিছে গৰিমাই। কিছু সময় পূৰ্বে শ্বেয়াৰ কৰা এটা পোষ্টত গৰিমাই লিখিছে, “২০ দিন …মই সঁচাই আছো নে জীয়াই ?” কালিৰ দিনটোতো গৰিমা শইকীয়া গাৰ্গে কৈছিল, জুবিনৰ সৈতে প্ৰকৃততে কি হৈছিল, আমাক সঁচা কথাটো লাগে। জুবিনৰ লাখ লাখ অনুৰাগীয়ে আঁচল কথাবোৰ জানিবলৈ অপেক্ষা কৰিছে। কথাবোৰত লাহে লাহে মেৰপাক বহুত বেছি হৈ গৈ আছে। কোনে কি কথা কৈছে, কি কৰিছে একো বুজি নোপোৱাৰ দৰে হৈছো। ইতিমধ্যে ভিডিঅ"বোৰত জুবিনক লৈ অৱহেলা স্পষ্টকৈ দেখা গৈছে। সঁচা কথাবোৰ ক"বলৈ ইমান ভয় কিয় খাইছে সেইসকল লোকে? এনেদৰে প্ৰশ্ন কৰিছিল গৰিমাই। ক্ৰমাত ৰহস্যঘন হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টো। জুবিনৰ মৃত্যুৰ পূৰ্বৰ ভিডিঅ"ত স্পষ্ট ৰূপত দেখা গৈছে য়ট পাৰ্টীৰ সময়ত জুবিন গাৰ্গৰ লগত থকা কেইজনে জুবিন গাৰ্গক কৰা অৱহেলা। ইফালে জুবিন গাৰ্গক বিহ পান কৰোৱা বুলি দাবী কৰিছিল শেখৰ গোস্বামীয়ে। তাৰ পিছতে সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি আছে। এতিয়া জুবিনে কিমান সোনকালে ন্যায় পাই সেয়া হ"ব লক্ষণীয়।"