Advertisment

৭ বছৰীয়া পুত্ৰ সন্তানৰ সৈতে মাতৃৰ ভয়ংকৰ কাণ্ড

এগৰাকী শিশুৱে আটাইতকৈ বেছি সুৰক্ষিত অনুভৱ কৰে নিজৰ মাতৃৰ ওচৰত। কিন্তু এইবাৰ এগৰাকী মাতৃয়ে নিজ সন্তানৰ সৈত্ সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড। মাতৃৰ প্ৰহাৰত কৰুণ মৃত্যুক আকোৱালি লয় এটি ৭ বছৰীয়া শিশুয়ে। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। 

 filephoto

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ক্ষুব্ধ মাতৃয়ে নৃশংসভাৱে প্ৰহাৰ কৰি হত্যা কৰে নিজৰ ৭ বছৰীয়া শিশুক। আৰক্ষীৰ মতে, শিশুটিয়ে মাংস দাবী ইচ্ছা কৰিছিল। কিন্তু বাৰে বাৰে মাতৃক একেটা কথা অৱগত কৰাত ক্ষুব্ধ হৈ মাতৃয়ে তেওঁক বেলনা মাৰিৰে মাৰপিট কৰিবলৈ ধৰিলে। ফলত মূৰ আৰু শৰীৰত আঘাত পোৱা শিশুটিয়ে মৃত্যুক আঁকোৱালি লয়। 

চাঞ্চল্যকৰ কথাটো হ’ল যে গুৰুতৰভাৱে আঘাত পোৱাৰ পিছতো মাতৃগৰাকীয়ে পুত্ৰক চিকিৎসালয়লৈ লৈ যোৱা নাছিল। পালঘৰ জিলাৰ ধনছাৰ গাঁৱৰ ঘোৰিলা কমপ্লেক্সত সংঘটিত হৈছে এই ঘটনা। স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত কৰি অভিযুক্ত মাতৃক আটক কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, দুয়োটি সন্তানে মাতৃক বাৰে বাৰে মাংস খোৱাৰ কথা কৈ আছিল। কিন্তু এই কথাত ক্ষোভিত হৈ মহিলাগৰাকীয়ে ৭ বছৰীয়া পুত্ৰ আৰু ১০ বছৰীয়া কন্যা সন্তানক নিৰ্মমভাৱে প্ৰহাৰ কৰে। এই প্ৰহাৰতে গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় কন্যা সন্তানটি আৰু থিতাতে মৃত্যু হয় ৭ বছৰীয়া শিশুটিৰ।

উক্ত ঘটনাৰ পিছতে অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে। মাতৃৰ প্ৰহাৰ,চিকিৎসকৰ গাফিলতি নে আন কোনো কাৰণত শিশুটিৰ মৃত্যু হৈছে  সেয়া আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে পোহৰলৈ আহিব।