Assameseদৃষ্টিহীন হোৱাৰ বাবেই বলীন বৰাই লাভ কৰা নাই নেকি আধাৰ কাৰ্ড? বঞ্চিত সকলো চৰকাৰী আঁচনিৰ পৰাবলীন বৰা দৃষ্টিহীন হোৱা বাবেই এখন আধাৰ কাৰ্ড বনাব নোৱাৰাৰ অভিযোগ। বলীন বৰাৰ নামত এখন আধাৰ কাৰ্ড নথকাৰ বাবে এটা এটাকৈ সকলোবোৰ চৰকাৰী সুবিধাৰ পৰা নাম কৰ্তন অৰ্থাৎ বঞ্চিত হ'বলগীয়া হৈছে পৰিয়ালটো।Anindita Kataki Sep 09, 2025 17:09 ISTদৃষ্টিহীন হোৱাৰ বাবেই বলীন বৰাই লাভ কৰা নাই নেকি আধাৰ কাৰ্ড? Photograph: (FILE PHOTO)দৃষ্টিহীন হোৱাৰ বাবেই বলীন বৰাই লাভ কৰা নাই নেকি আধাৰ কাৰ্ড? চৰকাৰে ৰাজ্যৰ দুখীয়া-দৰিদ্ৰৰ বাবে বিভিন্ন আঁচনি মুকলি কৰিছে। চৰকাৰী আঁচনিৰ সুবিধাৰেই বহুতৰ পৰিয়াল চলি আছে। কিন্তু চামগুৰিৰ দুৰ্ভগীয়া বলীন বৰা আজি পৰ্য্যন্ত বঞ্চিত হৈ আছে সকলো চৰকাৰী আঁচনি লাভৰ পৰা। বলীন বৰা হৈছে এগৰাকী দুৰ্ভগীয়া দৃষ্টিহীন ব্যক্তি। অতি দৰিদ্ৰ বলীন বৰাই দৃষ্টিহীনতাক বাধাৰ প্ৰাচীৰ হ'বলৈ নিদি অহৰহ চলাই গৈছে জীৱন সংগ্ৰাম। বলীন বৰাই বাঁহী বজায় পৰিয়ল পুহপাল দিয়াৰ লগতে তিনিটাকৈ সন্তানক পঢ়াই আছে। ৪৫ বছৰীয়া বলিন বৰাৰ ঘৰ চামগুৰিৰ বৰঙাতলীত।Advertismentবলীন বৰা দৃষ্টিহীন হোৱা বাবেই এখন আধাৰ কাৰ্ড বনাব নোৱাৰাৰ অভিযোগ। বলীন বৰাৰ নামত এখন আধাৰ কাৰ্ড নথকাৰ বাবে এটা এটাকৈ সকলোবোৰ চৰকাৰী সুবিধাৰ পৰা নাম কৰ্তন অৰ্থাৎ বঞ্চিত হ'বলগীয়া হৈছে পৰিয়ালটো। কেৱল আধাৰ কাৰ্ডখন নথকাৰ বাবেই তিনিমাহৰ আগলৈকে পাই থকা চৰকাৰী আঁচনিৰ পৰা লাভ কৰি থকা চাউল কেইটাৰ পৰাও বঞ্চিত হল বলীন বৰাৰ পৰিয়ালটো। এতিয়া সকলো আচঁনিৰ পৰা বঞ্চিত হৈ একপ্ৰকাৰ দিশহাৰা হৈ পৰিছে বলিণ বৰাৰ পৰিয়াল। কেইবাবাৰো আধাৰ কাৰ্ড কেন্দ্ৰ তথা চৰকাৰী কাৰ্যালয়লৈ তাতবাতি কৰি ভাগৰি পৰি চৰকাৰলৈ বলীন বৰাৰ অনুৰোধ সোনকালে তেওঁৰ আধাৰ কাৰ্ডৰ সমস্যাটো সমাধান হোৱাত সহায় কৰে।এতিয়া প্ৰশ্ন হয়, বলীন বৰাৰ দৰে যিসকল লোক আছে তেওঁলোকৰ বাবে চৰকাৰে কি সুবিধা প্ৰদান কৰিব? বিশেষ ভাৱে সক্ষম লোকসকলত আধাৰকে ধৰি যাৱতীয় নথি প্ৰদানৰ বাবে কিবা বিশেষ ব্যৱস্থা বা অন্য উপায় গ্ৰহণ কৰিব পৰা যাব নেকি? Read the Next Article