Advertisment

পৰ্যটকৰ বাবে ভাল খবৰ

দেশী-বিদেশী পৰ্যটকৰ বাবে ভাল খবৰ। আজিৰে পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনৰ কেন্দ্ৰ স্বৰূপ কঁহৰা বনাঞ্চল। আজিৰে পৰা পৰ্যটকসকলে উপভোগ কৰিব পাৰিব কঁহৰা বনাঞ্চলৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য।

 আজিৰে পৰা মুকলি কাজিৰঙাৰ কঁহৰা বনাঞ্চল Photograph: (DY365)
আজিৰে পৰা মুকলি কাজিৰঙাৰ কঁহৰা বনাঞ্চল Photograph: (DY365)

পৰ্যটকৰ বাবে ভাল খবৰ


আজিৰে পৰা মুকলি কাজিৰঙাৰ কঁহৰা বনাঞ্চল

দেশী-বিদেশী পৰ্যটকৰ বাবে ভাল খবৰ। আজিৰে পৰা দেশী-বিদেশীপৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনৰ কেন্দ্ৰ স্বৰূপ কঁহৰা বনাঞ্চল। আজিৰে পৰা পৰ্যটকসকলে উপভোগ কৰিব পাৰিব কঁহৰা বনাঞ্চলৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে চাব পাৰিব এশিঙীয়া গড় আৰু আন আন জীৱ-জন্তু। ২০২৫-২৬ বৰ্ষৰ বাবে এক উৎসৱ মুখৰ পৰিৱেশৰ মাজেৰে পৰ্যটনস্থলী কঁহৰা বনাঞ্চলৰ প্ৰৱেশ দ্বাৰ মুকলি কৰা হয়।

Advertisment

Also Read: ওদালগুৰিত ভয়ংকৰ ঘটনা। ভূটিয়াচাং নৈৰ পাৰত কাৰ মৃতদেহ উদ্ধাৰ?

বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি ফিটা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে কঁহৰা বনাঞ্চলৰ মিহি মুখৰ প্ৰৱেশদ্বাৰ। বনাঞ্চলৰ প্ৰৱেশদ্বাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাচা, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু বিধায়ক দৰচিং ৰংহাং। এতিয়াৰে পৰা জীপ ছাফাৰী কৰি পৰ্যটকে উপভোগ কৰিব পাৰিব উদ্যানখনৰ প্ৰাকৃতিক সৌন্দৰ্য। হাতী ছাফাৰী কৰিও দেশী-বিদেশী পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌন্দৰ্য চাব পাৰিব।

Also Read: 'ৰৈ ৰৈ বিনালে'ৰ জৰিয়তে আৰম্ভ হ'ল অসমীয়া চিনেমাৰ জয়যাত্ৰা

আনহাতে শনিবাৰে বাগৰি আৰু বুঢ়া পাহাৰ বনাঞ্চলত ব্যক্তিগত হাতী ছাফাৰী মুকলি কৰা হয়। বিগত পৰ্যটন বৰ্ষত অভিলেখ সংখ্যক পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰো আৰু অধিক পৰ্যটকৰ আগমন হ'ব বুলি আশা প্ৰকাশ কৰে সকলোৱে৷ কঁহৰা বনাঞ্চলৰ দ্বাৰ মুকলি অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 

Also Read: কাল্পনিকভাৱে অনুৰাগীৰ সৈতে আজি "ৰৈ ৰৈ বিনালে" চালে জুবিন গাৰ্গে


ইফালে আজি কাজিৰঙাত ‘কাজিৰঙা ৰাইন’ ৰান ২০২৫ মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু ডব্লিউ টি আৰ পিৰ যৌথ উদ্যোগত এই দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ‘জয় জুবিনদা’ ধ্বনিৰে কাজিৰঙা মিহিমুখৰ পৰা কাজিৰঙা ৰাইন’ ৰান শীৰ্ষক মাৰাথন দৌৰ প্ৰতিযোগিতা আৰম্ভ হয়। ৰাইন’ ৰানত মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, মণিপুৰৰ লগতে ৰাজ্যৰ ৩ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। 

Advertisment
Advertisment