Advertisment

‘একো বুজা নাই, ইমান ৰহস্য অথচ...। সামাজিক মাধ্যমত কি লিখিলে গৰিমাই

প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন আজি ২৭টা দিন। এতিয়া ন্যায়ৰ অপেক্ষাত সমগ্ৰ ৰাজ্য়বাসী। ৰাজ্যবাসীৰ মুখত মাথোঁ এটাই কথা #JusticeForZubeenGarg। তাৰ মাজতেই পত্নী গৰিমা শইকীয়া গাৰ্গৰ সামাজিক মাধ্যমত পুনৰ আৱেগিক পোষ্ট। 

 FILEPHOTO
FILEPHOTO

‘একো বুজা নাই, ইমান ৰহস্য অথচ...। সামাজিক মাধ্যমত কি লিখিলে গৰিমাই 

প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন আজি ২৭টা দিন। এতিয়া ন্যায়ৰ অপেক্ষাত সমগ্ৰ ৰাজ্য়বাসী। ৰাজ্যবাসীৰ মুখত মাথোঁ এটাই কথা #JusticeForZubeenGarg। তাৰ মাজতেই পত্নী গৰিমা শইকীয়া গাৰ্গৰ সামাজিক মাধ্যমত পুনৰ আৱেগিক পোষ্ট। 

Advertisment

১৯ ছেপ্তেম্বৰ ২০২৫, ৰাজ্য়বাসীৰ বাবে এটা কলা দিন। এই অভিশপ্ত দিনটোতে আমাৰ মাজৰ পৰা কায়িকভাৱে হেৰাই গৈছিল অসমীয়াৰ হিয়াৰ আমঠু, হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। ছিংগাপুৰৰ য়ট পাৰ্টীত প্ৰকৃততে প্ৰাণৰ শিল্পীগৰাকীৰ সৈতে কি হৈছিল জানিব লাগিব প্ৰতিজন অসমীয়াই। 

জুবিন গাৰ্গৰ মৃত্য়ুৰ তদন্তক লৈ বিভিন্ন বিতৰ্কৰ সূচনা আৰু শেহতীয়া ঘটনা-পৰিঘটনাৰ মাজতে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ সামাজিক মাধ্যমত পুনৰ আৱেগিক পোষ্ট, ‘একো বুজা নাই, ইমান ৰহস্য অথচ একো গোপনীয়তা নাই’। ‘ৰাজহুৱা কৰা নাই, অথচ সকলোৱে পায়’। 


ইফালে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ভগ্নী পাল্মী বৰঠাকুৰৰো সামাজিক মাধ্যমত পোষ্ট, ‘সেইদিনা Singaporeত কি হৈছিল সেই সত্য আমি জানিবই লাগিব’। I promise...you will get justice বুলি পাল্মী বৰঠাকুৰৰ আৱেগিক পোষ্ট। সামাজিক মাধ্যমত এতিয়া সৰ্বত্ৰ #JusticeForZubeenGarg চৰ্চা। 


আনহাতে জুবিন গাৰ্গৰ মৃত্যুক লৈ SITৰ তদন্তত নতুন গতি। ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে আজিয়েই বৈঠকত বহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নতুন দিল্লীৰ অসম ভৱনত বিয়লি ৪.৩০ বজাত  ছিংগাপুৰৰ উচ্চায়ুক্তৰে বৈঠকত বহিব মুখ্যমন্ত্ৰী। জুবিন গাৰ্গৰ মৃত্যু প্ৰসংগ আৰু ছিংগাপুৰত অসম আৰক্ষীয়ে তদন্ত কৰিবলগীয়া বিষয়টোৱে বৈঠকত আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা। লগতে সন্ধিয়া ৭ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাত্‍ কৰিব মুখ্যমন্ত্ৰীয়ে। ইতিমধ্যে তদন্তক লৈ ছিংগাপুৰ প্ৰশাসনৰ পৰা অসম আৰক্ষীয়ে পাইছে ইতিবাচক সঁহাৰি। তদন্তৰ বাবে কোন কোন সদস্য যাব তাৰ তথ্য বিচাৰিছে ছিংগাপুৰৰ হাই কমিছনাৰে। লগতে ছিংগাপুৰৰ ক’ত ক’ত তদন্ত চলোৱা হ’ব তাৰো তথ্য বিচাৰিলে SITক।

জুবিন গাৰ্গক ন্যায় দিয়ক। ৰাজ্যবাসীৰ মুখত মাথোঁ এটাই কথা #JusticeForZubeenGarg। ছ’চিয়েল মিডিয়াত প্ৰতিগৰাকীয়ে লোকে উত্থাপন কৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী। প্ৰতিগৰাকীয়ে লোকে ছ’চিয়েল মিডিয়াত ব্যৱহাৰ কৰিছে #JusticeForZubeenGarg দাবী।