"আনে কৰিব নোৱাৰা কাম কৰি দেখুৱালে জুবিন গাৰ্গে আনে কৰিব নোৱাৰা কাম কৰি দেখুৱালে জুবিন গাৰ্গে, সেইবাবে জুবিন আছিল একক, অনন্য। অসমৰে নহয়, ভাৰতবৰ্ষৰ চিনেমা জগতত এক নতুন অভিলেখ সৃষ্টি কৰি পুৱা ৪.২৫ বজাৰ পৰাই আৰম্ভ হ'ল ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী। জুবিন গাৰ্গে কৈ যোৱাৰ দৰে অসমত এতিয়া কেৱল চলিছে অসমীয়া চিনেমা , একপ্ৰকাৰ ৰাজ্যৰ চিনেমা হলত এতিয়া অসমীয়াগিৰি। Advertisment ৰৈ ৰৈ বিনালেৰ জৰিয়তে আৰম্ভ হ'ল অসমীয়া চিনেমাৰ জয়যাত্ৰা। সকলো অপেক্ষাৰ অন্ত পেলাই আজি শুভমুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি "ৰৈ ৰৈ বিনালে"। পুৱা ৪.২৫ বজাৰ পৰাই আৰম্ভ হল ৰৈ ৰৈ বিনালেৰ প্ৰথমটো দৰ্শনী। ঠিক জুবিন গাৰ্গে কৈ যোৱাৰ নিচিনা অসমত এতিয়া কেৱল চলিছে অসমীয়া চিনেমা। পুৱাই মুক্তি পালে বহু প্ৰতীক্ষিত ছবি "ৰৈ ৰৈ বিনালে"। দোকমোকালিতে ইতিহাস সৃষ্টি কৰি শুভমুক্তি পালে "ৰৈ ৰৈ বিনালে"। অসমৰ প্ৰান্তে প্ৰান্তে "ৰৈ ৰৈ বিনালে" হৈ পৰিছে এক আৱেগ, এক আন্দোলন। ৰাজ্যৰ ৯৪খন SCREENত প্ৰদৰ্শন হ'ব "ৰৈ ৰৈ বিনালে"ৰ ৪৫৬টা দৰ্শনী। গুৱাহাটীৰ ১৪টা ছবিগৃহত পুৱাৰ পৰাই ১৭৯টা দৰ্শনী। পুৱা ৪ বাজি ২৫ মিনিটত গুৱাহাটীৰ মেট্ৰিক্স হলত আৰম্ভ হৈছিল ৰৈ ৰৈ বিনালেৰ প্ৰথমটো দৰ্শনী। প্ৰতিজন অসমীয়াৰ মুখে মুখে এতিয়া কেৱল 'ৰৈ ৰৈ বিনালে'। অসমীয়া ছবি চাবলৈ হিলদল ভাঙি ওলাই আহিছে অসমবাসী। ৰাজ্যৰ চিনেমা জগতত "ৰৈ ৰৈ বিনালে" হৈ ৰব ইতিহাস। চিনেমা চাবলৈ আহি কান্দোনত ভাঙি পৰিছে জুবিন অনুৰাগী। ৰৈ ৰৈ বিনালে ষে জুবিন গাৰ্গৰ অন্তিমখন চিনেমা, এই কথা মানি লব পৰা নাই কোনেও। হিয়া ঢাকুৰি কান্দি কান্দি অনুৰাগীয়ে কলে -"আমি পলিটিক্স বুজি নোপোৱা সৰু মানুহ। "যেনেকৈ হ"লেও আমাক জুবিন গাৰ্গৰ ন্যায় লাগিবই'। "ৰৈ ৰৈ বিনালে"ৰ মুক্তিৰ দিনাই সৰুমটৰীয়াৰ বাঘেশ্বৰী মন্দিৰত পূজা-অৰ্চনা গৰিমা শইকীয়া গাৰ্গৰ। জুবিনৰ সপোনৰ চিনেমা "ৰৈ ৰৈ বিনালে"লৈ ৰাইজে দিয়া সঁহাৰিক কৃতজ্ঞতা জনালে গৰিমাই কলে- অসমীয়া চিনেমাক লৈ জুবিন গাৰ্গৰ সপোন পূৰ্ণ হোৱাৰ পথত। লগতে গৰিমা শইকীয়া গাৰ্গে কলে- "জুবিন আজি বহুত সুখী। ছবিৰ পৰ্দাত পুনৰ এবাৰ জুবিন জীৱন্ত হৈ উঠিছে । ৰাইজৰ মৰম দেখি জুবিনেও আজি চাগে অভিভূত হৈছে। "অসমৰ সকলো মানুহে "ৰৈ ৰৈ বিনালে" চোৱাৰ আগ্ৰহ কৰিছে"। ৰৈ ৰৈ বিনালে সকলোৰে আবেগ বুলি মন্তব্য অখিল গগৈৰ। "ৰৈ ৰৈ বিনালে"ৰ চাবলৈ গৈ সকলোকে জুবিন গাৰ্গৰ ছবিখন চাবলৈ আহ্বান বিধায়ক অখিল গগৈৰ। ৰৈ ৰৈ বিনালে চাই হলতে উচুপি উঠিছে অনুৰাগী। শেষবাৰৰ বাবে জুবিন গাৰ্গক চাই ছবিগৃহতেই একেলগে সকলোৱে চিঞৰি উঠিল #JusticeForZubeenGarg। গুৱাহাটীৰ ছবিগৃহত ক্ৰন্দনত মহিলা-যুৱতীৰ দাবী "ন্যায় আমাক লাগিবই। মুখ্যমন্ত্ৰীয়ে নোৱাৰিলে অভিযুক্তক আমাক গতাই দিয়ক" বুলি দাবী ৰাইজৰ। "