Assameseদেশৰ লাখ লাখ কৃষকলৈ বৃহৎ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰদেশৰ লাখ লাখ কৃষকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ উপহাৰ। দেশৰ কৃষকসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। কৃষক আৰু পশুপালকৰ বাবে ৪২ হাজাৰ কোটি টকাৰ যোজনা মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। Mrinmoy Talukdar Oct 11, 2025 15:27 ISTFilephotoদেশৰ লাখ লাখ কৃষকলৈ বৃহৎ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰদেশৰ লাখ লাখ কৃষকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ উপহাৰ। দেশৰ কৃষকসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। কৃষক আৰু পশুপালকৰ বাবে ৪২ হাজাৰ কোটি টকাৰ যোজনা মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। Advertismentকৃষি আৰু কৃষকৰ উন্নয়নৰ বাবে চৰকাৰ। কৃষকৰ উন্নয়নৰ বাবে দেশত ধন-ধান্য যোজনা মুকলি। দাইল আত্মনিৰ্ভৰশীলতা অভিযানো মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে। কৃষকক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে মোদী চৰকাৰৰ পদক্ষেপ। দেশৰ কৃষক আৰু পশুপালকলৈ বৃহৎ উপহাৰ। দীপাৱলীৰ পূৰ্বে কৃষি আৰু কৃষকৰ উন্নয়নৰ বাবে ৪২ হাজাৰ কোটি টকাৰ যোজনা মুকলি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে নতুন দিল্লীত কৃষি মন্ত্ৰালয়ৰ এক অনুষ্ঠানত অংশ লৈ দেশত কৃষকৰ উৎপাদন বৃদ্ধিৰ বাবে এই নতুন যোজনা মুকলি কৰে। পঞ্চায়ত আৰু ব্লক পৰ্যায়ত ৰূপায়িত হ’ব ধন-ধান্য যোজনা। দেশৰ ১০০খন জিলাত কৃষি বিকাশ আৰু কৃষকৰ আয় বৃদ্ধিৰ লক্ষ্য। প্ৰধানমন্ত্ৰীয়ে মুকলি কৰা ধন-ধান্য যোজনাৰ অধীনত খেতিপথাৰলৈ জলসিঞ্চনৰ সুবিধা সুনিশ্চিত কৰা, শস্য বিবিধতাৰ প্ৰসাৰ আৰু ঋণ তথা মজুতকৰণ, আন্তঃগাঁথনি সহজসভ্য কৰি তোলাৰ বাবে ব্যৱস্থা গঢ়ি তোলা হ’ব। দাইল আত্মনিৰ্ভৰশীলতা অভিযানৰ ৰহৰ, মাটিমাহ আৰু মচুৰৰ দৰে শস্য উত্পাদন বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হ’ব। কৃষকৰ উন্নয়নৰ বাবে এই আঁচনি মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ পিছত দেশত কৃষকৰ ব্যাপক উন্নয়ন আৰু বিকাশ হোৱা বুলি দাবী কৰে। বীজৰ পৰা বজাৰলৈ আমাৰ চৰকাৰে কাম কৰিছে। যোৱা ১১ বছৰত কৃষিজাত সামগ্ৰীৰ উত্পাদন ৯০০ লাখ মেট্ৰিকটন বৃদ্ধি পোৱা বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। একেদৰে ফল-পাচলিৰ উত্পাদন ৬৪০ লাখ মেট্ৰিকটন বৃদ্ধি পোৱা বুলি কয় প্ৰধানমন্ত্ৰীয়ে। গাখীৰ উত্পাদনত ভাৰত আজি বিশ্বৰ ভিতৰতে শীৰ্ষত। ক’লে প্ৰধানমন্ত্ৰীয়ে। দেশৰ কৃষকসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লৈছে এই বৃহৎ পদক্ষেপ। পঞ্চায়ত আৰু ব্লক পৰ্যায়তো ৰূপায়ণ কৰা হ’ব এই নতুন আঁচনি। আঁচনি আৰম্ভ কৰি মোদীৰ মন্তব্য আমাৰ প্ৰাথমিকতা হৈছে দেশৰ কৃষকৰ হিতৰ বাবে কাম কৰা। কৃষক, পশুপালকৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ চৰকাৰে কেতিয়াও হেমাহি নকৰে। Read the Next Article