Assameseহাতত হেংদাং লৈ ৰাজপথত নামিল লাচিত বৰফুকন!ৰাজপথত লাচিত বৰফুকন! ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এইবাৰ প্ৰকাণ্ড নৌকাত আহিল প্ৰায় ১৩ শতাধিক লাচিত। হাতত হেংদাং লৈ ১৩ শতাধিক অসমীয়া যুৱকে 'জয় আই অসম ধ্বনি'ৰে কঁপালে জামুগুৰিহাটৰ পকামুৰা পথাৰ৷ লাচিত দিৱস উপলক্ষ্যে প্ৰতীকী নাওলৈ এই শোভাযাত্ৰা।Naba Gogoi Nov 24, 2025 18:35 ISTহাতে হাতে হেংদাং লৈ ৰাজপথত লাচিতৰ বেশত ১৩শ যুৱক ৰাজপথত লাচিত বৰফুকন! ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এইবাৰ প্ৰকাণ্ড নৌকাত আহিল প্ৰায় ১৩ শতাধিক লাচিত। হাতত হেংদাং লৈ ১৩ শতাধিক অসমীয়া যুৱকে 'জয় আই অসম ধ্বনি'ৰে কঁপালে জামুগুৰিহাটৰ পকামুৰা পথাৰ৷ লাচিত দিৱস উপলক্ষ্যে প্ৰতীকী নাওলৈ ১৫ কিঃমি পথত দহ সহস্ৰাধিক লোকৰ শোভাযাত্ৰা।AdvertismentALSO READ: আদানি-আম্বানিক বৰপীৰা...! গৰজি উঠিল ৰাভা হাছাং, উত্তাল পলাশবাৰীনদুৱাৰ সমষ্টিৰ জামুগুৰিহাটত এক অভিনৱ কাৰ্যসুচীৰে উদযাপন কৰা হয় লাচিত দিৱস৷ এই উদ্দেশ্যৰে পূৱাই জয় আই অসম, আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই ধ্বনিৰে জামুগুৰিহাটৰ আকাশবতাহ কঁপাই তোলে নদুৱাৰ সমষ্টিৰ একহাজাৰ তিনিশ পাহোৱাল অসমীয়াই ডেকাই৷ এক বিশাল সু-সৰ্জিত প্ৰতীকী নাৱত উঠি ১,৩০০ যুৱকে হাতত হেংদাং লৈ চতিয়াৰ পৰা প্ৰায় ১৫ কিঃমিঃ পথ অতিক্ৰম কৰি জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পকামুৰা পথাৰত সমবেত হয়৷ এই বিশাল শোভাযাত্ৰাত গোৰ্খা ডেকাসকলে খুকুৰি, মিচিং ডেকাসকলে অক্সা, বড়োসকলে দাও আৰু আদিৱাসী ডেকাসকলে হাতত ধনু কাড়লৈ জাতীয় সাজপাৰ পিন্ধি অংশগ্ৰহণ কৰে৷ এই লাচিত দিৱসৰ কাৰ্যসূচীত শৰীৰ চৰ্চাবিদ মহাদেৱ ডেকা, বিজিত গগৈ, পংকজ বৰা আৰু মহিলা ক্ৰিকেট খেলুৱৈ উমা ছেত্ৰীক উষ্ম অভিনন্দন জ্ঞাপন কৰে কন্যকা পৰিয়ালে৷ জীয়া ভৰলী কন্যকা কৃষি পামৰ উদ্যোগত অনুষ্ঠিত এই লাচিত দিৱসৰ কাৰ্যসুচীয়ে অসম বুক অৱ ৰেকৰ্ডচত স্থান পোৱা বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই৷ উক্ত অনুষ্ঠানতে খেলুৱৈ উমা ছেত্ৰীক কন্যকা তৰফৰ পৰা বিধায়ক পদ্ম হাজৰিকাই নগদ পাচঁলাখ টকাৰ চেক প্ৰদান কৰে।AdvertismentAdvertisment Read the Next Article