Advertisment

অনুমতি অবিহনে উদযাপন কৰিব নোৱাৰিব খ্ৰীষ্টমাছ-নৱবৰ্ষ

অনুমতি অবিহনে উদযাপন কৰিব নোৱাৰিব খ্ৰীষ্টমাছ-নৱবৰ্ষ। খ্ৰীষ্টমাছ-নৱবৰ্ষক লৈ আহি গ'ল প্ৰশাসনৰ নিৰ্দেশনা। অনুমতি অবিহনে খ্ৰীষ্টমাছ-নৱবৰ্ষ আয়োজন কৰিলে গ্ৰহণ কৰা হ'ব কঠোৰ আইনী ব্যৱস্থা।

 FILEPHOTO
FILEPHOTO

প্ৰশাসনৰ অনুমতি অবিহনে উদযাপন কৰিব নোৱাৰিব খ্ৰীষ্টমাছ-নৱবৰ্ষ

অনুমতি অবিহনে উদযাপন কৰিব নোৱাৰিব খ্ৰীষ্টমাছ-নৱবৰ্ষ। খ্ৰীষ্টমাছ-নৱবৰ্ষক লৈ আহি গ'ল প্ৰশাসনৰ নিৰ্দেশনা। অনুমতি অবিহনে খ্ৰীষ্টমাছ-নৱবৰ্ষ আয়োজন কৰিলে গ্ৰহণ কৰা হ'ব কঠোৰ আইনী ব্যৱস্থা।

Advertisment

Read More- স্মাৰ্ট মিটাৰৰ অ-স্মাৰ্ট কাণ্ড, এমাহত বিল আহিল ১ লাখ ২৯ হাজাৰ টকা

পৱিত্ৰ বৰদিন আৰু নৱবৰ্ষলৈ আৰু মাত্ৰ কেইটামান দিন। দেশবাসীয়ে অধীৰ আগ্ৰহেৰে ৰৈছে এই বিশেষ দিন দুটালৈ। বৰদিন আৰু নৱবৰ্ষৰ আগমনৰ পূৰ্বেই এতিয়া কঠোৰ হৈছে প্ৰশাসন। প্ৰশাসনে স্পষ্ট কৰি দিছে যে বৰদিন আৰু নৱবৰ্ষৰ বাবে অনুষ্ঠিত হোৱা সকলো অনুষ্ঠানৰ বাবে পূৰ্ব অনুমতি বাধ্যতামূলক হ’ব, অন্যথা আয়োজকসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা ।

Read More- এফালে মোদীৰ অসম ভ্ৰমণ, আনফালে গৌৰৱ গগৈৰ প্ৰতিবাদ

নয়ডা প্ৰশাসনে জাৰি কৰিছে এই নতুন নিৰ্দেশনা। জিলা দণ্ডাধীশে জাৰি কৰা নিৰ্দেশনা অনুসৰি হোটেল, পাব, ৰেষ্টুৰেণ্ট, ক্লাব, পাৰ্ক, বিবাহ লন, ফাৰ্ম হাউচ, আৰু অন্যান্য ৰাজহুৱা স্থানত অনুষ্ঠিত হোৱা সকলো মনোৰঞ্জনধৰ্মী অনুষ্ঠান প্ৰশাসনৰ অনুমতি অবিহনে উদযাপন কৰিবলৈ অনুমতি দিয়া নহ’ব। অনুমতি অবিহনে অনুষ্ঠিত হ’লে যিকোনো অনুষ্ঠান থিতাতে বন্ধ কৰি দিয়া হ’ব বুলি সকীয়াই দিয়াৰ লগতে আয়োজকসকলৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰিছে।

Read More- ঘৃণামূলক ভাষণ বন্ধ, অন্যথা ১০ বছৰ জে’ল! বিধানসভাত গৃহীত হ’ল বিধেয়ক

জিলা দণ্ডাধীশে মন্তব্য কৰা অনুসৰি বৰদিন আৰু নৱবৰ্ষৰ দৰে বৃহৎ অনুষ্ঠানত হুলস্থুল, বিশৃংখলতা বা অন্যান্য দুৰ্ঘটনাৰ আশংকা থাকে। এই কথাবোৰলৈ মন কৰিয়েই প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে। লগতে আয়োজকসকলে অগ্নিনিৰ্বাপক সুৰক্ষা, বৈদ্যুতিক সুৰক্ষা, আইন-শৃংখলা, আৰু জনশৃংখলাৰ সৈতে জড়িত সকলো নিৰ্দেশনা মানি চলিব লাগিব। লগতে এই সকলো ব্যৱস্থা সম্পৰ্কীয় প্ৰমাণ পত্ৰ সংশ্লিষ্ট বিভাগৰ পৰা লৈ প্ৰশাসনৰ ওচৰত দাখিল কৰিব লাগিব।

Read More- নিলাজ! বহিঃৰাষ্ট্ৰত ভিক্ষা খোজা ৫১ হাজাৰ পাকিস্তানীক বিতাড়ন

প্ৰশাসনে সাধাৰণ ৰাইজ আৰু উদ্যোক্তা সকলক নিয়ম মানি চলি বৰদিন আৰু নৱবৰ্ষ নিৰাপদভাৱে উদযাপন কৰিবলৈ আহ্বান জনাইছে, যাতে যিকোনো ভয়ংকৰ পৰিঘটনাৰ পৰা হাত সাৰিব পাৰে আৰু উৎসৱ সমূহ শান্তিপূৰ্ণ পৰিৱেশত উদযাপন কৰিব পৰা যায়।

Advertisment
Advertisment