Advertisment

এফালে মোদীৰ অসম ভ্ৰমণ, আনফালে গৌৰৱ গগৈৰ প্ৰতিবাদ

মাজুলীত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ বিৰুদ্ধে প্ৰতিবাদ গৌৰৱ গগৈৰ। মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক গ্ৰেপ্তাৰৰ দাবী কৰিলে APCCৰ সভাপতি গৰাকীয়ে। জল জীৱন মিছনৰ দুৰ্নীতিক লৈ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীকো সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ।

 Filephoto
Filephoto

এফালে মোদীৰ অসম ভ্ৰমণ, আনফালে গৌৰৱ গগৈৰ প্ৰতিবাদ 

মাজুলীত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ বিৰুদ্ধে প্ৰতিবাদ গৌৰৱ গগৈৰ। মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক গ্ৰেপ্তাৰৰ দাবী কৰিলে APCCৰ সভাপতি গৰাকীয়ে। জল জীৱন মিছনৰ দুৰ্নীতিক লৈ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীকো সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ।

Advertisment

Read More- মনোৰঞ্জনৰ আহিলা নেকি অখিল গগৈ? মুখ্যমন্ত্ৰীৰ কটাক্ষ

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসম ভ্ৰমণৰ এই সময়ছোৱাত কেইবাটাও কাৰ্যসূচী ৰূপায়ন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি বৰঝাৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰিব মোদীয়ে। তাৰ পাছতেই ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত কাৰ্যালয়লৈ যাব প্ৰধানমন্ত্ৰী গৰাকী। কইনা ধৰা ৰাজ্যিক অতিথি শালাত নিশা কটাই কাইলৈ প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব ব্ৰহ্মপুত্ৰৰ বুকুত আয়োজিত পৰীক্ষা পে চৰ্চা অনুষ্ঠানত। অনুষ্ঠানতৰ পাছতেই বৰাগাঁওত নৱনিৰ্মিত ছহিদ স্মাৰক প্ৰদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে। তাৰ পিছতেই নামৰূপলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নামৰূপত উপস্থিত হৈ বহু প্ৰত্যাশিত নামৰূপ সাৰ কাৰখানাৰ নতুন ইউৰিয়া প্ৰকল্পৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। অসম ভেলী ফাৰ্টিলাইজাৰ কেমিকেলছ কোম্পানী লিমিটেডৰ অধীনত প্ৰায় ১১ হাজাৰ কোটি টকা ব্যয়ৰে ১২ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদক্ষম প্ৰকল্প হ'ব নামৰূপত।

Read More- কোন ওছমান হাদী? যাৰ মৃত্যুত জ্বলিছে বাংলাদেশ

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ মাজতেই মাজুলীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে প্ৰতিবাদ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। গড়মূৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসুচীত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক গ্ৰেপ্তাৰৰৰ দাবী কৰিলে APCCৰ সভাপতি গৰাকীয়ে। 

Read More- ঘৃণামূলক ভাষণ বন্ধ, অন্যথা ১০ বছৰ জে’ল! বিধানসভাত গৃহীত হ’ল বিধেয়ক

প্ৰতিবাদত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে ক'লে- আমি অসমৰ ৰাইজৰ কণ্ঠ, অসমৰ ৰাইজৰ অভিযোগ প্ৰধানমন্ত্ৰীৰ কাণত পেলাব বিচাৰিছো। বৰ্তমান অসমত চৰকাৰী স্কুলবোৰ এফালৰ পৰা বন্ধ হৈছে, যুৱক-যুৱতীৰ হাতত চৰকাৰী সংস্থাপন নাই, মাজুলীৰ গৰাখহনীয়া সমস্যাৰ নামত কোটি কোটি টকাৰ কেলেংকাৰী হৈছে - এই সকলোবোৰ কথা আমি প্ৰধানমন্ত্ৰী মোদীক প্ৰতিবাদৰ জৰিয়তে অৱগত কৰিব বিচাৰিছো। এতিয়া প্ৰশ্ন হৈছে প্ৰধানমন্ত্ৰীয়ে অসমৰ ৰাইজৰ কথা শুনিব নে হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিব। 

Read More- টি-২০ বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দল

লগতে গৌৰৱ গগৈয়ে কয় যে, JJMৰ দুৰ্নীতিৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত ২নং স্থানত আছে অসম। জল জীৱন মিছনৰ দুৰ্নীতিক লৈ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীকো তীব্ৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।

Advertisment
Advertisment