Advertisment

মনোৰঞ্জনৰ আহিলা নেকি অখিল গগৈ? মুখ্যমন্ত্ৰীৰ কটাক্ষ

অখিল গগৈৰ এতিয়া বিগ ফেন হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিশা আজৰি হ’লেই অখিল গগৈৰ ফেচবুক চায় মুখ্যমন্ত্ৰীয়ে। শেহতীয়াকৈ জুবিন গাৰ্গৰ চাৰ্জশ্বীটক লৈ ঘনে ঘনে ফেচবুক লাইভ অহা অখিল গগৈক টেনশ্যনৰ মেডিচিন আখ্যা মুখ্যমন্ত্ৰীৰ'।

 Filephoto
Filephoto

মনোৰঞ্জনৰ আহিলা নেকি অখিল গগৈ? মুখ্যমন্ত্ৰীৰ কটাক্ষ

অখিল গগৈৰ এতিয়া বিগ ফেন হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিশা আজৰি হ’লেই অখিল গগৈৰ ফেচবুক চায় মুখ্যমন্ত্ৰীয়ে। শেহতীয়াকৈ জুবিন গাৰ্গৰ চাৰ্জশ্বীটক লৈ ঘনে ঘনে ফেচবুক লাইভ অহা অখিল গগৈক টেনশ্যনৰ মেডিচিন আখ্যা দি মুখ্যমন্ত্ৰীয়ে ক’লে- 'অখিল গগৈ এতিয়া আইন আদালত সকলো'।

Advertisment

Read More- নিলাজ! বহিঃৰাষ্ট্ৰত ভিক্ষা খোজা ৫১ হাজাৰ পাকিস্তানীক বিতাড়ন

মুখ্যমন্ত্ৰীৰ বাবে অখিল গগৈ এতিয়া এণ্টাৰটেইনমেণ্টৰ বস্তু। অখিল গগৈৰ ফেচবুক লাইভ চালেহে হেনো টোপনি আহে মুখ্যমন্ত্ৰীৰ। বিধায়ক অখিল গগৈক কটাক্ষ কৰি এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 

Read More- চিন্তনীয়! দ্ৰুতগতিত ভাৰতীয়ই ত্যাগ কৰিছে নাগৰিকত্ব

লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে, "অখিল গগৈ এতিয়া প্ৰেক্টিকেল ফিল্ডত নাই। অখিল গগৈ এতিয়া ডিজিটেল মাধ্যমৰ মানুহ। ফেচবুকত কোনোবাই অখিল গগৈৰ বিৰুদ্ধে কমেণ্ট দিলেই সেই মানুহসকলৰ লগত অখিল গগৈয়ে ফেচবুকতেই কাজিয়া কৰে"। 

Read More- প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণত ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব নামৰূপবাসী

আনহাতে মুখ্যমন্ত্ৰীয়ে হেনো দিনটোৰ কামৰ পৰা আজৰি হলেই আজিকালি অখিল গগৈৰ ফেচবুক লাইভ চাই। অখিল গগৈ ফেচবুক লাইভত কাৰোবাক জহনী বুলি গালি পাৰে, আন কাৰোবাক অন্য শব্দৰে গালি পাৰে। আনহাতে ৰাজ্যবাসীকো অখিল গগৈৰ ফেচবুক লাইভ চাবলৈ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ মতে, কাৰোবাৰ পতী-পত্নীৰ মাজত কাজিয়া লাগিলে, ল'ৰা-ছোৱালীৰ মাজত কাজিয়া লাগিলে, অফিচৰ কিবা টেনশ্যন থাকিলে আপোনালোকে অখিল গগৈৰ ফেচবুক লাইভ চাব। অখিল গগৈৰ ফেচবুক লাইভ চালে সকলো টেনশ্যনেই দূৰ হ'ব। ঘনে ঘনে ফেচবুক লাইভ অহা অখিল গগৈক একপ্ৰকাৰ টেনশ্যনৰ মেডিচিন আখ্যা দিলে মুখ্যমন্ত্ৰীয়ে। অখিল গগৈৰ ফেচবুক লাইভ চাই হেনো খোদ মুখ্যমন্ত্ৰীয়েই ফেন হৈ পৰিছে বিধায়কগৰাকীৰ।

Read More- কপাল ফুলিল, কোনে কোনে পালে চৰকাৰী চাকৰি?

Advertisment
Advertisment