Advertisment

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণত ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব নামৰূপবাসী

ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে নামৰূপ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলান্যাস কৰিব বহু প্ৰত্যাশিত নামৰূপ সাৰ কাৰখানাৰ নতুন ইউৰিয়া প্ৰকল্পৰ। প্ৰায় ১১ হাজৰ কোটি টকা ব্যয়ৰে ১২ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদনক্ষম প্ৰকল্প প্ৰস্তুত হ'ব নামৰূপত।

 Filephoto
Filephoto

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণত ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব নামৰূপবাসী

এক দীঘলীয়া সংগ্ৰামৰ অন্তত ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে নামৰূপ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলান্যাস কৰিব বহু প্ৰত্যাশিত নামৰূপ সাৰ কাৰখানাৰ নতুন ইউৰিয়া প্ৰকল্পৰ। প্ৰায় ১১ হাজৰ কোটি টকা ব্যয়ৰে ১২ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদনক্ষম প্ৰকল্প প্ৰস্তুত হ'ব নামৰূপত।

Advertisment

Read More- পুলিয়ে-পোখাই উৎখাত কৰিম, সৰ্বোচ্চ উজাৰি যুঁজিম! বিজেপিক হুংকাৰ

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই বৰঝাৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰিব মোদীয়ে। কইনা ধৰা ৰাজ্যিক অতিথি শালাত নিশা কটাই প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব ব্ৰহ্মপুত্ৰৰ বুকুত আয়োজিত পৰীক্ষা পে চৰ্চা অনুষ্ঠানত। অনুষ্ঠানতৰ পাছতেই বৰাগাঁওত নৱনিৰ্মিত ছহিদ স্মাৰক প্ৰদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে। তাৰ পিছতেই নামৰূপলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 

Read More- কপাল ফুলিল, কোনে কোনে পালে চৰকাৰী চাকৰি?

এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে নামৰূপ। নামৰূপলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বহু প্ৰত্যাশিত নামৰূপ সাৰকাৰখানাৰ নতুন ইউৰিয়া প্ৰকল্পৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। অসম ভেলী ফাৰ্টিলাইজাৰ কেমিকেলছ কোম্পানী লিমিটেডৰ অধীনত প্ৰায় ১১ হাজৰ কোটি টকা ব্যয়ৰে ১২ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদক্ষম প্ৰকল্প হ'ব নামৰূপত। 

Read More- অসমত আকৌ ১৫ বাংলাদেশী, প্ৰশাসনে দিলে ২৪ ঘণ্টাৰ সময়সীমা

প্ৰধানমন্ত্ৰীৰ আগমনক লৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে নামৰূপত। প্ৰায় ডেৰলক্ষাধিক লোক সমবেত হ'ব পৰাকৈ সাজু কৰি তোলা হৈছে সুবিলাশ মণ্ডপ। মোতায়ন কৰা হৈছে হাজাৰ হাজাৰ আৰক্ষী জোৱান। প্ৰধানমন্ত্ৰী আহিব লগা বায়ুসেনাৰ বিশেষ হেলিকপ্তাৰ যাতে সুকলমে অৱতৰণ কৰিব পাৰে তাৰ বাবে বায়ু সেনাৰ তিনিখনকৈ বিশেষ হেলিকপ্তাৰে সভাস্থলীৰ কাষতে সাজু কৰি তোলা অস্থায়ী হেলিপেডত অৱতৰণৰ অনুশীলন চলোৱাৰ লগতে আকাশমাৰ্গৰ পৰাই সভাস্থলীৰ নিৰাপত্তাৰ দিশ সমূহ সূক্ষ্ম সূক্ষ্ম ভাবে নিৰীক্ষণ কৰে। 

Read More- কঠোৰ চৰকাৰ! PUC অবিহনে নাপাব পেট্ৰ’ল, ডিজেল

আনহাতে অসম আৰক্ষীৰ আইন শৃংখলাৰ IGP অখিলেশ সিঙৰ নেতৃত্বত ৰাজ্যৰ উচ্চ পদস্থ আৰক্ষী বিষয়া সকলে ঘনাই ঘনাই বৈঠকত মিলিত হৈ সভাস্থলীৰ নিৰাপত্তাৰ দিশসমূহত যাতে কোনোধৰণৰ সুৰুঙা থাকিব যাব নোৱাৰে তাৰ বাবে চোকা দৃষ্টি ৰাখিছে। প্ৰধানমন্ত্ৰীয়ে সভাস্থলীত প্ৰৱেশ কৰিব লগা পথত তন্ন তন্ন কৈ তালাচী চলাইছে এছপিজিয়ে।

Advertisment
Advertisment