Assameseঅসমত আকৌ ১৫ বাংলাদেশী, প্ৰশাসনে দিলে ২৪ ঘণ্টাৰ সময়সীমাবাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে অভিযান। ৰাজ্যত পুনৰ চিনাক্ত কৰা হৈছে ১৫ বাংলাদেশীক। বাংলাদেশী ঘোষিত আটাইকে ২৪ ঘণ্টাৰ ভিতৰত ভাৰতৰ সীমাৰ পৰা বাহিৰ কৰাৰ নিৰ্দেশ নগাঁও জিলা আয়ুক্তৰ। Mrinmoy Talukdar Dec 18, 2025 17:14 ISTFilephotoঅসমত আকৌ ১৫ বাংলাদেশী, প্ৰশাসনে দিলে ২৪ ঘণ্টাৰ সময়সীমাবাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে অভিযান। ৰাজ্যত পুনৰ চিনাক্ত কৰা হৈছে ১৫ বাংলাদেশীক। বাংলাদেশী ঘোষিত আটাইকে ২৪ ঘণ্টাৰ ভিতৰত ভাৰতৰ সীমাৰ পৰা বাহিৰ কৰাৰ নিৰ্দেশ নগাঁও জিলা আয়ুক্তৰ। AdvertismentRead More- কঠোৰ চৰকাৰ! PUC অবিহনে নাপাব পেট্ৰ’ল, ডিজেলৰাজ্যৰ চুকে-কোনে থকা বাংলাদেশীৰ বিৰুদ্ধে অব্যাহত আছে প্ৰশাসনৰ অভিযান। এইবাৰ নগাঁও জিলা বিদেশী ন্যায়াধিকৰণে চিনাক্ত কৰিছে ১৫ জনকৈ বাংলাদেশীক। বাংলাদেশী ঘোষিত আটাইকেইজনকে ২৪ ঘণ্টাৰ ভিতৰত ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হৈছে। Read More- কঠোৰ নিৰ্বাচন আয়োগ! সমষ্টিয়ে সমষ্টিয়ে কৰ্তন হাজাৰ হাজাৰ ভোটাৰৰ নামনগাঁও জিলাত এইবাৰ চিনাক্ত কৰা হৈছে ১৫জনকৈ বাংলাদেশীক। চিনাক্ত কৰা বাংলাদেশীকেইজনক আজি প্ৰত্যাৰ্পণৰ বাবে আটক কৰিছে আৰক্ষীয়ে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই দিলে বাংলাদেশী বিতাড়নৰ নিৰ্দেশনা। আটক কৰা বাংলাদেশীকেইটা হৈছে ধিঙৰ ১নং কান্ধুলীমাৰীৰ জহুৰা খাতুন, নগাঁও টাউনৰ আব্দুল আজিজ, জুৰীয়াৰ আহেদা খাতুনক বাংলাদেশী হিচাপে চিনাক্ত কৰা হৈছে। বাংলাদেশী হিচাপে চিনাক্ত কৰা হৈছে ৰূপহীহাটৰ আজুফা খাতুন, ৰহাৰ হুছেইন আলী, বটদ্ৰৱাৰ ফাজিলা খাতুন, চামগুৰিৰ আনুৰা বেগম, আশা খাতুন, ৰহাৰ চাপৰমুখ টাউনৰ নজৰুল ইছলাম, ৰহাৰ দীঘলীআটিৰ ৰহিম শ্বেইখক। লগতে ৰহাৰ দীঘলীআটিৰে বুৰেক আলী, ৰহা টাউনৰ ইদ্ৰিছ আলী, কলিয়াবৰৰ হাতীগাঁও বাগানৰ ৰুস্তম আলী, জখলাবন্ধাৰ আনোৱাৰ খান আৰু কলিয়াবৰৰ গৰৈমাৰীৰ তাহেৰ আলীক বাংলাদেশী ঘোষণা কৰিছে নগাঁও জিলা বিদেশী ন্যায়াধিকৰণে। Read More- বিশ্বৰ ভিতৰত কিমান শক্তিশালী ভাৰত? প্ৰকাশ পালে ক্ষমতাশালী দেশৰ তালিকাসম্প্ৰতি বাংলাদেশী ঘোষণা কৰা বাংলাদেশী নাগৰিককেইজনক মাটিয়াৰ ডিটেনশ্বন কেম্পত ৰখা হৈছে। আজি নিশাই ভাৰত সীমান্তৰে বাংলাদেশলৈ প্ৰতাৰ্পণ কৰিব আটাইকেইজন বাংলাদেশীকে।AdvertismentAdvertisment Read the Next Article