Advertisment

কঠোৰ চৰকাৰ! PUC অবিহনে নাপাব পেট্ৰ’ল, ডিজেল

প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ সিদ্ধান্ত চৰকাৰৰ। নিয়ম উলংঘা কৰিলেই পৰিব বিপদত। প্ৰদূষণ নিয়ন্ত্ৰণ চাৰ্টিফিকেট অবিহনে উপলব্ধ নহ’ব পেট্ৰ’ল আৰু ডিজেলো।

 Filephoto
Filephoto

কঠোৰ চৰকাৰ! PUC অবিহনে নাপাব পেট্ৰ’ল, ডিজেল

প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ সিদ্ধান্ত চৰকাৰৰ। নিয়ম উলংঘা কৰিলেই পৰিব বিপদত। প্ৰদূষণ নিয়ন্ত্ৰণ চাৰ্টিফিকেট অবিহনে উপলব্ধ নহ’ব পেট্ৰ’ল আৰু ডিজেলো।

Advertisment

Read More- IPL নিলামত কোটিপতি আকিব নবি দাৰ

দিল্লীত দিন-প্ৰতিদিনে বৃদ্ধি পোৱা প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। পৰিৱেশ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই স্পষ্টকৈ উল্লেখ কৰিছে যে কাইলৈৰ পৰা পি ইউ চি নথকা আৰু পুৰণি যান-বাহনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 

Read More- বিশ্বৰ ভিতৰত কিমান শক্তিশালী ভাৰত? প্ৰকাশ পালে ক্ষমতাশালী দেশৰ তালিকা

দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত চৰকাৰৰ। বৃহস্পতিবাৰৰ পৰা বৈধ প্ৰদূষণ নিয়ন্ত্ৰণৰ (পিইউচি) প্ৰমাণ পত্ৰ অবিহনে কোনো বাহনক পেট্ৰ’ল, ডিজেল আদি ইন্ধন যোগান ধৰা নহ'ব। পেট্ৰল পাম্পসমূহকো পি ইউ চি পৰীক্ষাৰ পিছতহে ইন্ধন দিবলৈ নিৰ্দেশ দিয়া হৈছে। চৰকাৰে স্পষ্ট কৰি দিছে যে প্ৰদূষণ সৃষ্টি কৰা যান-বাহন সমূহক ৰোধ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। কাইলৈৰ ভিতৰতে বাহনৰ মালিকক পি ইউ চি বনাবলৈ সময়সীমা বান্ধি দিয়া হৈছে।

Read More- এগৰাকী অশীতিপৰ বৃদ্ধাৰ কাতৰ অনুৰোধ মুখ্যমন্ত্ৰীলৈ

নিৰ্মাণ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকসমূহ চলাচলৰ ক্ষেত্ৰত দিল্লীত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিয়ম ভংগ কৰি নিৰ্মাণ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। আনহাতে দিল্লীলৈ বাহিৰৰ পৰা অহা BS-6 ৰ তলৰ বাহনসমূহৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। এই নিষেধাজ্ঞা পৰৱৰ্তী নিৰ্দেশ অহা পৰ্যন্ত কাৰ্যকৰী থাকিব। চৰকাৰৰ ফালৰ পৰা কোৱা অনুসৰি পুৰণি আৰু অতি প্ৰদূষণকাৰী বাহনসমূহ ৰাজধানীত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। দিল্লীৰ পৰিৱেশ সুৰক্ষাৰ দিশত এই পদক্ষেপ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

Read More- IPL ২০২৬ৰ নিলামত টকাৰ বৰষুণ

Advertisment
Advertisment