Assameseএগৰাকী অশীতিপৰ বৃদ্ধাৰ কাতৰ অনুৰোধ মুখ্যমন্ত্ৰীলৈবয়সে হাৰ নমনা ১২০ বছৰীয়া এগৰাকী বৃদ্ধা। নর্মদা দেৱী নামৰ অশীতিপৰ বৃদ্ধাগৰাকীৰ কাহিনী শুনিলে চকু সেমেকি উঠিব আপোনাৰো। কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এই বৃদ্ধাগৰাকীক লাগে কিছু চৰকাৰী সুবিধা, থাকিবলৈ লাগে এটা চৰকাৰী পকীঘৰ। Mrinmoy Talukdar Dec 17, 2025 18:53 ISTFilephotoএগৰাকী অশীতিপৰ বৃদ্ধাৰ কাতৰ অনুৰোধ মুখ্যমন্ত্ৰীলৈবয়সে হাৰ নমনা ১২০ বছৰীয়া এগৰাকী বৃদ্ধা। নর্মদা দেৱী নামৰ অশীতিপৰ বৃদ্ধাগৰাকীৰ কাহিনী শুনিলে চকু সেমেকি উঠিব আপোনাৰো। কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এই বৃদ্ধাগৰাকীক লাগে কিছু চৰকাৰী সুবিধা, থাকিবলৈ লাগে এটা চৰকাৰী পকীঘৰ। AdvertismentRead More- বুলড'জাৰ নহয়, কোৰ বেলচাৰে চলিল উচ্ছেদ অভিযান!বছৰ-বছৰ ধৰি কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এই বৃদ্ধাগৰাকীৰ নাম নর্মদা দেৱী। ডিমাকুছি ৰজাগড়ৰ নিবাসী ১২০ বছৰীয়া দৰিদ্ৰ পৰিয়ালৰ বৃদ্ধাগৰাকীৰ জীৱনৰ অন্তিম কালছোৱাত মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান। বৃদ্ধাগৰাকীক থাকিবলৈ লাগে এটা চৰকাৰী ঘৰ। কোনো নেতা-পালিনেতাৰ চকুত নপৰা শতবর্ষ গৰকা এইগৰাকী বৃদ্ধাই স্বাধীন ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনতেই কৰিছিল ভোটদান। Read More- কোলাত কেঁচুৱা লৈ পাঠদান এগৰাকী শিক্ষয়িত্ৰীৰউল্লেখ্য যে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সমষ্টিৰ প্ৰায়ভাগ লোকেই বিভিন্ন ধৰণৰ আঁচনি লাভ কৰিছে যদিও আজিলৈকে কোনো নেতা-পালিনেতাৰ চকুত নপৰিল শতবর্ষ গৰকা এইগৰাকী বৃদ্ধা। জনপ্ৰতিনিধি আহিছে আৰু গৈছে, আজিলৈকে বৃদ্ধাগৰাকীয়ে চৰকাৰৰ পৰা পাবলৈ সক্ষম নহ'ল একো সুবিধা কিম্বা আঁচনি।Read More- বিনিময় প্ৰথা চাবলৈ হ'লে যাব লাগিব জাগীৰোডলৈ... কেতিয়া হ'ব জোনবিল মেলা?ভাৰত স্বাধীন হোৱাৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা বৃদ্ধাগৰাকীয়ে স্বাধীন ভাৰতৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনতেই ভোটদান কৰিছিল। মহাত্মা গান্ধী, জৱাহৰলাল নেহৰুকে ধৰি কেইবাগৰাকীও মহান ব্যক্তিক সাক্ষাৎ কৰাৰ সৌভাগ্য হৈছিল বৃদ্ধাগৰাকীৰ। কিন্তু এইগৰাকী বৃদ্ধাই আজিলৈকে লাভ কৰা নাই কোনো চৰকাৰী সুবিধা। BTRৰ প্ৰাক্তন মুৰব্বী প্রমোদ বড়োৰ উন্নয়নেও ঢুকি নাপালে ৰজাগড়ৰ এইগৰাকী বৃদ্ধা আইতাক। আইতাই দীর্ঘদিনে এটি জৰাজীর্ণ জুপুৰিত নিজৰ নাতি আৰু নাতিবোৱাৰীৰ পৰিয়ালৰ সৈতে বাস কৰি আহিছে। মিত্রজোঁটৰ চৰকাৰে সমাজৰ দুখীয়া দৰিদ্ৰৰ বাবে বহু আঁচনি আনিলে, বহুতে এই আঁচনিৰ সুবিধাও পালে। কিন্তু আইতাইহে আজিলৈকে নাপালে কোনো চৰকাৰী সুবিধা। অৰুণোদয় আঁচনিৰ লগতে আইতাই নাপালে এটি সাধাৰণ চৰকাৰী পকীঘৰো। Read More- অভাৱনীয়ভাৱে হ্ৰাস ব্ৰহ্মপুত্ৰৰ জলস্তৰপৰিয়ালৰ সৈতে উৰুখা পজাত জীৱনৰ অন্তিম সময়ছোৱা অতিবাহিত কৰিছে আইতাই। আজিলৈকে এইগৰাকী আইতাৰ নামত চৰকাৰে আবন্টন নিদিলে এটা প্রধানমন্ত্রী আবাস যোজনাৰ গৃহও। এইগৰাকী অশীতিপৰ আইতাৰ সপোন- আইতাক এটা নতুন ঘৰ দিব চৰকাৰে। সেয়েহে এটি ঘৰৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰী আৰু বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক আইতাই জনাইছে কাতৰ অনুৰোধ।AdvertismentAdvertisment Read the Next Article