Assameseকোলাত কেঁচুৱা লৈ পাঠদান এগৰাকী শিক্ষয়িত্ৰীৰবিনা বেতনে বছৰৰ পিছত বছৰ ধৰি কণ কণ শিক্ষাৰ্থীসকলক জ্ঞানৰ পোহৰ বিলাই গৈছে ধেমাজিৰ জোনাই এগৰাকী শিক্ষয়িত্ৰীয়ে। দেশৰ ভৱিষ্যৎ স্বৰূপ শিশুসকলক দিছে শিক্ষাৰ জ্ঞান। Jyotiprasad Sarma Dec 16, 2025 14:18 ISTকোলাত কেঁচুৱা লৈ পাঠদান এগৰাকী শিক্ষয়িত্ৰীৰ Photograph: (DY365)কোলাত কেঁচুৱা লৈ পাঠদান এগৰাকী শিক্ষয়িত্ৰীৰবিনা বেতনে বছৰ বছৰ ধৰি বিলাইছে জ্ঞানৰ পোহৰ কোলাত কেঁচুৱা লৈ এগৰাকী শিক্ষয়িত্ৰীয়ে কৰিছে পাঠদান। বছৰ বছৰ ধৰি বিনা বেতনে কণ কণ শিক্ষাৰ্থীসকলক বিলাই আহিছে জ্ঞানৰ পোহৰ। Advertismentবিনা বেতনে বছৰৰ পিছত বছৰ ধৰি কণ কণ শিক্ষাৰ্থীসকলক জ্ঞানৰ পোহৰ বিলাই গৈছে ধেমাজিৰ জোনাই এগৰাকী শিক্ষয়িত্ৰীয়ে। দেশৰ ভৱিষ্যৎ স্বৰূপ শিশুসকলক দিছে শিক্ষাৰ জ্ঞান। সু নাগৰিক হোৱাৰ সপোন ৰচা কণ কণ শিক্ষাৰ্থীসকলৰ এইগৰাকী শিক্ষয়িত্ৰীয়েই একমাত্ৰ ভৰসা। জোনাইৰ উত্তৰ ৩নং ৰায়াং বালিজান প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হেম কুমাৰী ছেত্ৰীয়ে বিলাই গৈছে শিক্ষা। Also Read: বিনিময় প্ৰথা চাবলৈ হ'লে যাব লাগিব জাগীৰোডলৈ... কেতিয়া হ'ব জোনবিল মেলা?উল্লেখযোগ্য যে, ১৯৮০ চনতে প্ৰতিষ্ঠা লাভ কৰিছিল জোনাইৰ উত্তৰ ৩নং ৰায়াং বালিজান প্ৰাথমিক বিদ্যালয়খন। কিন্তু পৰিতাপৰ কথা আজিলৈকে চৰকাৰীকৰণ নহ'ল বিদ্যালয়খন। ৬৫ গৰাকীকৈ শিক্ষাৰ্থী থকা বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আন আন বিদ্যালয়ৰ দৰে নাই আন কোনো শিক্ষক, নাই আন বহুতো সা-সুবিধা। কেৱল মাত্ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে এই বিদ্যালয়খনত চলাই গৈছে পাঠদান।Also Read: মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত দুৰ্নীতি!এই বিদ্যালয়খনেই অঞ্চলটোৰ কণ কণ শিক্ষাৰ্থীসকলৰ বাবে একমাত্ৰ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ। বিদ্যালয়খনৰ কণ কণ শিক্ষাৰ্থীসকলে আজিও হাতে হাতে বস্তা লৈ বিদ্যালয়লৈ গৈ তাতেই বহি পাঠদান গ্ৰহণ কৰে। ইফালে বিদ্যালয়খনত নাই কণ কণ শিক্ষাৰ্থীসকলৰ বাবে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা, নাই বিদ্যালয়ৰ ইউনিফৰ্ম, নাই বিশুদ্ধ খোৱা পানীৰ সুবিধাও। এনে বহু সমস্যা থকাৰ পিছতো শিক্ষাৰ পোহৰ নুমুৱাবলৈ দিয়া নাই শিক্ষয়িত্ৰী হেম কুমাৰী ছেত্ৰীয়ে।Also Read: অভাৱনীয়ভাৱে হ্ৰাস ব্ৰহ্মপুত্ৰৰ জলস্তৰদীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰে চলি থকা এই বিদ্যালয়খনক শীঘ্ৰেই চৰকাৰীকৰণ কৰি শিক্ষক, শিক্ষাৰ্থীসকলক ন্যূনতম সা-সুবিধা প্ৰদান কৰিবলৈ কাতৰ আহ্বান শিক্ষয়িত্ৰীগৰাকীৰ লগতে স্থানীয় ৰাইজৰ। উল্লেখ্য যে, পৰৰ্ৱতী সময়তহে লক্ষণীয় হ'ব ৰজাঘৰীয়াই বিদ্যালয়খনৰ আন্তগাঁথনি, চৰকাৰীকৰণ তথা শিক্ষাৰ্থীসকলৰ জ্ঞান আহৰণৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ কি পদক্ষেপ গ্ৰহণ কৰে। AdvertismentAdvertisment Read the Next Article