Assameseপানীৰ অভাৱ ! ভয়ংকৰ বিপদৰ দিশে বিশ্বৰ অন্যতম এখন পুৰণি চহৰইৰানৰ ঐতিহাসিক চহৰ তেহৰানত পানীৰ অভাৱতে প্ৰাণ যাওঁ যাওঁ অৱস্থা প্ৰায় ১ কোটি লোকৰ। সেয়ে পানী বিচাৰি ডিচেম্বৰৰ পিছত হয়তো তেহৰান এৰিব লাগিব স্থানীয় লোকে। দেশখনৰ ৰাষ্ট্ৰপতিয়ে ব্যক্ত কৰিছে এই অনাকাংক্ষিত সম্ভাৱনা। Mrinmoy Talukdar Nov 09, 2025 19:28 ISTFILEPHOTOপানীৰ অভাৱ ! ভয়ংকৰ বিপদৰ দিশে বিশ্বৰ অন্যতম এখন পুৰণি চহৰপানীয়ে প্ৰাণীৰ প্ৰাণ। পানীয়েই যদি নাথাকে প্ৰাণ থাকিব ক’ত? ইৰানৰ ঐতিহাসিক চহৰ তেহৰানত পানীৰ অভাৱতে প্ৰাণ যাওঁ যাওঁ অৱস্থা প্ৰায় ১ কোটি লোকৰ। সেয়ে পানী বিচাৰি ডিচেম্বৰৰ পিছত হয়তো তেহৰান এৰিব লাগিব স্থানীয় লোকে। দেশখনৰ ৰাষ্ট্ৰপতিয়ে ব্যক্ত কৰিছে এই অনাকাংক্ষিত সম্ভাৱনা। যুদ্ধ জয় কৰিব পাৰি কিন্তু তৃষ্ণা পূৰণ কৰিব নোৱাৰি! ভয়ংকৰ বিপদৰ দিশে বিশ্বৰ অন্যতম পুৰণি চহৰ তেহৰান। শুকান, ৰুক্ষ আৰু তৃষ্ণাতুৰ ইৰানৰ ৰাজধানী চহৰ তেহৰানৰ প্ৰায় ১ কোটি লোক। ডিচেম্বৰৰ ভিতৰত প্ৰচুৰ বৰষুণ নহ’লে খালী কৰিব লাগিব তেহৰান। এই সতৰ্কবাণী স্বয়ং ইৰানৰ ৰাষ্ট্ৰপতিৰ। Advertismentপ্ৰখ্যাত আমীৰ কবীৰ বান্ধত মাত্ৰ ৬ শতাংশহে আছে পানী। বিগত ৬ মাহে বৰষুণ হোৱা নাই ইৰানৰ অধিকাংশ অঞ্চলত। নিশা পানীৰ নল বন্ধ কৰাৰ সিদ্ধান্ত ইৰান চৰকাৰৰ। ২ সপ্তাহৰ পিছতে খোৱাপানী নাইকিয়া হ’ব ইৰানত!নৱেম্বৰৰ ভিতৰত বৰষুণ নহ’লে যি অলপ পানী মজুত আছে সেয়া বিতৰণ কৰিব লাগিব সমগ্ৰ দেশত। কিন্তু সেই পানীৰে পূৰণ নহ’ব তেহৰানবাসীৰ তৃষ্ণা। জলবায়ু পৰিৱৰ্তনৰ কুফল ভুগিছে ইৰানে। ৫০ ডিগ্ৰী পৰ্যন্ত বৃদ্ধি ইৰানৰ তাপমাত্ৰা। তেহৰানত ১০০% হ্ৰাস বৰষুণ। প্ৰাকৃতিক কাৰণতকৈয়ো মানুহে কৰা ভুলে বিপদ মাতিছে দেশখনলৈ। দেশখনৰ ৯০ শতাংশতকৈ অধিক পানী ব্যৱহাৰ হয় কৃষিখণ্ডত। অধিক পানীৰ চাহিদা থকা ধান আৰু ঘেঁহু খেতি কৰা হয় পুৰণি পদ্ধতিত। খেতি পথাৰলৈ নদীত বান্ধ দি বোৱাই নিয়া হয় পানী। এতিয়া সেই নদীতেই নাই পানী, খেতি হ’ব ক’ৰ পৰা? জলযোজনা অবিহনে ভূজল অধিক আহৰণৰ ফলত শুকাই গৈছে ভূতলৰ জলস্তৰ। প্ৰতিবেশী ৰাষ্ট্ৰৰ পৰা জল আমদানিৰ বাবে কূটনৈতিক প্ৰচেষ্টা অব্যাহত ৰাখিছে ইৰানে। কিন্তু প্ৰতিৱেশী উজবেকিস্তান, তাজিকিস্তান আৰু আফগানিস্তানতো গভীৰ জলসংকট। এনে পৰিস্থিতিত কি কৰিব ইৰানে? সময় বহুদূৰ আগবাঢ়ি গ’ল। জলনীতি গ্ৰহণৰ পূৰ্বে এতিয়া অপেক্ষা প্ৰচূৰ বৰষুণৰ। জলসংকটে বিপদ মাতিছিল সিন্ধু সভ্যতালৈ। বিপদ আহি আছে গুৱাহাটীলৈয়ো। কাৰণ মৰুভূমি আহে লাহে লাহে।AdvertismentAdvertisment Read the Next Article