Advertisment

মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত দুৰ্নীতি!

মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত দুৰ্নীতিৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিৰ অধীনত পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ আছু আৰু ৰাইজৰ। অতি নিম্ন পৰ্যায়ৰ কামেৰে পথ নিৰ্মাণৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে।

 মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত দুৰ্নীতি! Photograph: (DY365)
মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত দুৰ্নীতি! Photograph: (DY365)

মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত দুৰ্নীতি!

মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত দুৰ্নীতিৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিৰ অধীনত পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ আছু আৰু ৰাইজৰ। অতি নিম্ন পৰ্যায়ৰ কামেৰে পথ নিৰ্মাণৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে।

Advertisment

ওদালগুৰিৰ কলাইগাঁৱত মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত দুৰ্নীতিৰ অভিযোগ উত্থাপন। মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিৰ অধীনত নিৰ্মাণ কাৰ্য চলি থকা কলাইগাঁও-খৈৰাবাৰী সংযোগী পথত বিসংগতিৰ গুৰুতৰ অভিযোগ। পথ নিৰ্মাণত বিসংগতিত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ আৰু আছু। 

Also Read: আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি

উল্লেখ্য যে, ২ কোটি ২৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা পথটোত অতি নিম্ন পৰ্যায়ৰ কামেৰে ঠিকাদাৰে কাম কৰাৰ অভিযোগ। ঠিকাদাৰ মদন দেৱনাথে অতি নিম্নমানেৰে কাম কৰাক লৈ ক্ষোভিত হৈ পৰিছে কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজ। পথছোৱাত ভালদৰে পানী, ৰোলাৰ নমৰাকৈ ব্লেকটপিং কৰি অতি পালমৰা ধৰণে পথছোৱা নিৰ্মাণ কৰি থকাত ক্ষোভিত হৈ পৰে কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজ।

Also Read: চিকিৎসাৰ অভাৱত কৰুণ মৃত্যু ডেৰমহীয়া শিশুৰ

বিধায়ক দুৰ্গাদাস বড়োৰ ঘনিষ্ঠ এইগৰাকী ঠিকাদাৰ মদন দেৱনাথে স্থানীয় ৰাইজৰ কোনো কথাত গুৰুত্ব নিদি নিজৰ খেয়ালখুচি মতে বিভাগৰ দায়িত্বত থকা বিষয়াক মেনেজ কৰি এইদৰে পথৰ নিৰ্মাণ কাৰ্য চলাই থকাৰ অভিযোগ। প্ৰাককলন অনুযায়ী পথছোৱা নিৰ্মাণ নকৰাত ক্ষোভ আছু-ৰাইজৰ। 

Also Read: দুয়োখন ভৰি হেৰুৱাইয়ো ভাগৰি নপৰা নাচিম আলী

উল্লেখযোগ্য যে, শীঘ্ৰে পথছোৱা বিভাগীয় পাককলন মতে কৰি ৰাইজৰ সুবিধা কৰিবলৈ আছু তথা স্থানীয় ৰাইজে দাবী জনাইছে। 

Advertisment
Advertisment