Advertisment

PMAY ঘৰ, অৰুণোদয়ৰ আঁচনিৰ নামত সংগ্ৰহ হাজাৰ হাজাৰ টকা

চৰকাৰী আঁচনিৰ নামত ধন লোৱাক লৈ ৰূপহীত উত্তপ্ত পৰিস্থিতি। হাতীযুঁজুৱা গাঁও পঞ্চায়তৰ চৌহদত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। ক্ষুব্ধ লোকে প্ৰহাৰ কৰে ৱাৰ্ড সদস্যাৰ স্বামীক। PMAY ঘৰ, অৰুণোদয়ৰ আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ ৱাৰ্ড সদস্যাৰ বিৰুদ্ধে। 

 filephoto
filephoto

PMAY ঘৰ, অৰুণোদয়ৰ আঁচনিৰ নামত সংগ্ৰহ হাজাৰ হাজাৰ টকা
ৱাৰ্ড সদস্যাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

Advertisment

চৰকাৰী আঁচনিৰ নামত ধন লোৱাক লৈ ৰূপহীত উত্তপ্ত পৰিস্থিতি। হাতীযুঁজুৱা গাঁও পঞ্চায়তৰ চৌহদত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। ক্ষুব্ধ লোকে প্ৰহাৰ কৰে ৱাৰ্ড সদস্যাৰ স্বামীক। PMAY ঘৰ, অৰুণোদয়ৰ আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ ৱাৰ্ড সদস্যাৰ বিৰুদ্ধে। 

Read More- "আমাৰ জীৱনবোৰ সেই দিনটোতেই ৰৈ গ'ল...!"

ৰূপহী সমষ্টিৰ হাতীযুঁজুৱা গাঁও পঞ্চায়তৰ চৌহদত উত্তপ্ত পৰিস্থিতি। চৰকাৰী ঘৰ আৰু অৰুণোদয় আঁচনিৰ নামত টকা লোৱাক লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। ৱাৰ্ড সদস্যা তছলিমা নাছৰিণে PMAY ঘৰৰ নামত দহ হাজাৰ টকা আৰু অৰুণোদয়ৰ আঁচনিৰ নামত তিনি-চাৰি হাজাৰ টকাকৈ উৎকোচ লোৱাৰ অভিযোগ। তাৰ পাছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। 

Read More- 'আমাক নিৰ্বাচনী ললিপপ নালাগে'-বিজেপি চৰকাৰক হুংকাৰ

ৱাৰ্ড সদস্যা তছলিমা নাছৰিণৰ স্বামীয়ে হিতাধিকাৰীক দুৰ্ব্যৱহাৰ কৰাক লৈ প্ৰথমে সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। হিতাধিকাৰীক দুৰ্ব্যৱহাৰ কৰাৰ বাবেই ক্ষুব্ধ লোকে প্ৰহাৰ কৰে ৱাৰ্ড সদস্যা তছলিমা নাছৰিণৰ স্বামীক। কেৱল এয়াই নহয়, ৱাৰ্ড সদস্যা তছলিমা নাছৰিণৰ বিৰুদ্ধে উঠিছে ধন সংগ্ৰহৰো অভিযোগ। তছলিমা নাছৰিণে PMAY ঘৰৰ নামত দহ হাজাৰ টকাকৈ লোৱাৰ অভিযোগ উঠাৰ লগতে অৰুণোদয়ৰ আঁচনিৰ নামতো তিনি-চাৰি হাজাৰ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে জাজৰি থানাত এজাহাৰ দাখিল কৰিছে স্থানীয় ৰাইজে।

Read More- কেইবা লুটিখাই বাগৰিল স্কৰপিঅ’, চলন্ত ট্ৰাকত লাগিল জুই

এই ঘটনাৰ পাছতে এতিয়া স্থানীয় ৰাইজ ওলাই আহিছে। স্থানীয় ৰাইজে তছলিমা নাছৰিনৰ বিৰুদ্ধে ক্ষোভ উজাৰি তছলিমা নাছৰিনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Read More- মেছিক চাবলৈ নাপালে অনুৰাগীয়ে, খঙত ভাঙিলে চকী

Advertisment
Advertisment