Assameseমেছিক চাবলৈ নাপালে অনুৰাগীয়ে, খঙত ভাঙিলে চকীমেছিক চাবলৈ নাপালে অনুৰাগীয়ে। ক্ষোভিত হৈ অনুৰাগীয়ে দলিয়ালে চকী, পানীৰ বটল। কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি। ১২ হাজাৰ টকাৰে টিকট কৰি ১০ মিনিট সময়ো তাৰকা ফুটবলাৰ মেছিক চাবলৈ নাপায় খঙত অগ্নিশৰ্মা হ'ল হাজাৰ হাজাৰ অনুৰাগী।Jyotiprasad Sarma Dec 13, 2025 15:15 IST১০ মিনিটো চাব নাপালে মেছিকঅনুৰাগীয়ে ভাঙিলে চকীভাৰতভূমিত কিংবদন্তি ফুটবলাৰ লিঅ’নেল মেছি। G.O.A.T. India Tour 2025ৰ অংশৰূপে শনিবাৰে পুৱতি নিশা কলকাতাত উপস্থিত হয় তাৰকা ফুটবলাৰ লিঅ’নেল মেছি। প্রায় ১৪ বছৰৰ পাছত ভাৰতলৈ অহা মেছিক আদৰণি জনাবলৈ কলকতা বিমান বন্দৰৰ বাহিৰে-ভিতৰে অজস্ৰ অনুৰাগীয়ে ভিৰ কৰে। AdvertismentAlso Read: ভাৰতভূমিত কিংবদন্তি ফুটবলাৰ লিঅ’নেল মেছিপ্ৰিয় ফুটবলাৰগৰাকীক ওচৰৰ পৰা চাবলৈ নাপাই কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত অনুৰাগীয়ে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। ১২ হাজাৰ টকাৰে টিকট ক্ৰয় কৰি ১০ মিনিট সময়ো তাৰকা ফুটবলাৰগাৰকীক চাবলৈ নাপায় ক্ষোভিত হৈ পৰে হাজাৰ হাজাৰ অনুৰাগী। খঙত অগ্নিশৰ্মা হৈ পৰা তাৰকা ফুটবলাৰ লিঅ’নেল মেছিৰ হাজাৰ হাজাৰ অনুৰাগীয়ে দলিয়ালে চকী, পানীৰ বটল। Also Read: বাবৰি মছজিদ নিৰ্মান হ'বনে? আধাৰশিলা স্থাপন কৰা হুমায়ুন কবীৰলৈ হত্যাৰ ভাবুকিবিয়লি ২ বজাত হায়দৰাবাদলৈ ৰাওনা মেছি। আনহাতে হায়দৰাবাদত সন্ধিয়া গোট কাপ ফুটবল প্ৰতিযোগিতাৰ উদ্ধোধন কৰিব মেছিয়ে। নিশা তেলেগু ছবিজগতৰ তাৰকা শিল্পীৰে মেছিৰ আছে এক বিশেষ অনুষ্ঠান। মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ আহ্বানত নৈশ ভোজত অংশ ল’ব মেছিয়ে। Also Read: আয়েশা খাতুনৰ খাৰিজ হ’ল পঞ্চায়ত সভানেত্ৰীৰ পদকাইলৈ মেছিয়ে মুম্বাইত ক্রিকেট ক্লাব অফ ইণ্ডিয়াৰ পেডেল কাপত অংশ ল’ব। বিয়লি দেশৰ খ্যাতনামা ফুটবলাৰৰে এখন মেছতো অংশ ল’ব মেছিয়ে। আনহাতে সন্ধিয়া ৱাংখেড় ষ্টেডিয়ামত সম্বৰ্ধনাৰ লগতে এটা বিশেষ অনুষ্ঠানত ল’ব অংশ মেছিয়ে। লগতে ১৫ ডিচেম্বৰত দিল্লীত মেছিয়ে সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। সেই দিনাই অৰুণ জেটলি ষ্টেডিয়ামত এক অনুষ্ঠানতো উপস্থিত থাকিব ফুটবল কিংবদন্তিগৰাকী।AdvertismentAdvertisment Read the Next Article