Advertisment

ভাল খবৰ, পূজাৰ এদিন পূৰ্বেই দুখনকৈ উৰণ সেতু লাভ কৰিলে মহানগৰবাসীয়ে

পাণবজাৰ আৰু পানীখাইতীত দুখন নতুন উৰণ সেতু ৰাইজলৈ মুকলি কৰি দিলে ৰাজ্য চৰকাৰে ৷ যান-জঁট যথেষ্ট পৰিমাণে হ্ৰাস হোৱাৰ লগতে ভ্ৰমণ আৰু ব্যৱসায়িক গতিবিধি বৃদ্ধিতো সহায়ক হোৱাৰ উদ্দেশ্যেৰে পূজাৰ পূৰ্বেই মুকলি কৰি দিয়া হ'ল উৰণ সেতু দুখন। 

 ভাল খবৰ, একেদিনাই দুখনকৈ উৰণ সেতু লাভ কৰিলে মহানগৰবাসীয়ে Photograph: (file photo)
ভাল খবৰ, একেদিনাই দুখনকৈ উৰণ সেতু লাভ কৰিলে মহানগৰবাসীয়ে Photograph: (file photo)

কাইলৈ ষষ্ঠী। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ইতিমধ্যই শেষ হৈছে দূৰ্গা পূজাৰ প্ৰস্তুতি। 

Advertisment

মা দুৰ্গাৰ আৰাধনাৰ বাবে সাজু সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰবাসীও। দুৰ্গাপূজাৰ এটা দিন পূৰ্বেই মহানগৰবাসীয়ে লাভ কৰিলে দুখনকৈ উৰণ সেতু। আজি পাণবজাৰ আৰু পানীখাইতীত দুখন নতুন উৰণ সেতু ৰাইজলৈ মুকলি কৰি দিলে ৰাজ্য চৰকাৰে  ৷ যান-জঁট যথেষ্ট পৰিমাণে হ্ৰাস হোৱাৰ লগতে ভ্ৰমণ আৰু ব্যৱসায়িক গতিবিধি বৃদ্ধিতো সহায়ক হোৱাৰ উদ্দেশ্যৰে পূজাৰ পূৰ্বেই মুকলি কৰি দিয়া হ'ল উৰণ সেতু দুখন। 


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে উদ্ধোধন কৰে পাণবজাৰৰ উৰণ সেতুখন।  ৪৭ কোটি টকা ব্যয়েৰে পুনৰ নিৰ্মাণ কৰা হৈছে এই উৰণসেতুখন। ২৯০ মিটাৰ দৈৰ্ঘ্যৰ উৰণসেতুখন মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ বিজুলী কলিতা মেধিয়েও অংশগ্ৰহণ কৰে উদ্ধোধনী অনুষ্ঠানত।  

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ উৰণ সেতুখন মুকলি কৰি মুখ্যমন্ত্ৰীয়ে ভাষণত কৈ যে, ১৯৭৬ চনত গুৱাহাটীত অহাৰ পৰাই এই পানবজাৰৰ সেতুখন দেখি আহিছোঁ।১৯৬৫ চনত গুৱাহাটীত তিনিখন উৰণ সেতু আছিল। এতিয়া গুৱাহাটী ৰেলৱে ষ্টেচনক আকৰ্ষনীয় ৰূপত গঢ়ি তোলা হ'ব। অসমত দ্ৰুত গতিত আৰম্ভ হৈছে  দ্বৈত ৰে'লপথৰ কাম । উত্তৰ পূবৰ বাবে এতিয়া বছৰি ৰে'লৱেই ১০ হাজাৰ কোটি টকা ব্যয় কৰে। অসমত বৰ্তমান ৫০টা অমৃত ভাৰত ৰে'ল ষ্টেচনৰ কাম চলি আছে। এতিয়ালৈ উত্তৰ পূব সীমান্ত ৰে'লৱে আৰু অসম চৰকাৰে ১১খন ৰে'লৱে দলং, ২০খন উৰণ সেতু নিৰ্মাণ কৰিছে। আগন্তুক কেইদিনমানৰ ভিতৰত ৩২ কিলোমিটাৰ দৈৰ্ঘৰ উৰণীয়া সেতু নিৰ্মাণৰ বাবে অসম চৰকাৰক অনুমোদন দিব কেন্দ্ৰীয় চৰকাৰে। গাড়ী আৰু বাছ যাব পৰাকৈ নুমলীগড় আৰু গহপুৰৰ মাজতো ১৫ হাজাৰ কোটি টকা ব্যয় কৰি নিৰ্মান কৰা হ'ব দলং। পুৰণি বাছ আস্থান ভাঙি গুৱাহাটীৰ ৰে’লৱে ষ্টেচন ডাঙৰকৈ নিৰ্মাণ কৰা হ’ব।  ‘দীঘলীপুখুৰীৰ উৰণ সেতু নিৰ্মাণৰ বাবে গছ কটা বুলি অপপ্ৰচাৰ চলোৱা হৈছে’। ‘গছ কটাৰ পৰিৱৰ্তে শিপাৰ সৈতে নতুন ঠাইত সংৰোপণ কৰা হৈছে’। উৰণ সেতু মুকলিৰ পিছতেই এই মন্তব্য মুখ্যমন্ত্ৰীৰ। 

পাণবজাৰ উৰণ সেতু মুকলিৰ পিছতেই পানীখাইতিত মুখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰে দিত্বীয়খন উৰণ সেতু। পানীখাইতি ৰে’ল গে’টৰ ওপৰত নিৰ্মাণ কৰা উৰণ সেতু মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে। জয়ন্ত হাজৰিকাৰ নামেৰে নামাকৰণ কৰা হৈছে উৰণ সেতুখন। নগাঁও-মৰিগাঁও দ্ৰুত সংযোগৰ লগতে পবিতৰা, মায়ঙলৈ যোগাযোগ সুচল কৰিব এই সেতুখনে। উৰণ সেতুখনৰ নিৰ্মাণে ‘পানীখাইতি ৰে’লগে’টত দীঘলীয়া অপেক্ষাৰ পৰা সকাহ পাব ৰাইজে’ বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।