Advertisment

সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত লংকাকাণ্ড, দৰ্শকে ভাঙি চূৰ্ণ-বিচুৰ্ণ কৰিলে মঞ্চ, মিউজিক ব্যৱস্থাপনা

ধ্বংসস্তুপত পৰিণত এখন সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ। অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বেই বন্ধ হোৱাক লৈ বৰভিটাত লংকাকাণ্ড। টিকট কাটি অনুষ্ঠান উপভোগ কৰিবলৈ অহা দৰ্শকে ভাঙি চূৰ্ণ-বিচুৰ্ণ টেন্ট আৰু মিউজিক ছিচটেমৰ বহু সামগ্ৰী।

 সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত লংকাকাণ্ড, দৰ্শকে ভাঙি চূৰ্ণ-বিচুৰ্ণ কৰিলে মঞ্চ, মিউজিক ব্যৱস্থাপনা

সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত লংকাকাণ্ড

গুৱাহাটী, ১৭ নৱেম্বৰঃ ধ্বংসস্তুপত পৰিণত এখন সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ। অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বেই বন্ধ হোৱাক লৈ বৰভিটাত লংকাকাণ্ড। টিকট কাটি অনুষ্ঠান উপভোগ কৰিবলৈ অহা দৰ্শকে ভাঙি চূৰ্ণ-বিচুৰ্ণ কৰিলে বেৰ-চকী। উত্তজিত ৰাইজে জ্বলাই দিলে টেন্ট আৰু মিউজিক ছিচটেমৰ বহু সামগ্ৰী। টেন্ট আৰু মিউজিক ব্যৱস্থাপনাৰ কেইবা লাখ টকাৰ ক্ষতি।

Advertisment

also read: ‘২৬ৰ নিৰ্বাচনৰ পূৰ্বে একত্ৰিত হ’ব সংখ্যালঘু ৰাজনৈতিক দল !

সৌ সিদিনা বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভিটা খেলপথাৰত নৈশ ফুটবল খেলত মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই নিশা পুনৰ বৰভিটা আঞ্চলিক যুৱ সংঘৰ দ্বাৰা আয়োজিত সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত টিকট কাটি অনুষ্ঠান উপভোগ কৰিবলৈ অহা দৰ্শকে মঞ্চ আৰু ৰভা ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে চকী, টিনৰ বেৰ ভাঙি জ্বলাই দিলে। উল্লেখ্য যে, নিশা ১০ বজা পৰ্যন্ত আৰম্ভ হোৱা নাছিল সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান। ইফালে ১০ বজাৰ লগে লগে প্ৰশাসনে উক্ত অনুষ্ঠান বন্ধ কৰি দিয়াৰ বাবে উত্তেজিত হৈ পৰে দৰ্শক। পৰৱৰ্তী সময়ত উত্তেজিত দৰ্শকে মঞ্চ-ৰভা ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে টিনৰ বেৰ-চকী ভাঙি চূৰ্ণ বিচুৰ্ণ কৰি জ্বলাই দিয়ে যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

also read: অহা বৰ্ষৰ ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন।

এই ঘটনাত টেন্ট আৰু মিউজিক ব্যৱস্থাপনাৰ কেইবা লাখ টকাৰ ক্ষতি হৈছে বুলি জানিব পৰা গৈছে। আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীৰ পৰা আয়োজক সমিতিৰ সভাপতি আৰু সম্পাদকে পলায়ন কৰে। পৰিচালনা সমিতিয়ে যদি টেন্ট আৰু মিউজিক ব্যৱস্থাপনাত হোৱা ক্ষতিৰ ক্ষতিপূৰণ নিদিয়ে তেন্তে পৰিচালনা সমিতিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ভুক্তভোগী টেন্ট আৰু মিউজিক ছিচটেমৰ মালিকে।

Advertisment
Advertisment