Assameseঅহা বৰ্ষৰ ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন।অহা বৰ্ষৰ ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতি, বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন।Jyotiprasad Sarma Nov 16, 2025 19:58 ISTশ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন Photograph: (DY365)শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনধলাইবিলৰ জ্যোতি, বিষ্ণু সমন্বয় ক্ষেত্ৰত লাইখুঁটা স্থাপনঅহা বৰ্ষৰ ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতি, বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন। আজি হাজাৰ হাজাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱকৰ উপস্থিতিত দিনৰ ১১ বজাত অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয়।AdvertismentAlso Read: উদুলি-মুদুলি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰশ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই। আয়তীৰ উৰুলি, খোল-তাল, শৃংখ ধ্বনিৰে মুখৰিত পৰিৱেশত সংঘৰ সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰে স্থাপন কৰা হয় অধিৱেশনৰ লাইখুঁটা। অসমৰ প্ৰত্যেক জিলাৰ পৰা অহা সংঘৰ প্ৰায় পাঁচ সহস্ৰাধিক সেৱকৰ উপস্থিতিত পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই স্থাপন কৰে লাইখুঁটা। Also Read: 'জুবিনৰ সৈতে উঠা ফটোখন বন্ধাই গোসাঁইঘৰত থৈছো'...।উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পতাকাৰ তলত আজি সকলো একত্ৰিত হৈ সমন্বয়ৰ সেতু টনকিয়াল কৰিবলৈ সক্ষম হোৱা বুলি মত ব্যক্ত কৰে পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই। সংঘৰ অধিৱেশনৰ লাইখুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে অধিৱেশনৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা। জামুগুৰিহাটৰ জ্যোতি, বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগা ৯৫ সংখ্যক অধিৱেশন সম্পূৰ্ণ ৰূপে সফল কৰি তুলিবৰ বাবে ইতিমধ্যেই সকলো প্ৰস্তুতি চলি থকা বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই। Also Read: ইডেন গাৰ্ডেনত লজ্জাজনক পৰাজয় টীম ইণ্ডিয়াৰউল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনৰ লাইখুঁটা স্থাপনৰ কাৰ্যসূচী উপলক্ষ্যে আজি পুৱাৰে পৰাই জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতি, বিষ্ণু সমন্বয় ক্ষেত্ৰত দেখা গ'ল এক উখল-মাখল পৰিৱেশৰ।AdvertismentAdvertisment Read the Next Article