Advertisment

ইডেন গাৰ্ডেনত লজ্জাজনক পৰাজয় টীম ইণ্ডিয়াৰ

ইডেন গাৰ্ডেনত লজ্জাজনক পৰাজয় টীম ইণ্ডিয়াৰ। দক্ষিণ আফ্ৰিকাই বান্ধি দিয়া ১২৪ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ৯৩ ৰানতে অলআউট ভাৰত। ১৫ বছৰৰ পাছত ভাৰতৰ মাটিত টেষ্ট জয়ৰ সোৱাদ বাভুমা বাহিনীৰ।

 FILEPHOTO
FILEPHOTO

ইডেন গাৰ্ডেনত লজ্জাজনক পৰাজয় টীম ইণ্ডিয়াৰ

ইডেন গাৰ্ডেনত লজ্জাজনক পৰাজয় টীম ইণ্ডিয়াৰ। দক্ষিণ আফ্ৰিকাই বান্ধি দিয়া ১২৪ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ৯৩ ৰানতে অলআউট ভাৰত। ১৫ বছৰৰ পাছত ভাৰতৰ মাটিত টেষ্ট জয়ৰ সোৱাদ বাভুমা বাহিনীৰ। 

Advertisment

Read More- কঠোৰ BCCI ! কি সিদ্ধান্ত ল'ব ৰোহিত-বিৰাটে ?

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত প্ৰথমখন টেষ্টত ৩০ ৰানত পৰাস্ত ভাৰত। আফ্ৰিকাই বান্ধি দিয়া ১২৪ ৰানৰ লক্ষ্য অতিক্ৰম কৰিব নোৱাৰিলে টীম ইণ্ডিয়াই। টীম ইণ্ডিয়াৰ হৈ ৱাশ্বিংটন সুন্দৰে সৰ্বাধিক ৩১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ চাইমন হাৰ্মাৰে ৪টা উইকেট দখল কৰে।  

Read More- প্ৰথমবাৰলৈ বৰ্ষাপাৰাই আয়োজন কৰিব টেষ্ট মেচ

টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিং কৰি ১৫৯ ৰান সংগ্ৰহ কৰিছিল। দক্ষিণ আফ্ৰিকাৰ হৈ এইডেন মাৰক্ৰামে সৰ্বাধিক ৩১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে ৫টা উইকেট দখল কৰিছিল। দক্ষিণ আফ্ৰিকাৰ ১৫৯ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল ১৮৯ ৰান। ভাৰতৰ হৈ কে এল ৰাহুলে সৰ্বাধিক ৩৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ চাইমন হাৰ্মাৰে ৪টা উইকেট দখল কৰিছিল। 

Read More- জনজাতি, জনগোষ্ঠীৰ আৰ্থ-সামাজিক বিকাশৰ বাবে দায়বদ্ধ ত্ৰিপুৰা চৰকাৰ!

প্ৰথম ইনিংছত ৩০ ৰানত পিছ পৰা দক্ষিণ আফ্ৰিকাই দ্বিতীয় ইনিংছত সংগ্ৰহ কৰে ১৫৩ ৰান। দক্ষিণ আফ্ৰিকাৰ হৈ অধিনায়ক টেম্বা বাভুমাই সৰ্বাধিক ৫৫ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই ৪টা, মহম্মদ চিৰাজ আৰু কুলদ্বীপ যাদৱে ২টাকৈ উইকেট দখল কৰে। 

Read More- মানস ৰাষ্ট্ৰীয় উদ্যানলৈ গ'লে ক'ত থাকিব? ৰিজৰ্ট-লজ নে হোমষ্টেত?

প্ৰত্যুত্তৰত ১২৪ ৰানৰ বিজয়লক্ষ্যৰে বেটিং কৰিবলৈ অহা টীম ইণ্ডিয়াই বেটিং ব্যৰ্থতাৰ ফলত ৯৩ ৰানতে ইনিংছ সামৰে। ব্যৰ্থ হয় কে এল ৰাহুল (১), ঋষভ পণ্ট (২), যশস্বী জয়ছোৱাল (০), ধ্ৰুৱ জুৰেল (১৩), ৰবীন্দ্ৰ জাদেজা (১৮)। ৱাশ্বিংটন সুন্দৰে সৰ্বাধিক ৩১ আৰু অক্ষৰ পেটেলে ২৬ ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকাৰ হৈ চাইমন হাৰ্মাৰে ৪টা, মাৰ্কো জানছেনে ২টা আৰু কেশৱ মহাৰাজে ২টা উইকেট দখল কৰে। 

Read More- মাতৃৰ অজ্ঞাতে ৪০ হাজাৰ টকাত শিশু সন্তানক বিক্ৰী

মেচখনৰ দুয়োটা ইনিংছতে ৮টাকৈ উইকেট দখল কৰা চাইমন হাৰ্মাৰে মেন অৱ দা মেচৰ সন্মান লাভ কৰে। আনহাতে ৩০ ৰানৰ ঐতিহাসিক জয়েৰে দুখনীয়া মেচৰ শৃংখলাটোত ১-০ত অগ্ৰগতি লাভ কৰে দক্ষিণ আফ্ৰিকাই।

Advertisment
Advertisment