Advertisment

মানস ৰাষ্ট্ৰীয় উদ্যানলৈ গ'লে ক'ত থাকিব? ৰিজৰ্ট-লজ নে হোমষ্টেত?

মানাহৰ পৰ্যটনক্ষেত্ৰত 'হোমষ্টে'সমূহৰ গুৰুত্ব বৃদ্ধি পাইছে। পৰ্যটকৰ প্ৰথম পছন্দ হৈ পৰিছে হোমষ্টেসমূহ। বাঁহবাৰীত চল্লিশৰ অধিক হোমষ্টে এতিয়া হৈ পৰিছে বহুজনৰ জীৱন-জীৱিকাৰ সমল।

 মানস ৰাষ্ট্ৰীয় উদ্যানলৈ গ'লে ক'ত থাকিব? ৰিজৰ্ট-লজ নে হোমষ্টেত?

গুৱাহাটী, ১৬ নৱেম্বৰঃ মানাহৰ পৰ্যটনক্ষেত্ৰত ক্ৰমে বৃদ্ধি পাইছে 'হোমষ্টে'সমূহৰ গুৰুত্ব। পৰ্যটকৰ প্ৰথম পছন্দ হৈ পৰিছে হোমষ্টেসমূহ। বাঁহবাৰীত চল্লিশৰ অধিক হোমষ্টে এতিয়া হৈ পৰিছে বহুজনৰ জীৱন-জীৱিকাৰ সমল। পৰ্যটনক উদ্যোগমুখী কৰাত এই হোমষ্টেসমূহে লৈছে বিশেষ ভুমিকা। 

Advertisment

manas
manas NP Photograph: (internet)

হোমষ্টে হৈছে Home Away from Home অৰ্থাৎ ঘৰৰ পৰা আঁতৰত থকা এখন ঘৰ। একো একোখন পৰ্যটনক্ষেত্ৰত হোমষ্টেৰ গুৰুত্ব অপৰিসীম। মানস ৰাষ্ট্ৰীয় উদ্যানতো বাণিজ্যিক ৰিজৰ্ট-লজৰ পৰিৱৰ্তে স্থানীয় বাসিন্দাৰ ঘৰতে নিৰ্মিত হোমষ্টেসমমূহে এতিয়া পৰ্যটনৰ বিকাশত গুৰুত্বপূৰ্ণ ভুমিকা লৈছে। মানাহৰ বাঁহবাৰী ৰেঞ্জৰ দাঁতিকাষৰীয়া জ্ঞাতিগাঁও, বাৰেঙাবাৰী, বাঁহবাৰী আদি গাঁওসমূহত গঢি উঠা চল্লিশৰো অধিক হোমষ্টেসমূহে মুকলি কৰিছে বহুজনৰ জীৱন-জীৱিকাৰ বাট। ৰিজৰ্ট-লজৰ বিকল্প হিচাপে সম্প্ৰতি মানাহলৈ অহা অধিকাংশ পৰ্যটকৰে প্ৰথম পছন্দ হৈছে এই হোমষ্টেসমূহ। যাৰ মূল কাৰণ হৈছে বাণিজ্যিক ৰিজৰ্ট-লজৰ তুলনাত তেনেই কম খৰছ, পৰম্পৰাগত খাদ্য ব্যৱস্থা, ঘৰুৱা পৰিৱেশৰ ব্যৱস্থাপনা ইত্যাদি।

also read: ৰাজ্যত এনকাউণ্টাৰ, ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী। চিকিৎসাধীন আনোৱাৰ হুছেইন

এককথাত মানাহৰ এই হোমষ্টেসমূহত ইয়াৰ ৰিজৰ্ট-লজৰ লগত ফেৰ মাৰি পৰ্যটকৰ বাবে আধুনিক পৰ্যায়ৰ কোঠা-আচবাব, বাথৰুম-শৌচাগাৰ, ঠাণ্ডাপানী-গৰমপানী ইত্যাদি আনুসংগিক সকলো ব্যৱস্থাই উপলব্ধ কৰিছে। তদুপৰি হোমষ্টেসমূহৰ পৰা পৰ্যটন সম্বন্ধীয় জীপ ছাফাৰি, এলিফেণ্ট ছাফাৰি, ৰিভাৰ ৰাফ্টিং আদি কাৰ্যকলাপৰো ব্যৱস্থা কৰি দিয়া হয়। মূলতঃ প্ৰতিটো হোমষ্টেৰ গৰাকীৰে আজি নিজা-নিজা জীপচীৰ ব্যৱস্থা, জীপ ছাফাৰি সন্থাৰ লগত নীতি অনুসৰি পৰ্যটকক জীপ ছাফাৰিৰ ব্যৱস্থা কৰি দিয়া হয়। হোমষ্টেসমূহত আছে পৰ্যটকে নিজাকৈ ৰান্ধি-বাঢ়ি খোৱাৰ সুবিধা, বিভিন্ন হোমষ্টেত আছে WiFiৰ সুবিধা। আনহাতে পৰ্যটকৰ বাবে স্থানীয় জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক নৃত্য বিহু, বাগুৰুম্বা, ঝুমুৰ আদি প্ৰদৰ্শন, চাহ বাগিছাত পৰ্যটন, স্থানীয় গাঁওত পৰ্যটন আদিৰো ব্যৱস্থা আগবঢ়াই আহিছে হোমষ্টেসমূহে।

also read: অসমৰ সিংঘম, এতিয়া বিহাৰৰ বিধায়ক

যিহেতু স্থানীয় বাসিন্দাৰ ঘৰতে এই হোমষ্টেসমূহ অৱস্থিত, পৰ্যটকে অসমীয়া সমাজ জীৱনৰ খেতি-বাতি, শাল বোৱা-কটা, গৰু-ছাগলী, হাঁহ-কুকুৰা পালনৰ ব্যৱস্থা, ভিন্ন অসমীয়া উৎসৱ-পাৰ্ৱন, গ্ৰাম্য জীৱন আদিকে ধৰি ভিন্ন লোকাচাৰ উপভোগ কৰিও আপ্লুত হয়। মুঠৰ ওপৰত হোমষ্টেসমূহে এটা পৰিয়ালৰ প্ৰতিজন সদস্যৰ লগতে গাঁওৰে আন দহজনৰ জীৱিকাৰ বাট মুকলি কৰাৰ উপৰি গ্ৰাম্য পৰ্যটনৰ বিকাশত গ্ৰহণ কৰিছে উল্লেখনীয় ভূমিকা, উদ্যোগমুখী কৰিছে পৰ্যটন ব্যৱস্থাটোক। 

শালবাৰীৰ পৰা ৰূপক দাস, DY365

Advertisment
Advertisment