Advertisment

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ চুহান ৰহমান

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ চুহান ৰহমান। মৰিগাঁৱৰ মৰিমুছলমানগাঁৱৰ জিয়াউৰ ৰহমান আৰু চেহনাজ খানমৰ সুযোগ্য সন্তান চুহান ৰহমানে পাঞ্জাত দুটাকৈ সোণৰ পদক লাভ কৰি উজলি উঠে।

 আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ চুহান ৰহমান Photograph: (DY365)
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ চুহান ৰহমান Photograph: (DY365)

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ চুহান ৰহমান 


পাঞ্জাত দুটাকৈ সোণৰ পদক লাভ

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ চুহান ৰহমান। মৰিগাঁৱৰ মৰিমুছলমানগাঁৱৰ জিয়াউৰ ৰহমান আৰু চেহনাজ খানমৰ সুযোগ্য সন্তান চুহান ৰহমানে পাঞ্জাত দুটাকৈ সোণৰ পদক লাভ কৰি উজলি উঠে। আজাৰবাইজানত অনুষ্ঠিত হোৱা IFA WORLD ARM WRESTLING Championship ২০২৫ত সোণৰ পদক অৰ্জন কৰি সমগ্ৰ অসমৰ লগতে মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। চুহান ৰহমানৰ এই সফলতাত আনন্দত আত্মহাৰা হৈ পৰে পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী। 

Advertisment

Also Read: ছিংগাপুৰত হত্যা কৰা হৈছিল নেকি জুবিন গাৰ্গক ?

উল্লেখ্য যে, ২১ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ আজাৰৱাইজানৰ বাকুত অনুষ্ঠিত হোৱা পুৰুষৰ ৫৭ কেজি শাখাত সোণৰ পদক লাভ কৰে চুহান ৰহমানে। সোঁ আৰু বাওঁহাতৰ পাঞ্জাত দুটাকৈ সোণৰ পদক লাভ কৰে মৰিগাঁৱৰ যুৱকজনে। এই প্ৰতিযোগিতাত ৩৫খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।  

সোণৰ পদক অৰ্জন কৰি স্বগৃহত উপস্থিত হোৱাৰ পাছত মৰিগাঁওবাসীয়ে উষ্ম আদৰণি জনায় চুহান ৰহমানক। চুহান ৰহমানৰ সফলতাত অজস্ৰজনে জ্ঞাপন কৰে শুভেচ্ছা। মৰিগাঁৱত উপস্থিত হোৱাৰ লগে লগে চুহান ৰহমানক স্বগৃহলৈ আদৰি আনে গাঁওবাসীৰ লগতে জিলাখনৰ শতাধিক লোকে। 

Also Read: উভতি নহাৰ বাটেৰে চিৰদিনৰ বাবে গুচি গ’ল দীপক শৰ্মা

ভৱিষ্যতে অলিম্পিক পৰ্যায়ৰ খেলত প্ৰতিদ্বন্দ্বিতা কৰি সফলতা কঢ়িয়াই অনাৰ সপোন বুকুত বান্ধি ৰখাৰ কথা দোহাৰে চুহান ৰহমানে।

ইফালে চুহান ৰহমানৰ মাতৃ পুত্ৰৰ এই সফলতাত যথেষ্ট সুখী হৈ পৰা দেখা যায়। চুহানৰ মাতৃ চেহনাজ খানমে কয় যে, মাতৃ এগৰাকী বাবে সন্তানে যেতিয়া সমাজত স্বীকৃতি লাভ কৰে তাতকৈ আৰু সুখৰ কথা আৰু একো হ’ব নোৱাৰে। তেওঁ লগতে উল্লেখ কৰে যে, অভিভাৱকসকলে নিজৰ সন্তানৰ পঢ়া-শুনাৰ লগতে খেল হওক বা আন যি প্ৰতিভা আছে তাত আগুৱাই যোৱাত সহযোগ কৰিবলৈ অনুৰোধ জনাই।

Also Read: পৰ্যটকৰ বাবে ভাল খবৰ

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাঞ্জা খেলত দুটাকৈ সোণৰ পদক লাভ কৰি সফলতা কঢ়িয়াই অনা চুহান ৰহমাননৈ আমাৰ ফালৰ পৰাও থাকিল শুভকামান। 

Advertisment
Advertisment