Advertisment

চুপাৰ চানডেত ভাৰতৰ হাতত পুনৰ মুখঠেকেচা পাকিস্তানৰ

চুপাৰ চানডেৰ হাইভল্টেজ খেলত ভাৰতৰ হাতত আকৌ ধৰাশায়ী পাকিস্তান। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হাতত পুনৰ এবাৰ মুখঠেকেচা চিৰবৈৰী পাকিস্তানৰ। কলম্বোত অনুষ্ঠিত মহিলা বিশ্বকাপৰ হাইভল্টেজ খেলত ৮৮ ৰানৰ বৃহত ব্যৱধানত পৰাস্ত পাকিস্তান। 

 Filephoto

টীম ইণ্ডিয়াৰ বলিং বিক্ৰমত দিশহাৰা হৈ পৰে পাকিস্তানী বেটাৰ। ভাৰতীয় দলে বান্ধি দিয়া ২৪৮ ৰানৰ প্ৰত্যুত্তৰত ৪৩ অভাৰত ১৫৯ ৰানতে ইনিংছ সামৰে পাকিস্তানে। ক্ৰান্তী গৌৰে লাভ কৰে মেন অৱ দা মেচৰ সন্মান। 

টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় পাকিস্তানে। প্ৰথমে বেটিং কৰিবলৈ আহি ভাৰতে হাৰ্লিন দেউলৰ ৪৬, প্ৰতীকা ৰাৱালৰ ৩১, জেমিমাহ ৰড্ৰিগেছৰ ৩২ আৰু ৰিচা ঘোষৰ অপৰাজিত ৩৫ ৰানৰ বিস্ফোৰক ইনিংছৰ সহায়ত ৫০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৪৭ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ ডায়েনা বেইগে সৰ্বাধিক ৪টা, সাদিয়া ইকবাল আৰু অধিনায়ক ফাতিমা ছানাই ২টাকৈ উইকেট দখল কৰে।

প্ৰত্যুত্তৰত ২৪৮ ৰানৰ বিজয়লক্ষ্যৰে বেটিং কৰিবলৈ আহি পাকিস্তান দলে আৰম্ভণিতে বেটিং বিপৰ্যয়ৰ সম্মুখীন হয়। এটা সময়ত পাকিস্তান দলে ২৬ ৰানতে তিনিটাকৈ উইকেট হেৰুৱাই বিপদত পৰিছিল যদিও চতুৰ্থ উইকেটৰ যুঁটিত ছিদ্ৰা আমিন আৰু নাটালিয়া পাৰভেজে ৬৯ ৰান সংগ্ৰহ কৰি কিছু পৰিমানে দলৰ বিপৰ্যয় ৰোধ কৰে। পাকিস্তানৰ হৈ চিদ্ৰা আমিনে সৰ্বাধিক ৮১ ৰান সংগ্ৰহ কৰে যদিও দলক জয়ৰ দুৱাৰদলীত উপনীত কৰিব নোৱাৰিলে। ভাৰতৰ হৈ ক্ৰান্তি গৌৰ, দীপ্তি শৰ্মাই ৩টাকৈ আৰু স্নেহ ৰাণাই ২টা উইকেট দখল কৰে। চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে ক্ৰান্তি গৌৰ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হয়।