Advertisment

হাফ পেণ্ট পিন্ধি দৌৰাৰ বাবে সমালোচনা কৰা মামনি বেগমক লৈ গৌৰৱাম্বিত অঞ্চলবাসী

কনিষ্টবল চাকৰিৰ বাবে আবেদন কৰিছিল মামনিয়ে  চাকৰিত আবেদন কৰাৰ পাছৰে পৰা প্ৰতিদিনে শৰীৰ চৰ্চাৰ কৰাৰ লগতে দৌৰিছিল মামনিয়ে। দৌৰাৰ সময়ত হাফ পেণ্ট পৰিধান কৰিছিল মামনি বেগমে।হাফ পেণ্ট  পিন্ধি শৰীৰ চৰ্চা কৰাৰ বাবে বহুলোকৰ সমালোচনাৰো সন্মুখীন হৈছিল মামমি।

 হাফ পেণ্ট পিন্ধি দৌৰাৰ বাবে সমালোচনা কৰা  মামনি বেগমক লৈ গৌৰৱান্বিত অঞ্চলবাসী
হাফ পেণ্ট পিন্ধি দৌৰাৰ বাবে সমালোচনা কৰা মামনি বেগমক লৈ গৌৰৱান্বিত অঞ্চলবাসী

হাফ পেণ্ড পিন্ধি দৌৰাক লৈ সকলোৱে কৰিছিল সমালোচনা, আজি মামনিৰ সফলতাক গৌৰৱাম্বিত অঞলবাসী 

Advertisment

কৃষক পিতৃৰ কন্যা মামনি বেগমক লৈ আজি গৌৰৱাম্বিত পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী। আজি অসম আৰক্ষী আৰু সংশ্লিষ্ট বিভাগৰ কনিষ্টবল আৰু সমপৰ্যায়ৰ পদৰ চূড়ান্ত ফলাফল আজি পুৱা ১১:৩০ বজাত SLPRBৰ অফিচিয়েল ৱেবছাইট slprbassam.in ত ঘোষণা কৰা হয়। আৰু অসম আৰক্ষী আৰু সংশ্লিষ্ট বিভাগৰ কনিষ্টবল পদত নিযুক্তি লাভ কৰিছে মানকাচৰৰ মামনি বেগম।

read more: ৩ বছৰ বয়সতে পিতৃক হেৰুৱা দৰিদ্ৰ পৰিয়ালৰ পপীয়ে লাভ কৰিলে চৰকাৰী চাকৰি

অতি দৰিদ্ৰ পৰিয়ালৰ মামনি বেগমে এটা চৰকাৰী চাকৰি লাভৰ বাবে বহুদিনৰে পৰা চেষ্টা চলাই আহিছিল।  স্বচ্ছ নিকা ভাৱে চাকৰি লাভ কৰি অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে মামনি বেগমে। ২০২২ চনত  youtube আৰু ওচৰ-চুূবুৰীয়াৰ পৰা খবৰ লাভ কৰি কনিষ্টবল চাকৰিৰ বাবে আবেদন কৰিছিল মামনিয়ে  চাকৰিত আবেদন কৰাৰ পাছৰে পৰা প্ৰতিদিনে শৰীৰ চৰ্চাৰ কৰাৰ লগতে দৌৰিছিল মামনিয়ে।

read more:হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু প্ৰকৃত কাৰন কেতিয়া পোহৰলৈ আনিব SITএ ?

দৌৰাৰ সময়ত হাফ পেণ্ট পৰিধান কৰিছিল মামনি বেগমে।হাফ পেণ্ট  পিন্ধি শৰীৰ চৰ্চা কৰাৰ বাবে বহুলোকৰ সমালোচনাৰো সন্মুখীন হৈছিল মামমি। কিন্তু কাৰো কথালৈ কাণ নিদি  চাকৰিৰ বাবে একাগ্ৰতা আৰু বহু কষ্টৰে চেষ্টা অব্যাহত ৰাখিছিল মামনিয়ে। আৰু সেই কষ্টৰে মিঠা ফল লাভ কৰি অৱশেষত আজি সফলতা অৰ্জন কৰে মামনি বেগমে। 

read more:দেশৰ লাখ লাখ কৃষকলৈ বৃহৎ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ