Advertisment

৩ বছৰ বয়সতে পিতৃক হেৰুৱা দৰিদ্ৰ পৰিয়ালৰ পপীয়ে লাভ কৰিলে চৰকাৰী চাকৰি

কষ্টৰ ফল যে মিঠা সেই কথা প্ৰমাণ কৰিলে পুৰণিগুদামৰ মূঢ়ানী গাঁৱৰ প্ৰয়াত প্ৰশান্ত গায়ন আৰু মাতৃ বিনা গায়নৰ জীয়ৰী পপী গায়নে। আজি ঘোষণা হোৱা অসম আৰক্ষীৰ সংশ্লিষ্ট বিভাগৰ কনিষ্টবল পদত নিযুক্তি লাভ কৰিলে অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃহীন পপীয়ে।

 ৩ বছৰ বয়সতে পিতৃক হেৰুৱা দৰিদ্ৰ পৰিয়ালৰ পপীয়ে লাভ কৰিলে চৰকাৰী চাকৰি Photograph: (file photo)
৩ বছৰ বয়সতে পিতৃক হেৰুৱা দৰিদ্ৰ পৰিয়ালৰ পপীয়ে লাভ কৰিলে চৰকাৰী চাকৰি Photograph: (file photo)

যত্ন কৰিলে ৰত্ন পায়, ৩ বছৰ বয়সতে পিতৃক হেৰুৱা দৰিদ্ৰ পৰিয়ালৰ পপীয়ে লাভ কৰিলে চৰকাৰী চাকৰি...

Advertisment

কষ্টৰ ফল যে মিঠা সেই কথা প্ৰমাণ কৰিলে পুৰণিগুদামৰ মূঢ়ানী গাঁৱৰ প্ৰয়াত প্ৰশান্ত গায়ন আৰু মাতৃ বিনা গায়নৰ জীয়ৰী পপী গায়নে। আজি ঘোষণা হোৱা অসম আৰক্ষীৰ সংশ্লিষ্ট বিভাগৰ কনিষ্টবল পদত নিযুক্তি লাভ কৰিলে অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃহীন পপীয়ে। তিনি বছৰ বয়সতে অকালতে পিতৃক হেৰুৱা পপী আৰু বীনা গায়নে জীৱন সংগ্ৰাম কৰিব লগা হৈছিল অতি কষ্টৰে। পিতৃৰ বিয়োগৰ পিছত গৰু,ছাগলী পোহপালনেৰে পপী আৰু পৰিয়ালটোক অতি কষ্টৰে পোহপাল দিয়াৰ লগতে পপীৰ পঢ়া-শুনাৰ খৰছ বহন কৰিছিল মাতৃয়। বিউতিপাৰ্লাৰ এখনত কাম কৰি ঘৰৰখনক আৰ্থিকভাৱে সহায় কৰাৰ উপৰিও পপীয়ে বিগত কেইবাবছৰৰ পৰাই অসম আৰক্ষীৰ লগতে বিভিন্ন বিভাগত এটা চৰকাৰী চাকৰি লাভৰ বাবে চেষ্টা কৰি আহিছিল। 

আজি ঘোষণা হোৱা অসম আৰক্ষীৰ UB পদত  পপী গায়নে নিযুক্তি লাভ কৰাত উৎফুল্লিত হৈ পৰিছে মাতৃ বীনা গায়ন সহ সমগ্ৰ অঞ্চল। স্বচ্ছ আৰু নিকা ভাৱে অসম আৰক্ষীত নিযুক্তি পোৱাৰ পাছতেই আবেগিক হৈ পৰে মাতৃগৰাকী। স্বচ্ছ নিকা ভাৱে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতী সকলক নিযুক্তি দিয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অশেষ ধন্যবাদ জনাই মাতৃ বীনা গায়নে। পপী গায়নৰ এই সাফল্যৰ বাবেই মাতৃ গৰাকীয়ে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে পপীক কৰ্তব্যনিষ্ঠা, নিকা ভাবমূতিৰে, সুনাগৰিক হৈ আগবঢ়ি যাবলৈ আশীৰ্বাদ প্ৰদান কৰে। অসম আৰক্ষীত চাকৰি লাভ কৰিবলৈ পপীয়ে বহু কষ্ট কৰা বুলিও মন্তব্য কৰে মাতৃয়ে। 

অসম আৰক্ষী আৰু সংশ্লিষ্ট বিভাগৰ কনিষ্টবল (AB/UB) আৰু সমপৰ্যায়ৰ পদৰ চূড়ান্ত ফলাফল আজি  পুৱা ১১:৩০ বজাত SLPRBৰ অফিচিয়েল ৱেবছাইট slprbassam.in ত আপলোড কৰা হয়।