Assamese'জুবিনৰ সৈতে উঠা ফটোখন বন্ধাই গোসাঁইঘৰত থৈছো'...১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। জুবিন গাৰ্গ অবিহনেই প্ৰথমবাৰলৈ জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিব ৰাজ্যবাসীয়ে। জুবিন ক্ষেত্ৰত উপস্থিত হৈ অনুৰাগীয়ে ক'লে- 'জুবিন গাৰ্গ মোৰ ল’ৰাৰ নিচিনা'। 'জুবিনৰ সৈতে উঠা ফটোখন বন্ধাই গোসাঁইঘৰত থৈছো'।Mrinmoy Talukdar Nov 16, 2025 17:41 ISTFILEPHOTO'জুবিনৰ সৈতে উঠা ফটোখন বন্ধাই গোসাঁইঘৰত থৈছো'...মাজত মাত্ৰ এটা দিন। ১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। জুবিন গাৰ্গ অবিহনেই প্ৰথমবাৰলৈ জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিব ৰাজ্যবাসীয়ে। Advertismentমঙলবাৰে অসমবাসীয়ে উদযাপন কৰিব প্ৰাণৰ জুবিন গাৰ্গৰ জন্মদিন। প্ৰাণৰ শিল্পীজনৰ অবৰ্তমানত প্ৰথমবাৰলৈ জন্মদিন উদযাপন কৰিব ৰাজ্যবাসীয়ে। জুবিন গাৰ্গৰ জন্মদিনৰ উদযাপনৰ পূৰ্বে শোকত ম্ৰিয়মাণ হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী।ৰাজ্যত এতিয়া ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ জন্মদিনৰ প্ৰস্তুতি। অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত মঙলবাৰে উদযাপন কৰা হ’ব শিল্পীজনৰ জন্মদিন। স্বাভাৱিকতে আজিও শোকত ম্ৰিয়মাণ হৈ আছে সমগ্ৰ ৰাজ্য। ১৯ ছেপ্টেম্বৰৰ অভিশপ্ত দিনটোত ছিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লৈছিল প্ৰাণৰ শিল্পীগৰাকীয়ে। কিন্তু কি পৰিস্থিতিত আমি জুবিন গাৰ্গৰ দৰে এক সত্বাক, এক সম্পদক হেৰুৱাবলগীয়া হ'ল এতিয়া এতিয়াও এক ডাঙৰ প্ৰশ্নবোধক। জুবিন গাৰ্গৰ মৃত্যুৰ ৫৯ দিনৰ পিছতো আজি ৰাজ্যবাসীৰ চকুলো আঁতৰা নাই। ৰাজ্যবাসীৰ এটাই দাবী জুবিন গাৰ্গে ন্যায় পাব লাগিব। সকলোৱে সামাজিক মাধ্যমত লিখিছে #JusticeForZubeenGarg। কিন্তু তাৰ মাজতো মঙলবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে জুবিন গাৰ্গৰ জন্মদিন।আজি পুৱাৰে পৰা জুবিন গাৰ্গৰ সমাধিস্থল সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ সোঁত বৈছে অজস্ৰজনৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জুবিন ক্ষেত্ৰত উপস্থিত হৈছে হাজাৰ হাজাৰ লোক। আজিও জুবিন ক্ষেত্ৰত উপস্থিত হৈ আৱেগিক হৈ পৰিছে অনুৰাগীসকল। সমাধিস্থলত পুৱাৰে পৰা বন্তি প্ৰজ্বলন কৰি ঈশ্বৰ পুত্ৰলৈ শ্ৰদ্ধাঞ্জলি জনাইছে ৰাজ্যবাসীয়ে।জুবিন ক্ষেত্ৰত উপস্থিত হৈ কান্দি কান্দি এগৰাকী অনুৰাগীয়ে ক'লে- 'জুবিন গাৰ্গ মোৰ ল’ৰাৰ নিচিনা'। 'জুবিনৰ সৈতে উঠা ফটোখন বন্ধাই গোসাঁইঘৰত থৈছো'। Zubeen GargAdvertismentAdvertisment Read the Next Article