Advertisment

উদুলি-মুদুলি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ

পৱিত্ৰ কাতি মাহৰ আজি শেষৰটো দেওবাৰ। উদুলি-মুদুলি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পদূলি। আজি জনসমুদ্ৰত পৰিণত হৈছে তীৰ্থনগৰী হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰ৷ হাতত তুলসীৰ মালা লৈ মাধৱ মন্দিৰলৈ ভক্তৰ সোঁত বোৱা দেখা গ'ল।

 উদুলি-মুদুলি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ Photograph: (DY365)
উদুলি-মুদুলি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ Photograph: (DY365)

উদুলি-মুদুলি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ


মনোকামনা পূৰণৰ অৰ্থে অৰ্পণ কৰিলে তুলসীৰ মালা

পৱিত্ৰ কাতি মাহৰ আজি শেষৰটো দেওবাৰ। উদুলি-মুদুলি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পদূলি। আজি জনসমুদ্ৰত পৰিণত হৈছে তীৰ্থনগৰী হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰ৷ হাতত তুলসীৰ মালা লৈ মাধৱ মন্দিৰলৈ ভক্তৰ সোঁত বোৱা দেখা গ'ল। 

Advertisment

শ শ বছৰ ধৰি চলি অহা এক জনবিশ্বাস অনুসৰি পবিত্ৰ কাতি মাহত হয়গ্ৰীৱ মাধৱ মন্দিৰত তুলসী মালা দিলে মানুহৰ মনোকামনা পূৰ্ণ হয়। হয়গ্ৰীৱ মাধৱ মন্দিৰত তুলসীৰ মালা দিলে মনৰ ইচ্ছা পূৰণ হোৱাৰ লগতে নানান ধৰণৰ ৰোগ নিৰাময় হয় বুলি আছে জন বিশ্বাস। যাৰ বাবে আজি কাতি মাহৰ শেষৰটো দেওবাৰে তীৰ্থনগৰী হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত দেখা গ'ল অগণন লোকক। বিৰ দি বাট নোপোৱা এক পৰিৱেশে বিৰাজ কৰে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ চৌহদত। সকলোৱে হাতত তুলসীৰ মালা লৈ মন্দিৰত অৰ্পণ কৰাৰ ইচ্ছাৰে দীঘলীয়া শাৰী পাতি অৰ্পণ কৰিলে মালা। এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে হয়গ্ৰীৱ মাধৱ মন্দিৰত। 

Also Read: লামডিঙত বজৰং দলে ভাঙি লণ্ডভণ্ড কৰিলে মাদ্ৰাছা

উল্লেখ্য যে, ঋতু সলনিৰ লগে লগে মানুহৰ চকুত 'আচিনা' হ'লে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত যদি তুলসী মালাৰ দিয়াৰ কথা মনত ভাৱে তেতিয়া নাইকিয়া হৈ যায় 'আচিনা'। এই জনবিশ্বাসৰ আধাৰতে শ শ বছৰ ধৰি হয়গ্ৰীৱ মাধৱ মন্দিৰত কাতি মাহত চলি আহিছে তুলসী মালা দিয়া পৰ্ব৷ এইবাৰো তুলসীৰ মালা দিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তই ভিৰ কৰা দেখা গ'ল হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত। আজিৰ দিনটোত দেখা গ'ল বহু দেশী-বিদেশী পৰ্যটকক হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত। দেখা গ'ল তীৰ্থনগৰী হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত ভক্তৰ লানি নিছিগা সোঁত। 

Also Read: জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্ত্তিক লৈ ব্যাপক চৰ্চা

ইফালে ব্যস্ততাৰ মাজতো বিধায়িকা সুমন হৰিপ্ৰিয়াই আজি হয়গ্ৰীৱ মাধৱ মন্দিৰত ল'লে সেৱা। লগতে এই পবিত্ৰ কাতি মাহতেই ভক্ত সকলক হয়গ্ৰীৱ মাধৱলৈ বিধায়কগৰাকীয়ে জনালে আদৰণি।

Advertisment

অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত এক দেৱালয় হ'ল হয়গ্ৰীৱ মাধৱ মন্দিৰ। হাজোৰ মণিপৰ্বত নামৰ এটা টিলাৰ ওপৰত এই দেৱালয় অৱস্থিত। বিষ্ণুৰ এক অৱতাৰ 'হয়গ্ৰীৱ'ক ইয়াত পূজা-অৰ্চনা কৰা হয়।

Advertisment
Advertisment