Assameseলামডিঙত বজৰং দলে ভাঙি লণ্ডভণ্ড কৰিলে মাদ্ৰাছামাদ্ৰাছাক কেন্দ্ৰ কৰি লামডিঙত উত্তপ্ত পৰিস্থিতি। অবৈধভাৱে মাদ্ৰাছা চলাই কণ কণ শিক্ষাৰ্থীক আৰৱী শিক্ষাদানৰ অভিযোগ। ৰাইজ তথা বজৰং দলে মাদ্ৰাছা ভাঙি লণ্ডভণ্ড কৰাৰ লগতে লপাথপা দিলে ছেলিমউদ্দিন নামৰ ইমামজনক।Mrinmoy Talukdar Nov 16, 2025 16:53 ISTFILEPHOTOলামডিঙত বজৰং দলে ভাঙি লণ্ডভণ্ড কৰিলে মাদ্ৰাছামাদ্ৰাছাক কেন্দ্ৰ কৰি লামডিঙত উত্তপ্ত পৰিস্থিতি। অবৈধভাৱে মাদ্ৰাছা চলাই কণ কণ শিক্ষাৰ্থীক আৰৱী শিক্ষাদানৰ অভিযোগ। ৰাইজ তথা বজৰং দলে মাদ্ৰাছা ভাঙি লণ্ডভণ্ড কৰাৰ লগতে লপাথপা দিলে ছেলিমউদ্দিন নামৰ ইমামজনক। অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে ছেলিমউদ্দিনক। Advertismentএখন মাদ্ৰাছাক কেন্দ্ৰ কৰি লামডিঙৰ পাম্প ৰ'ড আমটিলাত উত্তপ্ত পৰিস্থিতি। মাদ্ৰাছাৰ ইমামৰ বিৰুদ্ধে অবৈধভাৱে মাদ্ৰাছা চলোৱাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজ তথা বজৰং দলৰ। অবৈধভাৱে মাদ্ৰাছাখনত কণ কণ শিক্ষাৰ্থীক আৰৱী শিক্ষাদানৰ অভিযোগ সংগঠনটোৰ। তাৰ পাছতে ৰাইজ তথা বজৰং দলে ভাঙি লণ্ডভণ্ড কৰিলে মাদ্ৰাছা খন। উল্লেখ্য যে স্থানীয় জনোৱা অনুসৰি হোজাইৰ ঢলপুখুৰীৰ নিৱাসী ছেলিমউদ্দিন নামৰ ইমাম জনে বিগত প্ৰায় ১টা ধৰি লামডিঙৰ আমটিলাত মাদ্ৰাছা শিক্ষা প্ৰদান কৰি আহিছে। কিন্তু ইমাম ছেলিমউদ্দিনৰ বিৰুদ্ধে অবৈধ ভাৱে মাদ্ৰাছা চলোৱাৰ অভিযোগ স্থানীয় ৰাইজ তথা আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদ তথা ৰাষ্ট্ৰী বজৰং দলৰ৷ স্থানীয় ৰাইজ তথা বজৰং দলৰ অভিযোগ যে অবৈধভাৱে মাদ্ৰাছা খনত কণ কণ শিক্ষাৰ্থীক আৰৱী শিক্ষাদান কৰা হৈছে। এই অভিযোগৰ পাছতে ৰাইজ তথা বজৰং দলে ভাঙি লণ্ডভণ্ড কৰিলে মাদ্ৰাছাখন। কেৱল মাদ্ৰাছাখন ভাঙি লণ্ডভণ্ড কৰাই নহয়, মাদ্ৰাছাখনৰ ইমাম ছেলিমউদ্দিনকো লপাথপা দিলে ৰাইজ তথা বজৰং দলে। আনহাতে ৰাইজ আৰু দল সংগঠনৰ অভিযোগ নস্যাত কৰি ছেলিমউদ্দিনে কয় যে- মাদ্ৰাছাখনত কণ কণ শিক্ষাৰ্থীক আৰৱী ভাষাৰ শিক্ষাদান কৰা নাই। কেৱল কণ কণ শিক্ষাৰ্থীসকলক আৰৱী ভাষা আৰু নামাজৰ টিউচন হে দিয়া হৈছে।AdvertismentAdvertisment Read the Next Article