Advertisment

জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্ত্তিক লৈ ব্যাপক চৰ্চা

অবিকল ৰূপত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্ত্তি। ভাস্কৰ্য  শিল্পী জ্যোতি শংকৰ ভট্টাচাৰ্য্যৰ এক ব্যতিক্ৰমী প্ৰয়াস। নিৰ্মীয়মান প্ৰতিমূৰ্ত্তিটোক লৈ চচিয়েল মিডিয়াটো ব্যাপক চৰ্চা।

 FILEPHOTO
FILEPHOTO

জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্ত্তিক লৈ ব্যাপক চৰ্চা

অবিকল ৰূপত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্ত্তি। ভাস্কৰ্য  শিল্পী জ্যোতি শংকৰ ভট্টাচাৰ্য্যৰ এক ব্যতিক্ৰমী প্ৰয়াস। নিৰ্মীয়মান প্ৰতিমূৰ্ত্তিটোক লৈ চচিয়েল মিডিয়াটো ব্যাপক চৰ্চা।

Advertisment

অবিকল ৰূপত নিৰ্মান কৰা জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্ত্তি। কাহিলীপাৰাৰ বাসগৃহত স্থাপন কৰা হব প্ৰতিমূৰ্ত্তিটো। জ্যোতি শংকৰ ভট্টাচাৰ্য্যৰ হাতৰ পৰশত প্ৰাণ পাই উঠা প্ৰতিমূৰ্ত্তিটোত লৈ চৌদিশে এতিয়া ব্যাপক চৰ্চা। 

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্ত্তমানত আজিও মৰ্মাহত প্ৰতিজন অসমীয়া। সকলোৱে মৰ্মে-মৰ্মে অনুভৱ কৰে আপোন শিল্পী গৰাকীৰ অনুপস্থিতিৰ কথা। কি দূৰ্গোৎসৱ কিম্বা ৰাস মহোৎসৱ সকলোতে একাজলি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হৈছে জুবিন গাৰ্গক। ইয়াৰ মাজতে আপোন শিল্পী গৰাকীৰ এটি প্ৰতিমূৰ্ত্তিয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। 

প্ৰতিমূৰ্ত্তিটো নিৰ্মাণ কৰিছে উদীয়মান ভাস্কৰ্য শিল্পী জ্যোতি শংকৰ ভট্টাচাৰ্যই। জ্যোতি শংকৰ ভট্টাচাৰ্যই জুবিন গাৰ্গক জীৱিত কালতেই এটা প্ৰতি মূৰ্ত্তি নিৰ্মাণৰ কথা জনাইছিল। কিন্তু জীৱিত কালত সম্ভৱ নহল সেয়া। নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পাছতে চাৰে তিনি ফুট উচ্চতাৰ প্ৰতিমূৰ্ত্তিটো প্ৰতিষ্ঠা কৰা হব জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত। বাসগৃহৰ চৌহদত জুবিন গাৰ্গে নিজেই ৰোপন কৰা বকুল জোপাৰ ওচৰতে স্থাপন কৰা হব প্ৰতিমূৰ্ত্তিটো। ভাস্কৰ্য শিল্পী জ্যোতি শংকৰ ভট্টাচাৰ্য্যৰ হাতৰ পৰশত প্ৰাণ পোৱা প্ৰতিমূৰ্ত্তিটোৰ ইতিমধ্যে ৭০ শতাংশ নিৰ্মাণ কাৰ্যৰ  শেষ হৈছে।

ভাস্কৰ্য শিল্পী জ্যোতি শংকৰ ভট্টাচাৰ্য্যৰ এয়া এক আশাসুধীয়া ফল। জুবিন গাৰ্গৰ প্ৰতি থকা তেওঁৰ অগাধ মৰম আৰু ভালপোৱাৰ বাবেই সম্পূৰ্ণ নিজা খৰছত নিৰ্মাণ কৰিছে প্ৰতিমূৰ্ত্তিটো। ইয়াৰ পূৰ্বে ৰাজ্যখনৰ কেইবা ঠাইটো জুবিন গাৰ্গৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰা হৈছে যদিও এই প্ৰতিমূৰ্ত্তিটোৰ নিপুণ নিৰ্মাণ শৈলীয়ে ইতিমধ্যে হৃদয় জিনিছে সকলোৰে। জুবিন গাৰ্গৰ ঘনিষ্ঠ মহলেও অবিকল ৰূপত প্ৰতিমূৰ্ত্তিটো প্ৰত্যক্ষ কৰি একেমুখে উচ্চ প্ৰশংসা কৰিছে উদীয়মান ভাস্কৰ্য শিল্পী গৰাকীক। এমাহ পূৰ্বৰ পৰাই প্ৰতিমূৰ্ত্তিটো নিৰ্মাণৰ কাম আৰম্ভ কৰি এতিয়া শেষ পৰ্যায়ত উপনিত হৈছে প্ৰতিমূৰ্ত্তিটোৰ নিৰ্মাণ কাৰ্য।

১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। জুবিন গাৰ্গ অবিহনেই অসমীয়াই প্ৰথমবাৰলৈ উদযাপন কৰিব জুবিন গাৰ্গৰ জন্মদিন। জুবিন গাৰ্গৰ জন্ম দিনৰ দিনাই মুকলি কৰা হব প্ৰতিমূৰ্ত্তিটো।

Advertisment
Advertisment