Advertisment

মনত দেশ সেৱাৰ অযুত সপোন। স্বপ্ন জীৱন আৱিষ্কাৰ কৰাৰ। মন্দিৰলৈ গৈ কেনেকৈ প্ৰাণ হেৰুৱালে চিলাপথাৰৰ নৌ সেনা জোৱান নৱনীলে?

মৃত্যুৱে যেন উত্তৰাখণ্ডলৈ হাত বাউলী মাতিছিল নৱনীল টায়েঙক। সমূদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ৩,৬০০ মিটাৰ উচ্চতাত থকা ৰুদ্ৰনাথ মন্দিৰৰ ট্ৰেকিঙলৈ গৈ শ্বাস-প্ৰশ্বাসজনিত ৰোগত প্ৰাণ হেৰুওৱা নৱনীলৰ কাহিনী এয়া।

 দেশমাতৃক সেৱা কৰিবলৈ যোৱা চিলাপথাৰৰ নৌ সেনাৰ জোৱানৰ কৰুণ মৃত্যু Photograph: (FILE PHOTO)
দেশমাতৃক সেৱা কৰিবলৈ যোৱা চিলাপথাৰৰ নৌ সেনাৰ জোৱানৰ কৰুণ মৃত্যু Photograph: (FILE PHOTO)

মৃত্যু চিৰ সত্য। কিন্তু এই মৃত্যু যেন সহ্যাতিত...

বুকুত অযুত সপোন আৰু আশা লৈ দেশমাতৃক সেৱা কৰিবলৈ ওলাই গৈছিল চিলাপথাৰৰ নৱনীল টায়েঙ। নৱনীল টায়েঙৰ বয়স ৩০ বছৰ। ভাৰতীয় নৌ সেনাত কৰ্মৰত জোৱান নৱনীল টায়েঙ কৰ্মসূত্ৰে থাকে কলকাতাত। ২০১৮ চনত ভাৰতীয় নৌ সেনাত যোগদান কৰিছিল নৱনীল টায়েঙে। 

Advertisment

পাঁচদিন পূৰ্বে উত্তৰাখণ্ড ভ্ৰমণলৈ গৈছিল নৱনীল টায়েঙ। মৃত্যুৱে যেন উত্তৰাখণ্ডলৈ হাত বাউলী মাতিছিল নৱনীল টায়েঙক। উত্তৰাখণ্ডৰ সু-উচ্চ পৰ্বতত থকা এটা মন্দিৰত ট্ৰেকিং কৰিবলৈ বুলি ওলাই গৈছিল নৌ-সেনা জোৱানগৰাকী।

সমূদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ৩,৬০০ মিটাৰ উচ্চতাত থকা ৰুদ্ৰনাথ মন্দিৰৰ ট্ৰেকিঙলৈ গৈ উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ কৰে নৱনীল টায়েঙে। ট্ৰেকিঙলৈ যোৱাৰ সময়তেই শ্বাস-প্ৰশ্বাসত কষ্ট পাইছিল নৱনীলে। যিহেতু ৰুদ্ৰনাথ মন্দিৰ দৰ্শন কৰিবলৈ পাহাৰ বগা যাব লাগে। মন্দিৰলৈ গাড়ী-মটৰ লৈ যোৱাতো সম্ভৱ নহয়, সেইবাবে  স্বাস্থ্যৰ অৱনতি ঘটাত হাস্পতাললৈ STRETCHERৰে আনিব লগা হৈছিল নৱনীল নামৰ সেনা জোৱানজনক।

হাস্পতাল আহি পোৱাত পলম হোৱাৰ লগতে চিকিৎসাৰ অভাৱত ভাৰতীয় সেনা জোৱানজনে মৃত্যুক আকোৱালি লয়। ইফালে ট্ৰেকিঙলৈ অকলে গৈছিল নৱনীল টায়েং। স্থানীয় লোক আৰু পুলিচ প্ৰশাসনৰ সহযোগত নৱনীলক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল লগতে এই সন্দৰ্ভত পৰিয়ালৰ লোককো অৱগত কৰা হৈছিল। নৌ সেনা জোৱান নৱনীল টায়েঙৰ আকস্মিত মৃত্যুত শোকৰ ছাঁ পেলাইছে চিলাপথাৰৰ দিমৌ অঞ্চলত।

চিলাপথাৰৰ ডনবস্কৰ পৰা মেট্ৰিক আৰু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ ৮ বছৰৰ আগতে নৌ সেনাত ভৰ্তি হৈছিল অকালতে জীৱন হেৰুওৱা  ভাৰতীয় নৌ সেনা জোৱান নৱনীল টায়েঙ। ট্ৰেকিং কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটি লোৱা অবিবাহিত যুৱকজনৰ আকস্মিক মৃত্যুত কান্দোনৰ ৰোল উঠিছে সমগ্ৰ অঞ্চলটোত।

আজি মোহনবাৰী বিমান বন্দৰৰ পৰা যুৱকজনৰ মৃতদেহ আহি বাসভৱনত উপস্থিত হোৱা লগে লগে ঘৰখনত অজস্ৰ লোকে জনাই শ্ৰদ্ধাঞ্জলি।  অগনন ৰাইজৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয় সেনা জোৱান নৱনীলৰ।