Assameseযোৰহাটৰ বিশিষ্ট সমাজসেৱক ভৱ গোস্বামীলৈ 'ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা'যোৰহাটৰ সুসন্তান, বিশিষ্ট সমাজসেৱক তথা অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ভৱ গোস্বামীলৈ নগাঁও জিলা সত্ৰ মহাসভাৰ 'ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা'।Naba Gogoi Nov 16, 2025 12:01 ISTগুৱাহাটী, ১৬ নৱেম্বৰঃযোৰহাটৰ সুসন্তান, বিশিষ্ট সমাজসেৱক তথা অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ভৱ গোস্বামীলৈ ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা। নগাঁও জিলা সত্ৰ মহাসভাই ভৱ গোস্বামীলৈ প্ৰদান কৰে 'ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা'। AdvertismentALSO READ: অসমৰ সিংঘম, এতিয়া বিহাৰৰ বিধায়কসুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ একান্ত আগ্ৰহত বিগত ২০০০ চনৰ ১৫ নবেম্বৰত অসমৰ সত্ৰীয়া সংস্কৃতিয়ে লাভ কৰিছিল ৰাষ্ট্ৰীয় স্বীকৃতি৷ উক্ত স্বীকৃতিৰ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে নগাঁও জিলা সত্ৰ মহাসভাৰ উদ্যোগত পুৰণিগুদাম কঢ়ালীগাঁওত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় সত্ৰীয়া সংস্কৃতি দিৱস। পুৱা ভাগৰে পৰা অসম সত্ৰ মহাসভাৰ ধ্বজা উত্তোলন পৰৱৰ্তী সময়ত ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তিপ্ৰজ্বলনেৰে শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে জুবিন গাৰ্গৰ প্ৰিয় বৃক্ষ নাহৰ গছৰ পুলি ৰোপণ কৰে অসম সত্ৰ মহাসভাৰ বিষয়-ববীয়াই। আনহাতে যোৰহাটৰ সুসন্তান, বিশিষ্ট সমাজসেৱক তথা অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ভৱ গোস্বামীক অনুষ্ঠানৰ তৰফৰ পৰা এখন চেলেং, গামোচা, এটি স্মাৰক, এখন গ্ৰন্থ, সম্বৰ্দ্ধনা পত্ৰ আৰু নগদ ২০ হাজাৰ টকাৰ সৈতে প্ৰদান কৰা হয় 'ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা'। ALSO READ: ৰাজ্যত এনকাউণ্টাৰ, ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী। চিকিৎসাধীন আনোৱাৰ হুছেইননগাঁও জিলা সত্ৰ মহাসভাৰ উদ্যোগত অনুষ্ঠিত সত্ৰীয়া সংস্কৃতিৰ দিৱসৰ অনুষ্ঠানৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু অসম সত্ৰ মহাসভাৰ মুখপাত্ৰ তথা বিশ্বনাথ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তাৰানাথ মহন্ত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷ নগাঁও জিলা সত্ৰ মহাসভাৰ উদ্যোগত আয়োজিত সত্ৰীয়া সংস্কৃতি দিৱসৰ বৰ্ণাঢ্য কাৰ্য্যক্ৰমণিকাত বৰগীত, কৃষ্ণ নৃত্য, সত্ৰীয়া নৃত্যকে ধৰি বিভিন্ন কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হয়।চামগুৰিৰ পৰা হেমন্ত শইকীয়া DY365AdvertismentAdvertisment Read the Next Article