Advertisment

যোৰহাটলৈ জুবিন গাৰ্গৰ নশ্বৰদেহ কঢ়িওৱা কফিন আৰু চিতাভস্ম

১৯ ছেপ্তেম্বৰৰ দিনটো অভিশপ্ত হৈ আহিছিল প্ৰতিজন অসময়ীৰ বাবে। এটা খবৰতেই সৰগ খহি পৰিছিল প্ৰতিজন অসমীয়াৰ মূৰত। স্তব্ধ হৈ পৰিছিল অসমৰ জনজীৱন। কাৰণ এই দিনটোতে আমাক নিথৰুৱা কৰি অজান দেশলৈ গুছি গৈছিল আমাৰ স্বাভিমান আমাৰ মৰমৰ জুবিন গাৰ্গ। 

 FILEPHOTO
FILEPHOTO

যোৰহাটলৈ জুবিন গাৰ্গৰ নশ্বৰদেহ কঢ়িওৱা কফিন আৰু চিতাভস্ম

১৯ ছেপ্তেম্বৰৰ দিনটো অভিশপ্ত হৈ আহিছিল প্ৰতিজন অসময়ীৰ বাবে। এটা খবৰতেই সৰগ খহি পৰিছিল প্ৰতিজন অসমীয়াৰ মূৰত। স্তব্ধ হৈ পৰিছিল অসমৰ জনজীৱন। প্ৰতিজন অসমীয়াই বিচাৰিছিল খবৰটো যেন মিছা হওক। কাৰণ এই দিনটোতে আমাক নিথৰুৱা কৰি অজান দেশলৈ গুছি গৈছিল আমাৰ স্বাভিমান আমাৰ মৰমৰ জুবিন গাৰ্গ। 

Advertisment

কিন্তু মৃত্যু জানো মিছা হ'ব পাৰে? হাঁহি-স্ফূৰ্তিৰে ছিংগাপুৰলৈ যোৱা জুবিন গাৰ্গ উভতি আহিল নিথৰ দেহ হৈ কফিনৰ ভিতৰত। সৰুসজাইত লাখ লাখ গুণমুগ্ধ আৰু অনুৰাগীয়ে শেষ শ্ৰদ্ধা জনালে প্ৰাণৰ শিল্পীগৰাকীক। 

জুবিন গাৰ্গবিহীন আদি ১২টা দিন। যোৰহাটত আয়োজন কৰা হৈছে জুবিন গাৰ্গৰ মাংগলিক অনুষ্ঠান। সম্পূৰ্ণ মাংগলিক ৰীতি-নীতিৰে আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ। ইতিমধ্যে যোৰহাটলৈ নিয়া হৈছে জুবিন গাৰ্গৰ নশ্বৰদেহ কঢ়িওৱা কফিন। প্ৰশাসনে কাহিলীপাৰাৰ পৰা লৈ গৈছে কফিনসহ আন যাৱতীয় সামগ্ৰীসমূহ। যোৰহাটলৈ নিয়া হ’ব জুবিন গাৰ্গৰ চিতাভস্মও। 


আজি বিয়লিভাগলৈ যোৰহাট অভিমুখে ৰাওনা হ’ব গৰিমা শইকীয়া গাৰ্গসহ পৰিয়াল। পৰিয়ালটোক যোৰহাটলৈ যোৱাৰ বাবে সকলো ব্যৱস্থা কৰিছে চৰকাৰে। 

কিন্তু অসমবাসীৰ মনত এটাই প্ৰশ্ন কেতিয়া ন্যায় পাব জুবিন গাৰ্গে? জুবিন গাৰ্গৰ মৃত্য়ুৰ তদন্ত আৰু ন্যায়ৰ দাবীৰে ইতিমধ্যে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰত থকা প্ৰতিজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। কি কাৰণত দুবিন গাৰ্গৰ মৃত্যু হ'ল আৰু ছিংগাপুৰৰ সেই ৰহস্যজনক দ্বীপটোলৈ কি কাৰণত জুবিন গাৰ্গক লৈ গৈছিল আৰু ভাগৰুৱা জুবিন গাৰ্গক কিয় পানীত সাতুৰিবলৈ দিছিল প্ৰতিটো কথাই মই জানিব লাগিব বুলি সংবাদমাধ্যমযোগে মন্তব্য কৰিছে হাৰ্টথ্ৰৱৰ পত্নী গৰিমা শইকীয়া গাৰ্গে।