Advertisment

আজি আৰক্ষীৰ স্মৃতি দিৱস

আজি আৰক্ষীৰ স্মৃতি দিৱস। ১৯৫৯ চনৰ ২১ অক্টোবৰত লাডাখৰ হট স্প্ৰিংছত অস্ত্ৰধাৰী চীনা সৈন্যৰ আক্ৰমণত ১০জন সাহসী আৰক্ষীয়ে প্ৰাণ আহুতি দিছিল। তেতিয়াৰ পৰাই বীৰ জোৱানকেইজনৰ স্মৃতিত প্ৰতিবছৰে ২১ অক্টোবৰৰ দিনটো আৰক্ষীৰ স্মৃতি দিৱস হিচাপে পালন কৰা হয়।

 আজি আৰক্ষীৰ স্মৃতি দিৱস Photograph: (DY365)
আজি আৰক্ষীৰ স্মৃতি দিৱস Photograph: (DY365)

আজি আৰক্ষীৰ স্মৃতি দিৱস


বীৰ শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

আজি আৰক্ষীৰ স্মৃতি দিৱস। ১৯৫৯ চনৰ ২১ অক্টোবৰত লাডাখৰ হট স্প্ৰিংছত অস্ত্ৰধাৰী চীনা সৈন্যৰ আক্ৰমণত ১০জন সাহসী আৰক্ষীয়ে প্ৰাণ আহুতি দিছিল। তেতিয়াৰ পৰাই বীৰ জোৱানকেইজনৰ স্মৃতিত প্ৰতিবছৰে ২১ অক্টোবৰৰ দিনটো আৰক্ষীৰ স্মৃতি দিৱস হিচাপে পালন কৰা হয়। দেশক সুৰক্ষা দিবলৈ গৈ তেওঁলোকে দিছিল প্ৰাণ আহুতি। একেসময়তে আৰক্ষীৰ আন বীৰ জোৱানসকললৈয়ো জনোৱা হয় শ্ৰদ্ধাঞ্জলি। 

Advertisment

Also Read: আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১৩জনকৈ ভুৱা চিকিৎসক

সমগ্ৰ দেশজুৰি আজিৰ দিনটোত আৰক্ষীয়ে আৰক্ষীৰ স্মৃতি দিৱস পালন কৰে। বীৰ শ্বহীদ জোৱানলৈ জনোৱা হয় শ্ৰদ্ধাঞ্জলি। অসম আৰক্ষীয়ে কাহিলীপাৰাৰ আৰক্ষী ছাউনীত আয়োজন কৰে পেৰেড। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গ্ৰহণ কৰে অভিবাদন। DGP হৰমিত্‍ সিঙসহ সমূহ শীৰ্ষ বিষয়া উপস্থিত থাকে এই দিৱসত। 

Also Read: জালাবস্তিয়ে লাভ কৰিলে প্ৰথমজন চৰকাৰী চাকৰিয়াল

দেশ তথা ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো আজি আৰক্ষীৰ স্মৃতি দিৱস পালন কৰা হয়। হাটশিঙিমাৰীস্থিত জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত পালন কৰা এই আৰক্ষী স্মৃতি দিৱস। 

আৰক্ষী স্মৃতি দিৱসৰ কাৰ্যসূচীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰেন টকবী, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাৱ দাস, ডি এছ পি চন্দ্ৰ কান্ত কলিতা আৰু ডি এছ পি ইছলাম উদ্দিনৰ লগতে জিলা আৰক্ষীৰ কনিষ্টবলসকল উপস্থিত থাকে।  

Also Read: পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান

যোৱা বছৰৰ পৰা এতিয়ালৈ দেশৰ বাবে প্ৰাণ আহুতি দিয়া ১৯১গৰাকী বীৰ শ্বহীদক আজিৰ আৰক্ষী স্মৃতি দিৱসত স্মৰণ কৰা হয়। এই উপলক্ষে শ্বহীদ বেদীত বীৰ শ্বহীদ সকলক শ্ৰদ্ধা আৰু প্ৰণাম জনাই আৰক্ষীৰ স্মৃতী দিৱস কাৰ্যসূচী ৰূপায়ণ কৰা হয়।