Assameseনিৰ্লজ্জ পাকিস্তান! ভয়ংকৰ আক্ৰমণত ৩ ক্ৰিকেটাৰৰ কৰুণ মৃত্যুযুদ্ধবিৰতি চুক্তি উলংঘা পাকিস্তানৰ। যুদ্ধবিৰতি উলংঘা কৰি আফগানিস্তানৰ পাক্তিকাত ভয়ংকৰ বিমান আক্ৰমণ চলায় পাকিস্তানে। পাকিস্তানৰ এই বিমান আক্ৰমণত তিনিজন আফগান ক্ৰিকেটাৰসহ ৮ জন লোক নিহত হোৱাৰ লগতে আন ৭ জন আহত হৈছে।Mrinmoy Talukdar Oct 18, 2025 17:39 ISTFilephotoনিৰ্লজ্জ পাকিস্তান! ভয়ংকৰ আক্ৰমণত ৩ ক্ৰিকেটাৰৰ কৰুণ মৃত্যুযুদ্ধবিৰতি চুক্তি উলংঘা পাকিস্তানৰ। যুদ্ধবিৰতি উলংঘা কৰি আফগানিস্তানৰ পাক্তিকাত ভয়ংকৰ বিমান আক্ৰমণ চলায় পাকিস্তানে। পাকিস্তানৰ এই বিমান আক্ৰমণত তিনিজন আফগান ক্ৰিকেটাৰসহ ৮ জন লোক নিহত হোৱাৰ লগতে আন ৭ জন আহত হৈছে। দুয়োখন দেশৰ মাজত ৪৮ ঘণ্টাৰ বাবে যুদ্ধবিৰতি হৈছিল যদিও যুদ্ধবিৰতিৰ মাজতে শুকুৰবাৰে নিশা আফগানিস্তানত পুনৰ আক্ৰমণ কৰে পাকিস্তানে। Advertismentআফগানিস্তানৰ পাক্তিকা প্ৰদেশৰ তিনিটা স্থানত পাকিস্তানৰ বোমা বিস্ফোৰণ। চলিত সপ্তাহৰ আৰম্ভণিতে পাকিস্তানে আফগানিস্তানত অতৰ্কিতে আক্ৰমণ চলোৱাৰ পিছতে দুয়োদেশৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। এইপৰ্যন্ত আক্ৰমণ-প্ৰত্যাক্ৰমণত দুয়োখন দেশৰ বহু লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে। শুকুৰবাৰে নিশা আফগানিস্তানত পাকিস্তানে কৰা আক্ৰমণৰ পাছতে ৩জন ক্ৰিকেটাৰসহ ৮জন লোক নিহত হোৱাৰ খবৰ নিশ্চিত কৰিছে আফগান প্ৰশাসনে। আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে ক্ৰিকেটাৰ কেইগৰাকীৰ মৃত্যুৰ বিষয়ে প্ৰকাশ কৰি শোক প্ৰকাশ কৰিছে। নিহত ক্ৰিকেটাৰকেইগৰাকী এক ক্ৰিকেট প্ৰতিযোগিতাত খেলাৰ উদ্দেশ্যেৰে উৰ্গুনৰ পৰা সাৰানা ভ্ৰমণ কৰিছিল।আফগানিস্তানৰ জ্যেষ্ঠ ক্ৰিকেটাৰ মহম্মদ নবীয়ে নিজৰ ফেচবুকত লিখিছে, "পাক্তিকা প্ৰদেশত পাকিস্তানী সেনাৰ আক্ৰমণত মৃত্যু হোৱা খেলুৱৈৰ মৃত্যুৰ খবৰ শুনাটো মোৰ বাবে অত্যন্ত বেদনাদায়ক। কেৱল পাক্তিকাৰ বাবেই নহয়, সমগ্ৰ আফগান ক্ৰিকেট পৰিয়াল আৰু দেশৰ বাবেও এই খবৰটো দুখজনক। আক্ৰমণত নিহত খেলুৱৈসকলৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো।"ক্ৰিকেটাৰ গুলবাদিন নাইবেও লিখিছে , পাক্তিকাত নিৰীহ সাধাৰণ নাগৰিক আৰু সহযোগী ক্ৰিকেটাৰ শ্বহীদ হোৱা কাপুৰুষীয়া সামৰিক আক্ৰমণত আমি গভীৰভাৱে দুখী। পাকিস্তানী সেনাৰ এই নিষ্ঠুৰ কাম আমাৰ জনসাধাৰণ, গৌৰৱ, আৰু স্বাধীনতাৰ ওপৰত আক্ৰমণ। কিন্তু ই কেতিয়াও আমাৰ আফগান মনোভাৱ ভাঙিব নোৱাৰে।আফগানিস্তানৰ অধিনায়ক ৰছিদ খানে পাকিস্তানক তীব্ৰ সমালোচনা কৰি বিমান আক্ৰমণত তিনিজন স্থানীয় ক্ৰিকেটাৰৰ মৃত্যুক সম্পূৰ্ণ অনৈতিক আৰু বৰ্বৰ বুলি অভিহিত কৰিছে। উল্লেখ্য যে আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। এই শোকাৱহ ঘটনাৰ পাছতে নৱেম্বৰৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া পাকিস্তানৰ সৈতে আগন্তুক ত্ৰিকোণীয় টি-২০ শৃংখলাত অংশগ্ৰহণ নকৰাৰ কথা স্পষ্ট কৰিছে আফগানিস্তান ক্ৰিকেট বোৰ্ডে। Read the Next Article